--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বজালীৰ উজান বৰবৰী গাঁৱৰ প্ৰাণজিৎ দাস আৰু বনজিৎ দাসে ‘Apollo Plus’ নামৰ বিশুদ্ধ খোৱা পানীৰ উদ্যোগ স্থাপন কৰি বাছি লৈছে স্বাৱলম্বিতাৰ পথ। দুই ভাতৃৰ এই সফলতাত এতিয়া উৎফুল্লিত গাঁওবাসী।

ডিজিটেল ডেস্ক: চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি নিজেই উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বজালীৰ দুই ভাতৃয়ে। নিজৰ ঘৰতে খোৱা পানীৰ উদ্যোগ স্থাপন কৰি কেৱল নিজৰ কৰ্মসংস্থাপনৰ পথেই মুকলি কৰা নাই, বৰঞ্চ গাঁওখনৰ আন লোকৰ বাবেও কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে দুই ভাতৃয়ে।


বজালীৰ উজান বৰবৰী গাঁৱৰ প্ৰাণজিৎ দাস আৰু বনজিৎ দাসে ‘Apollo Plus’ নামৰ বিশুদ্ধ খোৱা পানীৰ উদ্যোগ স্থাপন কৰি বাছি লৈছে স্বাৱলম্বিতাৰ পথ। দুই ভাতৃৰ এই সফলতাত এতিয়া উৎফুল্লিত গাঁওবাসী।


জানিব পৰা মতে, জিলা উদ্যোগ কেন্দ্ৰ অৰ্থাৎ DIC-ৰ জৰিয়তে ঋণ গ্ৰহণ কৰি নিজ গৃহতে স্থাপন কৰিছে এই খোৱা পানীৰ উদ্যোগটো।


চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি নিজৰ কৰ্মসংস্থাপনৰ পথ নিজেই সৃষ্টি কৰাৰ লগতে আনকো সংস্থাপনৰ সুযোগ প্ৰদান কৰি আদৰ্শ দাঙি ধৰিছে দুই ভাতৃয়ে। এই উদ্যোগৰ বাবেই ১৫-১৬টা পৰিয়াল সুন্দৰকৈ চলি আছে। 


তেওঁলোকৰ এই পদক্ষেপে গাঁওবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে নৱপ্ৰজন্মৰ বাবেও এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।


ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু সঠিক পৰিকল্পনা থাকিলে নিজৰ গৃহৰ পৰাই আৰম্ভ কৰিব পাৰি এক সফল উদ্যোগ। বজালীৰ দুই ভাতৃৰ এই প্ৰচেষ্টাই পুনৰ এবাৰ প্ৰমাণ কৰিছে যে আত্মনিৰ্ভৰশীলতাৰ জৰিয়তে নিজৰ লগতে আনৰ বাবেও সৃষ্টি কৰিব পাৰি কৰ্মসংস্থাপনৰ নতুন পথ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী