--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো অভিযুক্ত দুয়ো ৬-৭ ঘণ্টা ঘৰটোৰ ভিতৰতে আছিল। তেওঁলোকে তাত খাদ্য গ্ৰহণ কৰে, গা ধোৱে আৰু ‘য়াৱা’ নামৰ এক প্ৰকাৰৰ মাৰাত্মক ড্ৰাগছ সেৱন কৰে।

ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰংপুৰ চহৰত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। চহৰখনৰ মাছুৱাপাৰা অঞ্চলত এটা হিন্দু পৰিয়ালৰ চাৰিজন সদস্যক নিৰ্মমভাৱে হত্যা কৰা হৈছে। এই ঘটনা সন্দৰ্ভত পুলিচে সফলতা লাভ কৰি ২৩ বছৰীয়া সিদ্ধাৰ্থ দাস আৰু ১৯ বছৰীয়া মুগ্ধ দাস নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।


প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো অভিযুক্ত দুয়ো ৬-৭ ঘণ্টা ঘৰটোৰ ভিতৰতে আছিল। তেওঁলোকে তাত খাদ্য গ্ৰহণ কৰে, গা ধোৱে আৰু ‘য়াৱা’ নামৰ এক প্ৰকাৰৰ মাৰাত্মক ড্ৰাগছ সেৱন কৰে।


হত্যাৰ বলি হোৱা লোককেইজন ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তী, প্ৰীতিলতা চক্ৰৱৰ্তী (পত্নী), আগমনী চক্ৰৱৰ্তী (কন্যা) আৰু প্ৰিয়ম চক্ৰৱৰ্তী (পুত্ৰ)।


আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা ২০ আগষ্টৰ নিশা এই হত্যাকাণ্ড সংঘটিত হৈছিল। অৱশ্যে ২২ আগষ্টৰ নিশা পলমকৈহে মৃতদেহবোৰ উদ্ধাৰ কৰা হয়। পৰিয়ালৰ লোকসকলৰ সৈতে যোগাযোগ বিছিন্ন হোৱাৰ পিছত আত্মীয়সকলে পুলিচক অৱগত কৰিছিল। ঘৰৰ মূল দুৱাৰখন বন্ধ আছিল।


ৰংপুৰ মহানগৰ পুলিচ আয়ুক্ত মহম্মদ আব্দুল মবুদে জনোৱা মতে, অভিযুক্ত সিদ্ধাৰ্থ দাস আৰু মুগ্ধ দাস দুয়ো গণপতি চক্ৰৱৰ্তীৰ ঘৰৰ চাদলৈ উঠি আহিছিল আৰু তাত তেওঁলোকে ড্ৰাগছ সেৱন কৰি আছিল। দুয়োজন অভিযুক্ত পৰিয়ালটোৰ চিনাকি আছিল। শব্দ শুনি গণপতি ছাদৰ ওপৰলৈ আহে আৰু তেওঁলোকক ড্ৰাগছ সেৱন কৰাত বাধা দিয়ে। ইয়াকে লৈ তেওঁলোকৰ মাজত তৰ্কাতৰ্কি লাগে। ইয়াৰ পাছতে দুই অভিযুক্তই গণপতিক কাপোৰেৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত পত্নী প্ৰীতিলতা ওপৰলৈ অহাত চিৰিৰ কাষতে তেওঁকো হত্যা কৰা হয়। পৰিয়ালৰ কন্যা আৰু পুত্ৰকো একেদৰে হত্যা কৰা হয়। পুত্ৰ প্ৰিয়মৰ মৃতদেহ ঘৰৰ ভিতৰত বিছনাৰ তলৰ পৰা উদ্ধাৰ কৰা হয়।


হত্যাৰ পিছত অভিযুক্তই ততাতৈয়াকৈ পলাই নোযোৱাৰ বিপৰীতে গোটেই ৰাতিটো ঘৰৰ ভিতৰতে কটায় আৰু কোঠাৰ ভিতৰত ড্ৰাগছ সেৱন কৰে যি ড্ৰাগছ তেওঁলোকে ছাদৰ ওপৰত সেৱন কৰি আছিল। পৰিয়ালটোৰ ম’বাইল ফোনসমূহৰ পৰা নিজৰ পৰিচয়ৰ চিন লুকুৱাবলৈ ডিটাৰজেণ্ট পাউদাৰ মিহলোৱা পানীত ডুবাই ৰাখিছিল বুলি পুলিচে সন্দেহ কৰিছে।


ঘটনাটো লুণ্ঠন বা ডকাইতিৰ ফলত হোৱা বুলি ভুৱা প্ৰতিপন্ন কৰিবলৈ অভিযুক্তই ঘৰৰ সামগ্ৰীসমূহ সিঁচৰতি কৰি পেলাইছিল। অৱশ্যে পুলিচে তদন্ত চলাই দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাক লৈ বাংলাদেশৰ ৰংপুৰ চহৰত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী