ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰংপুৰ চহৰত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। চহৰখনৰ মাছুৱাপাৰা অঞ্চলত এটা হিন্দু পৰিয়ালৰ চাৰিজন সদস্যক নিৰ্মমভাৱে হত্যা কৰা হৈছে। এই ঘটনা সন্দৰ্ভত পুলিচে সফলতা লাভ কৰি ২৩ বছৰীয়া সিদ্ধাৰ্থ দাস আৰু ১৯ বছৰীয়া মুগ্ধ দাস নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো অভিযুক্ত দুয়ো ৬-৭ ঘণ্টা ঘৰটোৰ ভিতৰতে আছিল। তেওঁলোকে তাত খাদ্য গ্ৰহণ কৰে, গা ধোৱে আৰু ‘য়াৱা’ নামৰ এক প্ৰকাৰৰ মাৰাত্মক ড্ৰাগছ সেৱন কৰে।
হত্যাৰ বলি হোৱা লোককেইজন ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তী, প্ৰীতিলতা চক্ৰৱৰ্তী (পত্নী), আগমনী চক্ৰৱৰ্তী (কন্যা) আৰু প্ৰিয়ম চক্ৰৱৰ্তী (পুত্ৰ)।
আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা ২০ আগষ্টৰ নিশা এই হত্যাকাণ্ড সংঘটিত হৈছিল। অৱশ্যে ২২ আগষ্টৰ নিশা পলমকৈহে মৃতদেহবোৰ উদ্ধাৰ কৰা হয়। পৰিয়ালৰ লোকসকলৰ সৈতে যোগাযোগ বিছিন্ন হোৱাৰ পিছত আত্মীয়সকলে পুলিচক অৱগত কৰিছিল। ঘৰৰ মূল দুৱাৰখন বন্ধ আছিল।
ৰংপুৰ মহানগৰ পুলিচ আয়ুক্ত মহম্মদ আব্দুল মবুদে জনোৱা মতে, অভিযুক্ত সিদ্ধাৰ্থ দাস আৰু মুগ্ধ দাস দুয়ো গণপতি চক্ৰৱৰ্তীৰ ঘৰৰ চাদলৈ উঠি আহিছিল আৰু তাত তেওঁলোকে ড্ৰাগছ সেৱন কৰি আছিল। দুয়োজন অভিযুক্ত পৰিয়ালটোৰ চিনাকি আছিল। শব্দ শুনি গণপতি ছাদৰ ওপৰলৈ আহে আৰু তেওঁলোকক ড্ৰাগছ সেৱন কৰাত বাধা দিয়ে। ইয়াকে লৈ তেওঁলোকৰ মাজত তৰ্কাতৰ্কি লাগে। ইয়াৰ পাছতে দুই অভিযুক্তই গণপতিক কাপোৰেৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত পত্নী প্ৰীতিলতা ওপৰলৈ অহাত চিৰিৰ কাষতে তেওঁকো হত্যা কৰা হয়। পৰিয়ালৰ কন্যা আৰু পুত্ৰকো একেদৰে হত্যা কৰা হয়। পুত্ৰ প্ৰিয়মৰ মৃতদেহ ঘৰৰ ভিতৰত বিছনাৰ তলৰ পৰা উদ্ধাৰ কৰা হয়।
হত্যাৰ পিছত অভিযুক্তই ততাতৈয়াকৈ পলাই নোযোৱাৰ বিপৰীতে গোটেই ৰাতিটো ঘৰৰ ভিতৰতে কটায় আৰু কোঠাৰ ভিতৰত ড্ৰাগছ সেৱন কৰে যি ড্ৰাগছ তেওঁলোকে ছাদৰ ওপৰত সেৱন কৰি আছিল। পৰিয়ালটোৰ ম’বাইল ফোনসমূহৰ পৰা নিজৰ পৰিচয়ৰ চিন লুকুৱাবলৈ ডিটাৰজেণ্ট পাউদাৰ মিহলোৱা পানীত ডুবাই ৰাখিছিল বুলি পুলিচে সন্দেহ কৰিছে।
ঘটনাটো লুণ্ঠন বা ডকাইতিৰ ফলত হোৱা বুলি ভুৱা প্ৰতিপন্ন কৰিবলৈ অভিযুক্তই ঘৰৰ সামগ্ৰীসমূহ সিঁচৰতি কৰি পেলাইছিল। অৱশ্যে পুলিচে তদন্ত চলাই দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাক লৈ বাংলাদেশৰ ৰংপুৰ চহৰত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।