--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ পি অফিচৰ দৰে অতি নিৰাপত্তাবেষ্টিত স্থানৰ ঠিক কাষতে বা সন্মুখতে থকা দোকানত এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: বৰপেটা চহৰত আইন-শৃংখলা পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষী অধীক্ষক (SP) কাৰ্যালয়ৰ একেবাৰে সন্মুখতে থকা এখন গেলামালৰ দোকানত চোৰে চলায় লুটপাট।


মুণিন্দ্ৰ নাথ তালুকদাৰ নামৰ ব্যক্তিজনৰ দোকানখনৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। চোৰে দোকানখনৰ পৰা প্ৰায় ২ হাজাৰ টকাৰ খুচুৰা পইচাৰ লগতে কেমেৰাৰ চিচিটিভি সামগ্ৰীসমূহো লৈ যায়।


ইয়াৰোপৰি টকা আৰু সামগ্ৰী থোৱা স্থানসমূহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে। উল্লেখ্য যে একেৰাহে এইবাৰলৈ দোকানখনত তৃতীয়বাৰৰ বাবে চুৰিকাণ্ড সংঘটিত হৈছে।


এছ পি অফিচৰ দৰে অতি নিৰাপত্তাবেষ্টিত স্থানৰ ঠিক কাষতে বা সন্মুখতে থকা দোকানত এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোকানখনৰ গৰাকী মুণিন্দ্ৰ নাথ তালুকদাৰে প্ৰশ্ন উত্থাপন কৰি কয়— "আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ দোকানৰেই যদি নিৰাপত্তা নাই, তেন্তে চহৰৰ অন্যান্য স্থানত সাধাৰণ নাগৰিকৰ নিৰাপত্তা ক'ত থাকিব?"


ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ