--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ পি অফিচৰ দৰে অতি নিৰাপত্তাবেষ্টিত স্থানৰ ঠিক কাষতে বা সন্মুখতে থকা দোকানত এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: বৰপেটা চহৰত আইন-শৃংখলা পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষী অধীক্ষক (SP) কাৰ্যালয়ৰ একেবাৰে সন্মুখতে থকা এখন গেলামালৰ দোকানত চোৰে চলায় লুটপাট।


মুণিন্দ্ৰ নাথ তালুকদাৰ নামৰ ব্যক্তিজনৰ দোকানখনৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। চোৰে দোকানখনৰ পৰা প্ৰায় ২ হাজাৰ টকাৰ খুচুৰা পইচাৰ লগতে কেমেৰাৰ চিচিটিভি সামগ্ৰীসমূহো লৈ যায়।


ইয়াৰোপৰি টকা আৰু সামগ্ৰী থোৱা স্থানসমূহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে। উল্লেখ্য যে একেৰাহে এইবাৰলৈ দোকানখনত তৃতীয়বাৰৰ বাবে চুৰিকাণ্ড সংঘটিত হৈছে।


এছ পি অফিচৰ দৰে অতি নিৰাপত্তাবেষ্টিত স্থানৰ ঠিক কাষতে বা সন্মুখতে থকা দোকানত এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোকানখনৰ গৰাকী মুণিন্দ্ৰ নাথ তালুকদাৰে প্ৰশ্ন উত্থাপন কৰি কয়— "আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ দোকানৰেই যদি নিৰাপত্তা নাই, তেন্তে চহৰৰ অন্যান্য স্থানত সাধাৰণ নাগৰিকৰ নিৰাপত্তা ক'ত থাকিব?"


ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী