ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত গমাৰিগুৰিৰ বাঘেধৰা গাঁৱত আজি বিয়লি এটা চোৰক ৰাইজে হাতে-লোতে কৰায়ত্ত কৰে।ঘটনাৰ অনুসৰি বাঘেধৰা গাঁৱৰ ব্যৱসায়ী ধনশ্ৰীৰাম পেগুৱে তেওঁৰ দোকানত জিৰণি লৈ থাকোতে হঠাৎ টোপনি যায়।
সেই সুযোগতে ঊষা গৰঙাৰ কিৰণ নায়ক নামৰ চোৰটোৱে দোকানত প্ৰৱেশ কৰি কেছ বক্সৰ পৰা নগদ বিশ হাজাৰ টকা লৈ পলায় যাওঁতে প্ৰতিৱেশী এজন লোকে ঘটনাটো প্ৰত্যক্ষ কৰে। তেওঁ চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে চোৰটোক কৰায়ত্ত কৰি চুৰি কৰি নিয়া নগদ বিশ হাজাৰ টকা উদ্ধাৰ কৰে।
প্ৰায় এমাহৰ পূৰ্বেও দোকানখনৰ পৰা ত্ৰিশ হাজাৰ টকা চুৰি হৈছিল আৰু সেই ঘটনাও কিৰণ নায়কেই সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। পাছত ৰাইজে চোৰটোক উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে।