--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অশোকে যোৱা দেওবাৰে অন্য দিনাৰ দৰেই ভাত-পানী খাই শুইছিল। কিন্তু অশোক মূৰ্মুৱে আৰু সাৰ নাপালে। শুই থকা অৱস্থাতে ৰহস্যজনক মৃত্যুক সাৱটি লয় অশোকে।

ডিজিটেল ডেস্ক: কেৰালাত কাম কৰি জীৱিকা নিৰ্বাহ কৰা এজন অসমীয়া যুৱকে সাবটিলে ৰহস্যজনক মৃত্যু। মৃত যুৱকজনৰ নাম অশোক মূৰ্মু। মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰৰ অশোক মূৰ্মুৱে তিনিমাহ পুৰ্বে কেৰালাৰ আলৱা জিলাৰ নালামিল নামৰ ঠাইত এটা কোম্পানীত কাম কৰি আছিল। 


অশোকে যোৱা দেওবাৰে অন্য দিনাৰ দৰেই ভাত-পানী খাই শুইছিল। কিন্তু অশোক মূৰ্মুৱে আৰু সাৰ নাপালে। শুই থকা অৱস্থাতে ৰহস্যজনক মৃত্যুক সাৱটি লয় অশোকে। 


‘আলমপালি প্ৰেচাৰ টেষ্টিং’ নামৰ এটা কোম্পানীত আৱাৰাম নামৰ এজন ঠিকাদাৰৰ অধীনত কাম কৰিছিল অশোক মূৰ্মুৱে৷


অশোকে নিশা ঘৰৰ মানুহৰ সতে কথা পাতি পুৱাই মৃত্যুক সাবটি লোৱা খবৰ শুনি পৰিয়াল শোকত ভাগি পৰে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গই। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল অশোক মূৰ্মু৷ অশোকৰ এই আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। 


উল্লেখযোগ্য যে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে উক্ত ‘আলমপালি প্ৰেচাৰ টেষ্টিং’ কোম্পানীটোৰ সতে ফোনযোগে কথা পাতি অশোকৰ নশ্বৰ দেহ মাৰ্ঘেৰিটা নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰে। কোম্পানীটোৱে সেই ব্যৱস্থা কৰি দিয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাই কৃতজ্ঞতা জনায়৷


জানিব পৰামতে কেৰালাৰ নালামিল থানাই অশোকৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে৷ আদিবাসী ছাত্ৰ সন্থাৰ মন্তব্য যে অশোক মূৰ্মুৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত হওক আৰু উক্ত কোম্পানীটোৱে দৰিদ্ৰ পৰিয়ালটোক এককালীন সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক। অন্যথা উক্ত কেৰালাৰ কোম্পানীটোৰ বিৰুদ্ধে আছাই আইনগত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।             



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী