--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অশোকে যোৱা দেওবাৰে অন্য দিনাৰ দৰেই ভাত-পানী খাই শুইছিল। কিন্তু অশোক মূৰ্মুৱে আৰু সাৰ নাপালে। শুই থকা অৱস্থাতে ৰহস্যজনক মৃত্যুক সাৱটি লয় অশোকে।

ডিজিটেল ডেস্ক: কেৰালাত কাম কৰি জীৱিকা নিৰ্বাহ কৰা এজন অসমীয়া যুৱকে সাবটিলে ৰহস্যজনক মৃত্যু। মৃত যুৱকজনৰ নাম অশোক মূৰ্মু। মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰৰ অশোক মূৰ্মুৱে তিনিমাহ পুৰ্বে কেৰালাৰ আলৱা জিলাৰ নালামিল নামৰ ঠাইত এটা কোম্পানীত কাম কৰি আছিল। 


অশোকে যোৱা দেওবাৰে অন্য দিনাৰ দৰেই ভাত-পানী খাই শুইছিল। কিন্তু অশোক মূৰ্মুৱে আৰু সাৰ নাপালে। শুই থকা অৱস্থাতে ৰহস্যজনক মৃত্যুক সাৱটি লয় অশোকে। 


‘আলমপালি প্ৰেচাৰ টেষ্টিং’ নামৰ এটা কোম্পানীত আৱাৰাম নামৰ এজন ঠিকাদাৰৰ অধীনত কাম কৰিছিল অশোক মূৰ্মুৱে৷


অশোকে নিশা ঘৰৰ মানুহৰ সতে কথা পাতি পুৱাই মৃত্যুক সাবটি লোৱা খবৰ শুনি পৰিয়াল শোকত ভাগি পৰে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গই। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল অশোক মূৰ্মু৷ অশোকৰ এই আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। 


উল্লেখযোগ্য যে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে উক্ত ‘আলমপালি প্ৰেচাৰ টেষ্টিং’ কোম্পানীটোৰ সতে ফোনযোগে কথা পাতি অশোকৰ নশ্বৰ দেহ মাৰ্ঘেৰিটা নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰে। কোম্পানীটোৱে সেই ব্যৱস্থা কৰি দিয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাই কৃতজ্ঞতা জনায়৷


জানিব পৰামতে কেৰালাৰ নালামিল থানাই অশোকৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে৷ আদিবাসী ছাত্ৰ সন্থাৰ মন্তব্য যে অশোক মূৰ্মুৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত হওক আৰু উক্ত কোম্পানীটোৱে দৰিদ্ৰ পৰিয়ালটোক এককালীন সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক। অন্যথা উক্ত কেৰালাৰ কোম্পানীটোৰ বিৰুদ্ধে আছাই আইনগত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।             



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ