--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৌৰীপুৰৰ বিদ্যা মন্দিৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ইফা হক গৌৰীপুৰ নিবাসী নাজমা চুলতানা আৰু এনামুল হকৰ কন্যা।

ডিজিটেল ডেস্ক: অতি কম বয়সতে অসাধাৰণ স্মৃতিশক্তি আৰু চিনাক্তকৰণৰ দক্ষতা প্ৰদৰ্শন কৰি ৰাজ্যিক পৰ্যায়ত বিৰল অভিলেখ গঢ়িছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ এগৰাকী কণমানি ছাত্ৰীয়ে। চকুত কাপোৰ বান্ধি মাত্ৰ ৫৫ ছেকেণ্ডত ১৪গৰাকী মহান ব্যক্তিৰ আলোকচিত্ৰ চিনাক্ত কৰি এই অনন্য কৃতিত্ব অৰ্জন কৰিছে ইফা হকে।


গৌৰীপুৰৰ বিদ্যা মন্দিৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ইফা হক গৌৰীপুৰ নিবাসী নাজমা চুলতানা আৰু এনামুল হকৰ কন্যা। যোৱা ৮ আগষ্ট, ২০২৬ তাৰিখে মাত্ৰ ৬ বছৰ ১০ মাহ ১৬ দিন বয়সতে ইফাই এই ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰে। চকুত কাপোৰ বান্ধি কোনো দৃশ্যমান সহায় নোলোৱাকৈ অতি কম সময়ৰ ভিতৰত ইমানসংখ্যক মহান ব্যক্তিৰ ছবি শুদ্ধভাৱে চিনাক্ত কৰাটোৱে তেওঁৰ অসাধাৰণ তীক্ষ্ণ স্মৃতিশক্তি আৰু পৰ্যবেক্ষণ ক্ষমতাৰে পৰিচয় দাঙি ধৰিছে।


কণমানি ছাত্ৰীগৰাকীৰ এই বিৰল প্ৰতিভাক স্বীকৃতি জনাই 'অসম বুক অৱ ৰেকৰ্ডছ' (ABR)-এ তেওঁক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে ৰাজ্যিক অভিলেখ শাখাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে।


ইফাৰ এই সাফল্যই সমগ্ৰ গৌৰীপুৰ তথা ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ ৰাজ্যৰ শুভাকাংক্ষীসকলে কণমানি ইফাৰ এই উজ্বল প্ৰতিভাক ভূয়সী প্ৰশংসা কৰিছে আৰু ভৱিষ্যতে তেওঁ আৰু অধিক সফলতা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী