--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৌৰীপুৰৰ বিদ্যা মন্দিৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ইফা হক গৌৰীপুৰ নিবাসী নাজমা চুলতানা আৰু এনামুল হকৰ কন্যা।

ডিজিটেল ডেস্ক: অতি কম বয়সতে অসাধাৰণ স্মৃতিশক্তি আৰু চিনাক্তকৰণৰ দক্ষতা প্ৰদৰ্শন কৰি ৰাজ্যিক পৰ্যায়ত বিৰল অভিলেখ গঢ়িছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ এগৰাকী কণমানি ছাত্ৰীয়ে। চকুত কাপোৰ বান্ধি মাত্ৰ ৫৫ ছেকেণ্ডত ১৪গৰাকী মহান ব্যক্তিৰ আলোকচিত্ৰ চিনাক্ত কৰি এই অনন্য কৃতিত্ব অৰ্জন কৰিছে ইফা হকে।


গৌৰীপুৰৰ বিদ্যা মন্দিৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ইফা হক গৌৰীপুৰ নিবাসী নাজমা চুলতানা আৰু এনামুল হকৰ কন্যা। যোৱা ৮ আগষ্ট, ২০২৬ তাৰিখে মাত্ৰ ৬ বছৰ ১০ মাহ ১৬ দিন বয়সতে ইফাই এই ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰে। চকুত কাপোৰ বান্ধি কোনো দৃশ্যমান সহায় নোলোৱাকৈ অতি কম সময়ৰ ভিতৰত ইমানসংখ্যক মহান ব্যক্তিৰ ছবি শুদ্ধভাৱে চিনাক্ত কৰাটোৱে তেওঁৰ অসাধাৰণ তীক্ষ্ণ স্মৃতিশক্তি আৰু পৰ্যবেক্ষণ ক্ষমতাৰে পৰিচয় দাঙি ধৰিছে।


কণমানি ছাত্ৰীগৰাকীৰ এই বিৰল প্ৰতিভাক স্বীকৃতি জনাই 'অসম বুক অৱ ৰেকৰ্ডছ' (ABR)-এ তেওঁক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে ৰাজ্যিক অভিলেখ শাখাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে।


ইফাৰ এই সাফল্যই সমগ্ৰ গৌৰীপুৰ তথা ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ ৰাজ্যৰ শুভাকাংক্ষীসকলে কণমানি ইফাৰ এই উজ্বল প্ৰতিভাক ভূয়সী প্ৰশংসা কৰিছে আৰু ভৱিষ্যতে তেওঁ আৰু অধিক সফলতা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ