ডিজিটেল ডেস্ক: সৰুপথাৰৰ গড়গাওঁ অঞ্চলত বৃহস্পতিবাৰে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এক কৰুণ আৰু মৰ্মান্তিক ঘটনা সংঘটিত হয়। ঘৰৰ পৰা ওচৰৰ দোকানলৈ সামগ্ৰী কিনিবলৈ ওলাই যোৱা অৱস্থাত পথৰ কাষতে মুকলিকৈ পৰি থকা উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ এটি ১০ বছৰীয়া শিশুৱে। মৃত শিশুটি কৃষ্ণ গড়ৰ পুত্ৰ শ্ৰৱণ গড়। ঘটনাস্থলীতে মৃত্যুক সাবটি লয় শিশুটিয়ে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৰপথাৰৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মচাৰীসকলৰ দায়িত্বহীনতা আৰু অমনোযোগিতাৰ বাবেই শিশুটিয়ে প্ৰাণ হেৰুৱায়। বিদ্যুৎ বিভাগৰ এনে চূড়ান্ত গাফিলতিয়ে সৰ্বত্র তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ঘটনাৰ প্ৰতিবাদত ইতিমধ্যে বৰপথাৰ আদিবাসী ছাত্ৰ সন্থাই সৰুপথাৰ সমজিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু দুৰ্ভগীয়া ভুক্তভোগী পৰিয়ালটোক শীঘ্ৰে এককালীন আর্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে।