--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মাছুম উদ্দিন তপাদাৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক: মাদকবিৰোধী অভিযানত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন সূত্ৰৰ ভিত্তিত অসম মেঘালয় সীমান্তৰ কাছাৰৰ দিগৰখাল পুৰণি এমভিআই গেটৰ সমীপত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৫০ হাজাৰটা সন্দেহযুক্ত য়াবা টেবলেট জব্দ কৰে।


কাছাৰৰ এছ এছ পি পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলোৱা অভিযানত AS-01GC-7852 নম্বৰৰ ট্ৰাকখনত তালাচী চলোৱা হয়। তালাচীৰ সময়ত ট্ৰাকখনৰ গোপন কক্ষৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে।


এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মাছুম উদ্দিন তপাদাৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, ট্ৰাকখনসহ আটকাধীন লোকজন বৰ্তমান গুমৰা আৰক্ষীৰ জিম্মাত আছে। জব্দকৃত য়াবাখিনিৰ চোৰাং বজাৰ মূল্য কেইবা কোটি টকা হ'ব বুলি জানিব পৰা গৈছে৷ 


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত