ডিজিটেল ডেস্ক: ধেমাজিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন স্কুলীয়া ছাত্ৰই কৰুণ মৃত্যুক সাবটি লয়।
ঘটনা অনুসৰি বঙালমাৰি মিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ জান ঙাটে (৮) বিদ্যালয়ৰ পৰা ঘৰলৈ অহা পথত এক কেকুঁৰিত অচিনাক্ত গাড়ীয়ে পাছফালৰ পৰা খুন্দিয়াই ছাত্ৰজনক গুৰুতৰভাৱে আহত কৰে।
তীব্ৰবেগী গাড়ীখনৰ খুন্দাত থিতাতে ছাত্ৰজনৰ মৃত্যু হয়। ইফালে ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰিবলৈ সক্ষম হয় ছাত্ৰজনক খুন্দিওৱা গাড়ীখন।
বঙালমাৰি গাঁৱৰ নৰেন ঙাটেৰ পুত্ৰ আছিল জান ঙাটে।
বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাত্ৰজনৰ নিথৰ দেহ লৈ অনা হয়।
স্কুলীয়া ছাত্ৰজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। দোষীৰ উচিত শাস্তিৰ দাবী কৰিছে অঞ্চলবাসীয়ে।