ডিজিটেল ডেস্ক: শোণিতপুৰৰ ৰঙাপৰাত এখন বলেৰ’ পিক আপ বাহনৰ পৰা ১২টাকৈ গৰু জব্দ কৰা হৈছে। ৰঙাপৰাত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে ১২টাকৈ গৰু সহ চাৰিজন ব্যক্তিক ধৰিছিল যদিও দুজন ব্যক্তি পলায় যায় যদিও আন দুজন ব্যক্তিক ধৰি ৰঙাপৰা আৰক্ষীক গটায় দিয়ে।
ব্যক্তি দুজন হ’ল ঢেকিয়াজুলিৰ ৰঙাগড়াৰ নাজমুল হক আৰু চহিদুল ইছলাম। AS-12CC-5334 নম্বৰৰ বলেৰ’ পিক আপ বাহনত ঢেকিয়াজুলিৰ পৰা অৰুণাচলৰ বানাত গৰুকেইটা লৈ গৈ থকাৰ সময়তে ৰঙাপৰাত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে আটক কৰি ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে। চোৰাংকৈ গৰুকেইটা অনাৰ সন্দেহ প্ৰকাশ কৰিছে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে।
গৰু কেইটা চোৰাং হয় নে নহয় সেই সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে আটাইকেইটা গৰু অতি নিৰ্মমভাৱে বান্ধি আনিছিল।