--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নাম-কীৰ্তন সমাপ্ত হোৱাৰ পাছত মাহ-প্ৰসাদ সেৱন কৰাৰ কিছু সময়ৰ পিছতে পাঠিকা দলটোৰ কেইবাগৰাকীও সদস্যৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে।

ডিজিটেল ডেস্কঃ জোনাইত নাম-কীৰ্তনৰ মাহ-প্ৰসাদ সেৱন কৰি খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ ১০ গৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। জানিব পৰা মতে, দেওবাৰে জোনাইৰ ৰতকেৰ ফাৰ্ম বস্তি গাঁৱৰ এঘৰত বছেৰেকীয়া ভাদ মাহৰ নাম-কীৰ্তনৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত নাম-কীৰ্তন পৰিৱেশন কৰিবলৈ ৩নং ৰাজাখানা গাঁৱৰ পাঠিকা দলক আমন্ত্ৰণ জনোৱা হৈছিল।


নাম-কীৰ্তন সমাপ্ত হোৱাৰ পাছত মাহ-প্ৰসাদ সেৱন কৰাৰ কিছু সময়ৰ পিছতে পাঠিকা দলটোৰ কেইবাগৰাকীও সদস্যৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে আৰু পৰৱৰ্তী সময়ত ইজনৰ পিছত সিজনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।


পিছত অসুস্থ লোকসকলক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। অসুস্থ ১০ গৰাকী লোকৰ ভিতৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰসহ দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি