--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নাম-কীৰ্তন সমাপ্ত হোৱাৰ পাছত মাহ-প্ৰসাদ সেৱন কৰাৰ কিছু সময়ৰ পিছতে পাঠিকা দলটোৰ কেইবাগৰাকীও সদস্যৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে।

ডিজিটেল ডেস্কঃ জোনাইত নাম-কীৰ্তনৰ মাহ-প্ৰসাদ সেৱন কৰি খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ ১০ গৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। জানিব পৰা মতে, দেওবাৰে জোনাইৰ ৰতকেৰ ফাৰ্ম বস্তি গাঁৱৰ এঘৰত বছেৰেকীয়া ভাদ মাহৰ নাম-কীৰ্তনৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত নাম-কীৰ্তন পৰিৱেশন কৰিবলৈ ৩নং ৰাজাখানা গাঁৱৰ পাঠিকা দলক আমন্ত্ৰণ জনোৱা হৈছিল।


নাম-কীৰ্তন সমাপ্ত হোৱাৰ পাছত মাহ-প্ৰসাদ সেৱন কৰাৰ কিছু সময়ৰ পিছতে পাঠিকা দলটোৰ কেইবাগৰাকীও সদস্যৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে আৰু পৰৱৰ্তী সময়ত ইজনৰ পিছত সিজনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।


পিছত অসুস্থ লোকসকলক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। অসুস্থ ১০ গৰাকী লোকৰ ভিতৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰসহ দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী