ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ লাহোৱালৰ বকুল মাজগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এইবাৰ নৃশংসতাৰ বলি হৈছে এগৰাকী বোৱাৰী। পাৰিবাৰিক কন্দলৰ বাবেই আজি হস্পিতালৰ বিচনাত এনেদৰে পৰি ৰবলগীয়া হৈছে পৰীস্মিতা গগৈ নামৰ এগৰাকী বোৱাৰী। শহুৰ ধ্ৰুৱজ্যোতি শইকীয়াই দাৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে পৰীস্মিতা গগৈক।
জানিব পৰা মতে ঘটনাৰ আগদিনা পৰীস্মিতা গগৈয়ে শয্যাগত আইতাকৰ খবৰ লবলৈ মাকৰ ঘৰলৈ গৈছিল আৰু ঘৰ আহোঁতে কিছু পলম হৈছিল, উক্ত কথাটোক কেন্দ্ৰ কৰিয়েই সদায় কন্দলৰ সৃষ্টি হোৱা ঘৰখনত সেইদিনাও স্বামী কল্যাণ শইকীয়াৰ সৈতে পৰিস্মিতাৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু কাজিয়াৰ সূত্ৰপাত হৈছিল। পাছদিনা সন্তানক স্কুলত থৈ আহি পৰিস্মিতা ঘৰ সোমাওঁতেই শহুৰেক ধ্ৰুৱজ্যোতি শইকীয়াই দাৰে আক্ৰমণ কৰে পৰীস্মিতা গগৈক।
তেওঁ জানিবলৈ দিয়া অনুসৰি শহুৰেকে ডিঙিত ঘাপ মাৰিবলৈ লওঁতে পৰীস্মিতাই হাতখনেৰে নিজকে বচাবলৈ লওঁতে আঠটাকৈ ঘাপ পৰে পৰীস্মিতাৰ হাতত। বিষত আৰু ভয়ত চিঞৰ বাখৰ কৰাত শুই থকা স্বামী কল্যাণ শইকীয়া আৰু শাহুৱেক উঠি আহি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ আনে পৰিস্মিতাক।
গুৰুতৰভাৱে আহত পৰিস্মিতা গগৈ বৰ্তমান ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এতিয়া তীব্ৰ চাঞ্চল্যৰ। এতিয়া প্ৰশ্ন হৈছে কি কাৰণত এনেদৰে শহুৰেক ধ্ৰুৱজ্যোতি শইকীয়াই বোৱাৰী পৰীস্মিতা গগৈক দাৰে আক্ৰমণ কৰিলে সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
পৰিস্মিতাৰ মাতৃগৃহৰ লোকে জনোৱা অনুসৰি পূৰ্বৰে পৰা স্বামী কল্যাণ শইকীয়াই পৰিস্মিতাক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছে। পৰিস্মিতাই ন্যায় পোৱাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ দাবী জনাইছে পৰিস্মিতাৰ পৰিয়ালৰ লোকে।