ডিজিটেল ডেস্ক: পত্নীৰ মৰম পাহৰি য'তেই যাই তাতেই প্ৰেমত পৰে ৰঙিয়াৰ তৰণীৰ আল্ট্ৰা বাছৰ স্বত্বাধিকাৰী তথা চালক উজ্জ্বল কলিতা। উপায়বিহীন হৈ পত্নী গীতিকা কলিতাই ৮ বছৰীয়া সন্তানক লৈ কাষ চাপিছে আৰক্ষীৰ । কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গীতিকা কলিতাৰ।
অভিযোগ অনুসৰি, ১১ বছৰ পূৰ্বে ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিৰ গীতিকা কলিতা আৰু ৰঙিয়াৰ তৰণীৰ উজ্জ্বল কলিতাৰ আছিল গভীৰ ভালপোৱা। দুয়ো দুয়োকে এৰি থাকিব নোৱাৰে। দুয়োৰে প্ৰেমৰ ওচৰত হাৰ মানি দুয়োটা পৰিয়ালে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হবলৈ অনুমতি দিছিল। ২০১৭ চনত উজ্জ্বল আৰু গীতিকা বিবাহপাশত আৱদ্ধ হয়।
প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল। দুয়োৰে প্ৰেমৰ চিন হিচাপে ল'ৰা সন্তান এটাৰো জন্ম হৈছিল। কিন্তু সন্তান জন্মৰ পিছৰে পৰা দুয়োৰে মাজত প্ৰেম ভালপোৱা আৰু বিশ্বাসৰ সম্পৰ্কত ফাঁট মেলিবলৈ আৰম্ভ হয়। এজনী এজনীকৈ কেইবাজনীৰো প্ৰেমত হাবুডুবু খাই উজ্জ্বল কলিতাই পৰিয়ালৰ কথাকে পাহৰি যায়।
পত্নীয়ে বিৰোধিতা কৰিলে আৰম্ভ হয় শাৰীৰিক তথা মানসিক নিৰ্যাতন। পৰিত্ৰাণ বিচাৰি পত্নী গীতিকাই ২০১৯ আৰু ২০২২ চনত দুবাৰকৈ আৰক্ষীৰ সহায় ল'ব লগা হৈছিল। তাৰপাছতো স্বামীৰ অন্য যুৱতীৰ সৈতে প্ৰেম কম নহ'ল।
অৱশেষত পুনৰ স্বামীৰ অবৈধ সম্পৰ্ক আৰু শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ বিৰুদ্ধে তুলসীবাৰী আৰক্ষী চকীত গোচৰ তৰে গীতিকাই। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়টোৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে গীতিকা কলিতাই। লগতে ন্যায় দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালে দুৰ্ভগীয়া পত্নী গীতিকা কলিতাই।