--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২১ আগষ্ট তাৰিখে মোবাইলত বিজ্ঞাপন দেখি অনলাইনত দুটাকৈ টিকট ক্ৰয় কৰিছিল দেৰগাঁও শান্তিপুৰৰ কোষেশ্বৰ দত্ত নামৰ ব্যক্তিজনে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনেই অনুষ্ঠিত হৈ অহা একাংশ লটাৰী খেলৰ নামত প্ৰকৃততে কি চলিছে? অনলাইনত টিকট ক্ৰয় কৰিবলৈ প্ৰলোভন দি এতিয়া লটাৰীৰ নামত দুষ্ট চক্ৰই মেলি দিছে প্ৰবঞ্চনাৰ জাল। এনে এক দুষ্ট চক্ৰৰ জালৰ পৰা কথমপি ৰক্ষা পৰিল দেৰগাঁৱৰ এগৰাকী MES ৰ অৱসৰপ্ৰাপ্ত সচেতন ব্যক্তি। 


যোৱা ২১ আগষ্ট তাৰিখে মোবাইলত বিজ্ঞাপন দেখি অনলাইনত দুটাকৈ টিকট ক্ৰয় কৰিছিল দেৰগাঁও শান্তিপুৰৰ কোষেশ্বৰ দত্ত নামৰ ব্যক্তিজনে। ২২ তাৰিখে পুৱাই ওদালগুৰিত অনুষ্ঠিত হোৱা বুলি কোৱা খেলখনৰ ফলাফলৰ এখন তালিকা দিছিল ব্যক্তিগৰাকীৰ মোবাইলত। 9383085012 নম্বৰৰ পৰা ফোন কৰি কোৱা হৈছিল তালিকাৰ দ্বিতীয় পুৰস্কাৰ এখন মহেন্দ্ৰ থাৰ বাহন লাভ কৰিছে ব্যক্তিগৰাকীয়ে। কিন্তু সেই পুৰস্কাৰ সংগ্ৰহ কৰাৰ আগতে ব্যক্তিজনে পঠাব লাগিব নিজৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। কিন্তু কোষেশ্বৰ দত্তই সেয়া দিবলৈ অমান্তি হ'ল আৰু নিজেই ওদালগুৰিলৈ যাম বুলি কোৱাৰ পাছৰে পৰাই বন্ধ হৈ পৰে 9383085012 নম্বৰটো। 


কোনো ধৰণৰ যোগাযোগ সম্ভৱ হৈ নুঠাত সেয়া যে প্ৰৱঞ্চনাৰ এক বৃহৎ জাল সেয়া ধৰিব পাৰিলে ব্যক্তিগৰাকীয়ে। আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংগ্ৰহ কৰি যে সেয়া দুষ্ট চক্ৰই ব্যক্তিগৰাকীক বিপদত পেলোৱাৰ জাল তৰিছিল সেয়া নিশ্চিত হৈ পৰিল। ইতিমধ্যেই সজাগতা সৃষ্টিৰ বাবেই সংবাদ মাধ্যমক বিষয়টো অৱগত কৰে কোষেশ্বৰ দত্তই। প্ৰকৃততে এনে লটাৰীখেল বা অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে চৰকাৰে কিয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই বৰ্তমান সময়ত সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান