--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২১ আগষ্ট তাৰিখে মোবাইলত বিজ্ঞাপন দেখি অনলাইনত দুটাকৈ টিকট ক্ৰয় কৰিছিল দেৰগাঁও শান্তিপুৰৰ কোষেশ্বৰ দত্ত নামৰ ব্যক্তিজনে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনেই অনুষ্ঠিত হৈ অহা একাংশ লটাৰী খেলৰ নামত প্ৰকৃততে কি চলিছে? অনলাইনত টিকট ক্ৰয় কৰিবলৈ প্ৰলোভন দি এতিয়া লটাৰীৰ নামত দুষ্ট চক্ৰই মেলি দিছে প্ৰবঞ্চনাৰ জাল। এনে এক দুষ্ট চক্ৰৰ জালৰ পৰা কথমপি ৰক্ষা পৰিল দেৰগাঁৱৰ এগৰাকী MES ৰ অৱসৰপ্ৰাপ্ত সচেতন ব্যক্তি। 


যোৱা ২১ আগষ্ট তাৰিখে মোবাইলত বিজ্ঞাপন দেখি অনলাইনত দুটাকৈ টিকট ক্ৰয় কৰিছিল দেৰগাঁও শান্তিপুৰৰ কোষেশ্বৰ দত্ত নামৰ ব্যক্তিজনে। ২২ তাৰিখে পুৱাই ওদালগুৰিত অনুষ্ঠিত হোৱা বুলি কোৱা খেলখনৰ ফলাফলৰ এখন তালিকা দিছিল ব্যক্তিগৰাকীৰ মোবাইলত। 9383085012 নম্বৰৰ পৰা ফোন কৰি কোৱা হৈছিল তালিকাৰ দ্বিতীয় পুৰস্কাৰ এখন মহেন্দ্ৰ থাৰ বাহন লাভ কৰিছে ব্যক্তিগৰাকীয়ে। কিন্তু সেই পুৰস্কাৰ সংগ্ৰহ কৰাৰ আগতে ব্যক্তিজনে পঠাব লাগিব নিজৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। কিন্তু কোষেশ্বৰ দত্তই সেয়া দিবলৈ অমান্তি হ'ল আৰু নিজেই ওদালগুৰিলৈ যাম বুলি কোৱাৰ পাছৰে পৰাই বন্ধ হৈ পৰে 9383085012 নম্বৰটো। 


কোনো ধৰণৰ যোগাযোগ সম্ভৱ হৈ নুঠাত সেয়া যে প্ৰৱঞ্চনাৰ এক বৃহৎ জাল সেয়া ধৰিব পাৰিলে ব্যক্তিগৰাকীয়ে। আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংগ্ৰহ কৰি যে সেয়া দুষ্ট চক্ৰই ব্যক্তিগৰাকীক বিপদত পেলোৱাৰ জাল তৰিছিল সেয়া নিশ্চিত হৈ পৰিল। ইতিমধ্যেই সজাগতা সৃষ্টিৰ বাবেই সংবাদ মাধ্যমক বিষয়টো অৱগত কৰে কোষেশ্বৰ দত্তই। প্ৰকৃততে এনে লটাৰীখেল বা অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে চৰকাৰে কিয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই বৰ্তমান সময়ত সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী