ডিজিটেল ডেস্কঃ মহানগৰীৰ বেলতলা বশিষ্ঠপুৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। ৰিয়া তালুকদাৰ গোস্বামী নামৰ এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে স্বামী ৰামামুজন গোস্বামীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, হত্যাকাৰীয়ে অত্যন্ত নিষ্ঠুৰভাৱে মহিলাগৰাকীৰ শিৰচ্ছেদ কৰাৰ লগতে হাতৰ আঙুলিও কাটি পেলাইছিল। ইয়াৰ পাছত ছিন্নমুণ্ডটো এটা ক'লা পলিথিনত ভৰাই ফ্ৰীজৰ ভিতৰত ৰাখি থৈছিল আৰু শৰীৰৰ বাকী অংশ শোৱনি কোঠাৰ বিচনাৰ কাষত পৰি আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ কাষৰ পৰা এখন দা আৰু কেইবাটাও সুৰাৰ বটল উদ্ধাৰ কৰে।
প্ৰতিৱেশীয়ে দুৰ্গন্ধ পাই আৰক্ষীক দিছিল খবৰ। আৰক্ষীয়ে বন্ধ কোঠাৰ দৰ্জা খুলি প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ। ইপিনে ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত ফৰেনচিক আৰু ফিংগাৰপ্ৰিণ্ট বিশেষজ্ঞৰ দলো।
উল্লেখ্য যে, বশিষ্ঠপুৰৰ ৪নং উপপথৰ ১৪ নং ঘৰত সংঘটিত হৈছে ঘটনাটো। ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাত নিজা ফ্লেটত বাস কৰিছিল স্বামী-স্ত্ৰীয়ে। নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈ ৩মাহ ৰিহেবত আছিল অভিযুক্ত ৰামানুজন।
ইয়াৰ সমান্তৰালকৈ শনিবাৰে ৰামানুজনে নিজৰ চুলিৰ কাটিং সলনি কৰাও প্ৰত্যক্ষ কৰা হৈছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত ফ্লেটটোৰ দৰজাখন ভিতৰৰ পৰা লক নকৰি বাহিৰৰ পৰা মোজা বান্ধি থৈ পলায়ন কৰে ৰামানুজনে। লগতে দুদিনৰ পৰা স্বামী ৰামানুজন গোস্বামীৰ নাই কোনো খবৰ। আৰক্ষীয়ে স্বামী ৰামানুজনৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। ৰামানুজন গোস্বামী পেছাত এজন উবেৰ চালক।
জানিব পৰা গৈছে যে শনিবাৰে ৰিয়াহঁতৰ ঘৰত ভয়ংকৰ হুলস্থূল শুনিছিল প্ৰতিবেশীয়ে। ঘৰৰ ভিতৰৰ পৰা ভাঁহি আহিছিল কান্দোনৰ ৰোল।
শেহতীয়া তথ্য মতে, ৰিয়াৰ মৃতদেহ টুকুৰা টুকুৰকৈ কুকুৰক খুওৱাৰ পৰিকল্পনা কৰিছিল ৰামানুজনে। কিন্তু হত্যাৰ পিছত পত্নীলৈ মৰম ওপজাৰ বাবে কুকুৰক নুখুৱালে মৃতদেহ। পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে বহি সুৰাপান আৰু খাদ্য খাইছিল ৰামানুজনে।
ইফালে, ৰামানুজনে পত্নীৰ লগতে নিজৰো ম’বাইল ফোন ভাঙি নষ্ট কৰিছিল তথ্য। আৰক্ষীৰ আগত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে পত্নীহন্তা ৰামানুজনে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰামানুজন গোস্বামীক। দেওবাৰে নিশা দিশপুৰ থানাত আত্মসমৰ্পণ কৰে ৰামানুজনে। আত্মসমৰ্পণৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্বাস্থ্য পৰীক্ষাৰ পাছত হাতীগাঁও থানালৈ নিয়া হয় ৰামানুজনক। আত্মসমৰ্পণৰ সময়ত ৰামানুজনে পিন্ধি থকা পোছাকত আছিল তেজৰ দাগ। হত্যাকাণ্ডৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৰামানুজনে। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰা বুলি স্বীকাৰোক্তি ৰামানুজনৰ।
উল্লেখ্য যে ৰিয়াৰ পিতৃ-মাতৃ নাই। কেৱল এজন ভায়েক আছে। ফাঁচীবজাৰৰ এখন বুটিকত কাম কৰিছিল ৰিয়া তালুকদাৰে। ৰিয়াৰ ঘৰ নুনমাটিত আৰু ৰামানুজনৰ ঘৰ গৌৰীপুৰত। জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামীৰ ককায়েকৰ পুত্ৰ ৰামানুজন।