--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৰ্মৰত অৱস্থাত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ লামডিং অঞ্চলতে তীব্ৰ উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাম চলি থকা অৱস্থাত কেনেদৰে হঠাতে বিদ্যুৎ সংযোগ সক্ৰিয় হ’ল, সেই লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে।

ডিজিটেল ডেস্ক: লামডিঙত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰসেনজিত দাস ওৰফে লকাই (৩২) নামৰ এজন অস্থায়ী বিদ্যুৎ কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে সন্ধিয়া লামডিঙৰ ফটোপথাৰ অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়।


প্ৰাপ্ত তথ্য অনুসৰি, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়তে হঠাতে বিদ্যুৎ সংযোগ পুনৰ সক্ৰিয় হৈ পৰাত কৰ্মচাৰীজন দুৰ্ঘটনাৰ সন্মুখীন হয়। ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।


ঘটনাৰ পিছতে স্থানীয় লোক আৰু সহকৰ্মীসকলৰ সহযোগত তেওঁক ততাতৈয়াকৈ লামডিং অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আঘাত অতি গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে।


কৰ্মৰত অৱস্থাত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ লামডিং অঞ্চলতে তীব্ৰ উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাম চলি থকা অৱস্থাত কেনেদৰে হঠাতে বিদ্যুৎ সংযোগ সক্ৰিয় হ’ল, সেই লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। 


সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ আঁৰত কোনো বিভাগীয় গাফিলতি আছিল নেকি, সেয়া সঠিক তদন্তৰ পিছতহে স্পষ্ট হৈ উঠিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ