--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৰ্মৰত অৱস্থাত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ লামডিং অঞ্চলতে তীব্ৰ উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাম চলি থকা অৱস্থাত কেনেদৰে হঠাতে বিদ্যুৎ সংযোগ সক্ৰিয় হ’ল, সেই লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে।

ডিজিটেল ডেস্ক: লামডিঙত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰসেনজিত দাস ওৰফে লকাই (৩২) নামৰ এজন অস্থায়ী বিদ্যুৎ কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে সন্ধিয়া লামডিঙৰ ফটোপথাৰ অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়।


প্ৰাপ্ত তথ্য অনুসৰি, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়তে হঠাতে বিদ্যুৎ সংযোগ পুনৰ সক্ৰিয় হৈ পৰাত কৰ্মচাৰীজন দুৰ্ঘটনাৰ সন্মুখীন হয়। ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।


ঘটনাৰ পিছতে স্থানীয় লোক আৰু সহকৰ্মীসকলৰ সহযোগত তেওঁক ততাতৈয়াকৈ লামডিং অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আঘাত অতি গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে।


কৰ্মৰত অৱস্থাত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ লামডিং অঞ্চলতে তীব্ৰ উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাম চলি থকা অৱস্থাত কেনেদৰে হঠাতে বিদ্যুৎ সংযোগ সক্ৰিয় হ’ল, সেই লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। 


সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ আঁৰত কোনো বিভাগীয় গাফিলতি আছিল নেকি, সেয়া সঠিক তদন্তৰ পিছতহে স্পষ্ট হৈ উঠিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস