--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ব্যৱস্থাই বিমান অৱতৰণৰ সময়ত য়ে পাইলটসকলক বহু আগতীয়াকৈ ৰানৱে আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ স্পষ্টকৈ চিনাক্ত কৰাত সহায় হ'ব আৰু ৰানৱেৰ প্ৰধান ৰেখাৰ সৈতে বিমানখন সম্পূর্ণ পোন আৰু সঠিক দিশত ৰাখি অৱতৰণ কৰোৱাত সহায় কৰিব।

ডিজিটেল ডেস্ক : লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ এক নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থা কার্যক্ষম কৰি তোলা হৈছে। এই ব্যৱস্থাই বিমানবন্দৰটোৰ অৱতৰণ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰি তুলিব। এই আধুনিক ব্যৱস্থাৰ সহায়ত ৰানৱে অভিমুখী পাইলটসকলে স্পষ্টভাৱে দূৰলৈ দেখা পোৱাৰ ফলত প্ৰতিকূল বতৰতো বিমান চলাচল প্রক্রিয়া সম্পূর্ণভাৱে অব্যাহত থাকিব। 


গুৱাহাটীত প্রায়েই ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ প্ৰত্যাহ্বানে বিমান চলাচলক প্ৰভাৱিত কৰে। নতুনকৈ কার্যক্ষম কৰা এই নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাই বিমানবন্দৰৰ অৱতৰণমুখী আলোক সজ্জাৰ পৰিসৰ পূৰ্বৰ ১৮০ মিটাৰৰ পৰা ৫৭০ মিটাৰলৈ বৃদ্ধি কৰিছে। আৰু অৱতৰণ কৰিবলগীয়া বিমানসমূহৰ বাবে ৰানৱে চিনাক্তকৰণ আৰু সুৰক্ষিত অৱতৰণ প্ৰক্ৰিয়া অধিক উন্নত কৰিব। বিমান পৰিবহণ সুৰক্ষা বৃদ্ধিৰে নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাই কেইবাটাও কার্যক্ষম সুবিধা প্রদান কৰিব। এই ব্যৱস্থাই বিমান অৱতৰণৰ সময়ত য়ে পাইলটসকলক বহু আগতীয়াকৈ ৰানৱে আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ স্পষ্টকৈ চিনাক্ত কৰাত সহায় হ'ব আৰু ৰানৱেৰ প্ৰধান ৰেখাৰ সৈতে বিমানখন সম্পূর্ণ পোন আৰু সঠিক দিশত ৰাখি অৱতৰণ কৰোৱাত সহায় কৰিব। এই ব্যৱস্থাই ধাৰাসাৰ বৰষুণ বা ঘন কুঁৱলীৰ দৰে প্ৰতিকূল বতৰতো সুচাৰুৰূপে বিমান চলাচল অব্যাহত ৰখাত সহায় কৰিব। 


উত্তৰ-পূব ভাৰতৰ অন্যতম প্রধান বিমান পৰিবহণ কেন্দ্ৰ হিচাপে গুৱাহাটী বিমানবন্দৰৰ সামৰ্থ্যক আৰু অধিক শক্তিশালী কৰি তুলিব। বিমান পৰিবহণৰ সুৰক্ষা আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ নীতি-নির্দেশনা অনুসৰণ কৰি এই প্ৰকল্পটোৰ বাবে ব্যাপক পৰিকল্পনা যুগুত কৰা হৈছিল আৰু ইয়াৰ সংস্থাপন, সূক্ষ্মতা পৰীক্ষা, বা পৰীক্ষামূলক চালন তথা আনুষ্ঠানিক শুভাৰম্ভৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন পৰ কৰা হয়। বিমানৰ সুৰক্ষিত অৱতৰণৰ সময়ত পাইলটে অবিৰতভাৱে সঠিক পথৰ সংকেত লাভ কৰিবলৈ এই আলোকসজ্জাৰ আন্তঃগাঁথনি, ইয়াৰ বিদ্যুৎ পৰিচালনা ব্যৱস্থা আৰু ফট'মেট্রিক কার্যক্ষমতাক অত্যন্ত সূক্ষ্মভাৱে অভিযান্ত্রিক তাৰ ৰূপ দিয়া হৈছে। এই পদক্ষেপ বিমানবন্দৰৰ অভ্যন্তৰীণ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, পৰিচালনা কার্যক্ষমতা বৃদ্ধি আৰু বিমান সুৰক্ষাৰ মান সুদৃঢ় কৰাৰ বাবে অব্যাহত এক ধাৰাবাহিক কাৰ্যসূচীৰ অংশ। 


উত্তৰ-পূব ভাৰতৰ মূল বিমান প্ৰৱেশদ্বাৰ ৰূপে পৰিচিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰে সমগ্ৰ অঞ্চলটোক দেশ-বিদেশৰ প্ৰধান চহৰসমূহৰ সৈতে সংযোগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বেয়া বতৰতো বিমান চলাচল অব্যাহত থাকিলে যাত্রীসকল হাৰাশাস্তিৰ পৰা ৰক্ষা পৰিব। লগতে বিমান সংস্থাসমূহেও সঠিক সময়সূচী বজাই ৰাখিব পাৰিব আৰু বিমানৰ পথ পৰিৱৰ্তন কৰাৰ লোকচান হ্রাস পাব। ৫৭০ মিটাৰ দৈর্ঘ্যৰ এই নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাৰ শুভাৰম্ভই প্রমাণ কৰে যে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ বিমান সুৰক্ষা, পৰিচালনা দক্ষতা আৰু নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষই ক্ষ আন্তঃগাঁথনিৰ উন্নয়নত ধাৰাবাহিকভাৱে বিনিয়োগ কৰি আহিছে। 


'৫৭০ মিটাৰ দৈৰ্ঘ্যৰ 'প্রেচিচন এপ্র'চ লাইটিং ছিষ্টেম' কার্যক্ষম কৰাটো গুৱাহাটী বিমানবন্দৰৰ বিমান চলাচল স্থানৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ দিশত আন এক গুৰুত্বপূৰ্ণ সফলতা। এই ব্যৱস্থাই বিমান অৱতৰণৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে প্রতিকূল বতৰতো বিমান চলাচল অব্যাহত ৰখাত সহায় কৰিব আৰু বিমান সুৰক্ষাৰ উচ্চ মান বজাই ৰখাৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ প্রতিষ্ঠা কৰিব। যাত্ৰীসকলৰ লগতে সহযোগী বিমান প্রতিষ্ঠানসমূহৰ বাবে এক সুৰক্ষিত, সুচল আৰু নিৰ্ভৰযোগ্য ভ্রমণ সেৱা সুনিশ্চিত কৰাৰ দিশত সদায় দায়বদ্ধ বুলি বিমানবন্দৰৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটী বিমান বন্দৰত ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ আলোক ব্যৱস্থা সংস্থাপন
নেপালত এতিয়াও সন্ধানহীন প্রায় ৪০০ ভাৰতীয়
ক্রিকেটক বিদায় জনাব ৰোহিত শৰ্মাই; টেলিভিছনৰ পৰ্দাত আৰম্ভ কৰিব নতুন ইনিংছ
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান