--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে দুপৰীয়া অপহৰণকাৰী সাগৰ ঘোষ আৰু মনিষা ঘোষে সম্বন্ধীয় ভিনিয়েক আৰু বায়েকৰ ঘৰত উপস্থিত হৈ কৌশলেৰে ভাগিনীয়েকক অপহৰণ কৰি লৈ যায়৷

ডিজিটেল ডেস্ক: মৰিয়নিত ভয়ংকৰ ঘটনা৷ সম্বন্ধীয় মোমায়েক আৰু মামীয়েকে অপহৰণ কৰিলে ৯ বছৰীয়া ভাগিনীয়েকক৷ মুক্তিপণ বিচাৰি দাবী ৬০ লাখ টকা৷ পৰৱৰ্তী সময়ত মৰিয়নিৰ পৰা অপহৰণ কৰা কন্যা শিশুকটিক আৰক্ষী আৰু মৰিয়নিৰ একাংশ সাংবাদিকৰ তৎপৰতাত নিশা দুই বজাত দেৰগাঁৱৰ ইচলামনগৰ পৰা উদ্ধাৰ কৰা লগতে দুজন অপহৰণকাৰী ক্ৰমে সাগৰ ঘোষ উৰফে টাৰজেন (সম্বন্ধীয় মোমায়েক)আৰু ৱাচিম ৰহমানক উৰফে কনকাইক দেৰগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় যদিও মামীয়েক মনিষা ঘোষ,ৰাহুল আলী আৰু মন নামৰ আন তিনিজন অপহৰণকাৰী বৰ্তমানেও পলাতক৷ 


অপহৰণৰ বাবে ব্যৱহাৰ কৰা AS05B 9917 নম্বৰৰ এখন Baleno বাহন আৰু AS05W 4263 নম্বৰৰ ৰঙা স্কুটি এখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইয়াৰে সাগৰ ঘোষক দেৰগাওঁৰ কয়লাখাটা আৰু ৱাচিম ৰহমানক দেৰগাঁৱৰ ইচলামনগৰৰ পৰা আটক কৰে৷ আনহাতে পলাতক ৰাহুল আলীৰ ঘৰ দেৰগাঁৱৰ ইচলাম নগৰৰ আৰু মনৰ ঘৰ দেৰগাঁৱৰ ফুকন নগৰত। 


মঙলবাৰে দুপৰীয়া অপহৰণকাৰী সাগৰ ঘোষ আৰু মনিষা ঘোষে সম্বন্ধীয় ভিনিয়েক আৰু বায়েকৰ ঘৰত উপস্থিত হৈ কৌশলেৰে ভাগিনীয়েকক অপহৰণ কৰি লৈ যায়৷ কেইবা ঘণ্টা ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত হুৱাদুৱা লাগে পৰিয়ালৰ মাজত৷ পৰৱৰ্তী সময়ত ৬০লাখ টকা মুক্তিপণ বিচৰাৰ লগতে নিৰ্দিষ্ট সময়ত দাবী কৰা ধন আদায় নিদিলে কিশোৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল অপহৰণকাৰীয়ে দলটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ