--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মন্দিৰৰ ওপৰৰ পাহাৰত ইছমাইলুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে পাহাৰৰ মাটি কাটি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলতেই বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি মন্দিৰৰ ভিতৰলৈ বৈ আহিছে।

ডিজিটেল ডেস্ক: শনিবাৰে নিশা নামি অহা ধাৰাসাৰ বৰষুণৰ ফলত পানীখাইতিৰ ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰলৈ দুৰ্যোগ নামি আহিছে। পাহাৰত নিৰ্মাণকাৰ্যৰ বাবে মাটি কাটি পেলোৱাৰ ফলত বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি নামি আহি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে।


ফলত পাহাৰৰ পৰা বৈ অহা ৰঙা মাটি আৰু পানীৰে ভৰি পৰে ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰৰ ভিতৰভাগ। মন্দিৰৰ পূজাৰী আৰু ভক্তসকলৰ মাজত এই ঘটনাই সৃষ্টি কৰিছে উদ্বেগৰ পৰিৱেশ।


মন্দিৰৰ পূজাৰীৰ অভিযোগ অনুসৰি, মন্দিৰৰ ওপৰৰ পাহাৰত ইছমাইলুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে পাহাৰৰ মাটি কাটি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলতেই বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি মন্দিৰৰ ভিতৰলৈ বৈ আহিছে।


ইফালে, মন্দিৰৰ ভিতৰত মাটি-পানী জমা হোৱাৰ ফলত পূজা-অৰ্চনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে পূজাৰী আৰু ভক্তসকল। ঐতিহাসিক মন্দিৰটোৰ সুৰক্ষা আৰু এনে ঘটনা পুনৰাবৃত্তি ৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী