--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিয়মিত লাল চাহ পান কৰিলে বেয়া কলেষ্টেৰলৰ মাত্ৰা কমে আৰু হৃদৰোগৰ ভাবুকি হ্ৰাস পায়।

ডিজিটেল ডেস্ক: অসমীয়া মানুহ চাহপ্ৰেমী। প্ৰতিটো পুৱা একাপ চাহেৰে প্ৰায় মানুহেই দিনটোৰ আৰম্ভণি কৰে। সহজে প্রস্তুত কৰিব পৰা কম খৰচী ৰঙা চাহকাপৰ গুণাগুণ জানিলে নিশ্চয় সকলো আচৰিত হ’ব৷ ইয়াৰ গুণাগুণৰ বাবেই হয়তো পৃথিৱীৰ বহু দেশত ৰঙা চাহ (বা ব্লেক টী) জনপ্রিয়৷


মাত্র ইয়াক বিভিন্ন ধৰণে তৈয়াৰ কৰি জুতি লোৱা হয়৷ আমাৰ ইয়াতো বিভিন্ন ধৰণে ৰঙা চাহৰ জুতি লোৱা হয়৷ ৰঙা চাহৰ লগত অকণমান নেমুৰ ৰস দিলে ইয়াৰ ৰংটো বৰ ধুনীয়া হৈ পৰে আৰু খাবলৈও সোৱাদ হয়৷ 


আদা বা তেজপাত দি বনোৱা ৰঙা চাহকাপৰ সুন্দৰ গোন্ধে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে৷ ঠিক তেনেকৈ বতৰ পৰিৱর্তনৰ সময়ত জ্বৰ, কাহ, চর্দি আদি হ’লে ৰহা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক খাবলৈ দিয়া হয়৷ এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধৰ দৰে কাম কৰে৷ তেজপাত, লং, ইলাচি, ডালচেনি আদি দি বনোৱা চাহকাপ ঔষধি গুণেৰে ভৰপূৰ, বহু ৰোগত উপকাৰী৷ আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পর্কে অলপ জানি থওঁ আহক


লাল চাহত কেলৰি প্ৰায় নাথাকে। ই শৰীৰৰ মেটাবলিজম বঢ়াই অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে।


নিয়মিত লাল চাহ পান কৰিলে বেয়া কলেষ্টেৰলৰ মাত্ৰা কমে আৰু হৃদৰোগৰ ভাবুকি হ্ৰাস পায়।


খোৱাৰ পিছত লাল চাহ খালে পেটৰ গেছ, বদহজম বা পেট ফুলা সমস্যা দূৰ হয়।


তেজত চেনিৰ মাত্ৰা ঠিক ৰাখাত লাল চাহ উপকাৰী।


ৰঙা চাহত বিভিন্ন উপকাৰী অণ্টিক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰক ফ্রী ৰেডিকেলৰ প্রতিকূল প্রভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷


ৰঙা চাহত থকা বিভিন্ন এণ্টিক্সিডেণ্টৰ বাবে চাহ খালে আমি অধিক কর্মক্ষম হৈ পৰোঁ, এলাহ–ভাগৰ পলকতে নাইকিয়া হয়৷


ৰঙা চাহত থকা এণ্টিক্সিডেণ্টে হার্টৰ বিভিন্ন ৰোগ প্রতিৰোধত সহায় কৰে বুলি জনা যায়৷ ইয়াৰ বাবে ৰঙা চাহত ডালচেনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়৷


নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়৷ অর্থাৎ ই ডায়েবেটিছ ৰোগ প্রতিৰোধ কৰাতো সহায় কৰে৷


নিয়মিতভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কার্যত বাধা দিয়ে৷ যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টি’পৰছিছ ৰোগ প্রতিৰোধ কৰাতো সহায় কৰে৷ সেয়েহে এই চাহ মহিলাসকলৰ বাবে বিশেষভাৱে উপকাৰী৷


ৰঙা চাহে আমাৰ পাচনতন্ত্রৰ কার্যক্ষমতা বৃদ্ধি কৰে, অন্ত্রত হোৱা বিভিন্ন বীজাণুৰ সংক্রমণ ৰোধ কৰাত সহায় কৰে৷


নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টেৰল, ট্রাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়৷


ৰঙা চাহত পোৱা পলিফেনল নামৰ এণ্টিক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেন্সাৰ প্রতিৰোধ কৰাত সহায় কৰে বুলি জনা যায়৷ যিসকল মহিলাই নিয়মিতভাৱে ৰঙা চাহ সেৱন কৰে, তেওঁলোকৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়৷


ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে৷ দুই–তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাপেও কাম কৰে৷


নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্রেছৰ সমস্যা কম কৰাত সহায় কৰে৷ কাৰণ ইয়াত থকা বিভিন্ন এণ্টিক্সিডেণ্টে ষ্ট্রেছ হৰম’ন কর্টিজল নিয়ন্ত্রণ কৰাত সহায় কৰে৷


ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ চেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়৷


হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাপে কাম কৰে আৰু চুলিৰ ৰং উজ্জ্বল কৰে৷


চকুৰ গুৰি ক’লা পৰা সমস্যাত টী বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান