--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভৰিৰ তলুৱাত থকা প্ৰেছাৰ পইণ্টসমূহত ঘাঁহৰ কোমল স্পৰ্শই চাপ পেলাই শৰীৰৰ আভ্যন্তৰীণ অংগবোৰ সক্ৰিয় কৰে।

ডিজিটেল ডেস্ক: পুৱা খালী ভৰিৰে ঘাঁহনিত খোজ কাঢ়িলে শৰীৰে বহু উপকাৰিতা লাভ কৰে। বহু লোকে পুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়ি ভাল পায়। পুৱা সোনকালে ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ বাবে অতিকৈ উপকাৰী হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। চিকিৎসকৰ মতে, ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কঢ়াক আৰ্থিং বা গ্ৰাউণ্ডিং বোলা হয়।


বহু গৱেষণাত দেখা গৈছে যে এইটো স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষজ্ঞৰ মতে, প্ৰতিদিনে পুৱা ১০ৰ পৰা পৰা ৩০ মিনিট সময় খোজ কাঢ়িব লাগে। ঠাইখিনি পৰিষ্কাৰ আৰু ঘাঁহ ভাল হ’লে কেইমিনিটমান খালী ভৰিৰে খোজ কাঢ়িব লাগে। নিয়ৰত তিতি থকা ঘাঁহনিত খোজ কাঢ়িলে শৰীৰৰ লগতে মনটোৱেও বৰ আৰাম পায়। 


শাৰীৰিক লাভালাভ


১) স্নায়ু সক্ৰিয় কৰে: ভৰিৰ তলুৱাত থকা প্ৰেছাৰ পইণ্টসমূহত ঘাঁহৰ কোমল স্পৰ্শই চাপ পেলাই শৰীৰৰ আভ্যন্তৰীণ অংগবোৰ সক্ৰিয় কৰে।


২) দৃষ্টিশক্তি উন্নত কৰে: ভৰিৰ তলুৱাৰ নিৰ্দিষ্ট স্নায়ুত পৰা চাপে চকুৰ কাৰ্যক্ষমতা বঢ়োৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।


৩) পেশী শক্তিশালী কৰে: খালী ভৰিৰে ঘাঁহনিত খোজকাঢ়িলে গোৰোহা, লিগামেণ্ট আৰু ভৰিৰ পেশীসমূহ শক্তিশালী হয়।


৪) প্ৰদাহ হ্ৰাস: মাটিৰ সংস্পৰ্শত আহিলে মানুহৰ শৰীৰৰ প্ৰদাহ হ্ৰাস পোৱাৰ লগতে ফ্ৰী ৰেডিকেলৰ বিপজ্জনক প্ৰভাৱ ৰোধ কৰিব পৰা যায়। ঘাঁহনিত খালী খালী ভৰিৰে খোজ কাঢ়িলে অন্য বহু ৰোগৰ পৰা ৰক্ষা পৰা যায়।


৫) হৃদযন্ত্ৰৰ ক্ৰিয়া উন্নত: ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িলে হৃদযন্ত্ৰৰ ক্ৰিয়া উন্নত কৰিব পাৰি। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বহু পৰিমাণে হ্ৰাস পায়।



মানসিক লাভালাভ


১) উদ্বেগ হ্ৰাস: ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পাব পাৰে। আৰু ইয়াৰ ফলত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও উন্নত হয়।


২) মন ভালে থাকে: মাটিত খালী ভৰিৰে খোজ কাঢ়িলে মন ভালে থাকে। শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে। ভৰিৰ তলত যেতিয়া কোমল আৰু শীতল ঘাঁহনি খিনি লাগে, তেতিয়া মন শান্ত হৈ অত্যন্ত আৰাম অনুভৱ কৰা যায়।


৩) মানসিক চাপ কমায়: প্ৰকৃতিৰ কোলাত আৰু কেঁচা ঘাঁহত খোজ কাঢ়িলে মনৰ উদ্বেগ আৰু ক্লান্তি দূৰ হয়।


৪) সতেজ অনুভৱ: পুৱাৰ সতেজ বতাহ আৰু নিয়ৰভেদী পৰিৱেশে সমগ্ৰ দিনটোৰ বাবে শক্তি আৰু প্ৰশান্তি যোগায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান