--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চালাডত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনতন্ত্ৰক সঠিকভাৱে কাম কৰাত সহায় কৰে।

ডিজিটেল ডেস্ক: দুপৰীয়াৰ আহাৰ আমাৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ আহাৰ। এই সময়ত স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় শক্তি পোৱা যায়। সাধাৰণতে আমি ভাত বা ৰুটিৰ লগতে চালাড খোৱাটো এক ভাল অভ্যাস।


চালাড খোৱাৰ প্ৰধান লাভালাভসমূহ তলত উল্লেখ কৰা হ’ল:


পাচনতন্ত্ৰ শক্তিশালী কৰে: চালাডত প্ৰচুৰ পৰিমাণে আঁহ (Fiber) থাকে, যিয়ে পাচনতন্ত্ৰক সঠিকভাৱে কাম কৰাত সহায় কৰে। ই পেট ফুলা সমস্যা দূৰ কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে।


ওজন নিয়ন্ত্ৰণত সহায়ক: দুপৰীয়াৰ আহাৰৰ লগত চালাড খালে পেট ভৰি থাকে, যাৰ বাবে বাৰে বাৰে অস্বাস্থ্যকৰ বা অতিৰিক্ত খাদ্য খোৱাৰ প্ৰবৃত্তি নিয়ন্ত্ৰণ হয়। ই ওজন নিয়ন্ত্ৰণ কৰাত প্ৰধান ভূমিকা লয়।


ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস: তিয়ঁহ, বীট, পিয়াঁজ, বিলাহী, মূলা আদিত বিভিন্ন প্ৰয়োজনীয় খনিজ পদাৰ্থ আৰু ভিটামিন থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


চকু আৰু ছালৰ বাবে উপকাৰী: বিলাহী আৰু গাজৰ আদি চালাডত অন্তৰ্ভুক্ত কৰিলে ভিটামিন এ আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ লগতে ছালখন উজ্বল আৰু নৰম কৰি ৰাখে।


শৰীৰ হাইড্ৰেটেড কৰি ৰাখে: তিয়ঁহ আৰু বিলাহীৰ দৰে কেঁচা পাচলিত পানীৰ পৰিমাণ সৰ্বাধিক থাকে। ই গৰমৰ দিনত শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিয়ে আৰু শৰীৰ শীতল কৰি ৰাখে।


হৃদযন্ত্ৰ সুস্থ ৰাখে: কেঁচা শাক-পাচলিত কেলৰি আৰু বেয়া চৰ্বি (Bad cholesterol) অতি কম থাকে। ই তেজৰ চাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰখাত সহায় কৰে।


শক্তিশালী এনাৰ্জি বাৰ্হক: দুপৰীয়া চালাড খালে শৰীৰে লগে লগে প্ৰয়োজনীয় পুষ্টি লাভ কৰে, যাৰ ফলত আহাৰ গ্ৰহণৰ পিছত অহা এলেহুৱা ভাব বা ভাগৰুৱা অনুভৱ দূৰ হয়।


গতিকে, আজিৰ পৰাই আপোনাৰ দুপৰীয়াৰ আহাৰত চালাড নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান