--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শ্ৰীলংকাৰ প্ৰেমাদাসা ষ্টেডিয়ামত মুখামুখি হ’ব দুই ৰাষ্ট্ৰ-ভাৰত আৰু বাংলাদেশ৷এই ক্ষেত্ৰত নাম ওলাইছে এজন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰৰ নাম৷  ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ  আকাশ চোপ্ৰাই কয় যে ভাৰতে শ্ৰেয়স আয়াৰ ফিট হ’লে বাংলাদেশৰ বিৰুদ্ধে খেলিব লাগে।উল্লেখ্য যে চলি থকা এছিয়া কাপ ২০২৩ৰ অন্তিমখন ছুপাৰ-৪ মেচত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব।

নিজৰ Youtube চেনেলত ভিডিঅ’ দি চোপ্ৰাই কয় যে তেওঁ বিচাৰে যে আয়াৰে ফিট হ’লে খেলিব আৰু তেওঁ কয় যে তেওঁ সঁচাকৈয়ে নেটত যথেষ্ট কষ্ট কৰিছে।আয়াৰে পিঠিৰ আঘাতৰ বাবে  ভাৰতৰ ছুপাৰ-৪ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

তেওঁ আৰু কয় যে ভাৰতৰ বেটিং অৰ্ডাৰৰ এজন জ্যেষ্ঠ সদস্যৰ পৰিৱৰ্তে আয়াৰ সোমাই আহিব লাগে। বাংলাদেশৰ বিৰুদ্ধে বিৰাট কোহলীক জিৰণি দিয়াৰ লগতে কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেল খেলৰ বাবে তেওঁক সুস্থিৰ কৰি ৰাখিব বুলিও চোপ্ৰাই কয়। স্মৰ্তব্য যে চলি থকা এছিয়া কাপত কোহলীয়ে তিনিটা ইনিংছত প্ৰায় ১২৯ ৰান সংগ্ৰহ কৰিছে।

১৭ ছেপ্টেম্বৰত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৩ৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত