--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • X যোগে পদত্যাগৰ কথা ঘোষণা কৰি ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, কোনো শক্তিয়ে যাতে পৰিস্থিতিৰ সুযোগ লৈ ছাত্ৰ সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক: অৱশেষত দেশজুৰি অব্যাহত থকা তীব্ৰ ছাত্ৰ আন্দোলন আৰু প্ৰতিবাদৰ ওচৰত শিৰনত হ’বলগীয়া হ’ল কেন্দ্ৰীয় চৰকাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশিকা পৰীক্ষাৰ সাল-সলনি তথা বিভিন্ন অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক অসন্তুষ্টিৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।  


দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু বিৰোধী দলসমূহে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। পৰীক্ষাৰ অনিয়ম আৰু কেলেংকাৰীক লৈ উত্তাল হৈ পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে জানিব পৰা গৈছে। সামাজিক মাধ্যম এক্স (X) যোগে পদত্যাগৰ কথা ঘোষণা কৰি ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, কোনো শক্তিয়ে যাতে পৰিস্থিতিৰ সুযোগ লৈ ছাত্ৰ সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে কেৱল নিজৰ পঢ়া-শুনাত মনোযোগ দিব পাৰে আৰু আইনী জটিলতাত তেওঁলোকৰ ভৱিষ্যত নষ্ট নহয়, সেয়েহে তেওঁ প্ৰধানমন্ত্ৰীৰ হাতত পদত্যাগ পত্ৰ তুলি দিয়ে। 


দেশৰ বিভিন্ন প্ৰান্তত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মক লৈ তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছিল। প্ৰতিবাদকাৰীসকলৰ মুখ্য দাবী আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদকাৰী পক্ষৰ মাজত কেইবাৰো বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা কঠিন হৈ পৰিছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শিক্ষামন্ত্ৰীয়ে মন্ত্ৰিত্বৰ পৰা অব্যাহতি লয়।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ