--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২০ বছৰত খাদ্যৰ পৰা বঞ্চিত হৈ থকা লোকৰ সংখ্যা দেশত ৪২ শতাংশ হ্রাস পাইছে। এই খবৰে ভাৰতৰ খাদ্য সুৰক্ষা আৰু কল্যাণমূলক কার্যসূচীৰ সফলতাক প্রতিফলিত কৰিছে।

ডিজিটেল ডেস্ক: ক্ষুধাৰ বিৰুদ্ধে যুঁজি ভাৰতে লক্ষণীয়ভাৱে সফলতা লাভ কৰিছে যদিও দেশৰ কোটি কোটি নাগৰিকে এতিয়াও স্বাস্থ্যকাৰক খাদ্য গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। বিশ্বৰ খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক ২০২৬ বৰ্ষৰ শেহতীয়া প্রতিবেদনত প্রকাশ পাইছে যে যোৱা দুটা দশকত দেশৰ জনতাৰ ভোক নিবাৰণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে।


ৰাষ্ট্ৰসংঘৰ পাঁচটা সংস্থাই প্রস্তুত কৰা প্ৰতিবেদনখনত একে সময়তে সতর্ক কৰি দিয়া হৈছে যে ভাৰতত খাদ্যৰ বৰ্ধিত দামে বৃহৎ সংখ্যক জনতাক পুষ্টিকৰ খাদ্য ক্রয় কৰাৰ পৰা বঞ্চিত কৰিছে। প্রতিবেদনখনত দুটা বিপৰীত দিশ ভাৰতৰ ক্ষেত্ৰত উন্মোচিত হৈছে। ভোক নিবাৰণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে। 


যোৱা ২০ বছৰত খাদ্যৰ পৰা বঞ্চিত হৈ থকা লোকৰ সংখ্যা দেশত ৪২ শতাংশ হ্রাস পাইছে। এই খবৰে ভাৰতৰ খাদ্য সুৰক্ষা আৰু কল্যাণমূলক কার্যসূচীৰ সফলতাক প্রতিফলিত কৰিছে। কিন্তু দেশৰ ৫২ কোটি জনতাই (৫২০ মিলিয়ন) নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য ক্রয় কৰাত ব্যর্থ হৈছে। পুষ্টিকৰ খাদ্যৰ অত্যধিক দামৰ বাবে দেশত পুষ্টিকৰ খাদ্য গ্রহণ কৰা লোকৰ হাৰ ২৯ শতাংশ হ্রাস পাইছে। প্রতিবেদখনত উল্লেখ কৰা হৈছে যে যোৱা ছটা বছৰত ভাৰতত স্বাস্থ্যকৰ খাদ্যৰ দাম দুই-তৃতীয়াংশতকৈও অধিক বৃদ্ধি পাইছে।


প্রতিবেদনখনৰ মতে ভাৰতৰ লোকসকলে পেট ভৰাই খাবলৈ পাইছে ঠিকেই, কিন্তু পুষ্টিসমৃদ্ধ খাদ্য, যেনে- ফল-মূল, শাক-পাচিল, দাইল আৰু প্রটিনজাতীয় খাদ্য পর্যাপ্ত পৰিমাণে খাবলৈ পোৱা নাই। ৰাষ্ট্ৰসংঘৰ এই প্রতিবেদনত ভাৰতৰ লোকসকলে যে ভবিষ্যতে আৰু পুষ্টিহীনতাত ভুগিব, সেই আশংকা অধিক ঘনীভূত হৈ পৰিছে। উল্লেখযোগ্য যে খুচুৰা মুদ্রাস্ফীতি হোৱাৰ বাবে দেশৰ পৰিয়ালৰ ঘৰুৱা বাজেটত গুৰুতৰ প্ৰভাৱ পৰিছে। ইয়াৰ বাবে ভাৰতীয় উপভোক্তাই সম্ভীয়া খাদ্য সামগ্রী ক্রয়ত গুৰুত্ব দিবলগীয়া হৈছে। 


বিশেষজ্ঞসকলৰ মতে কৃষি খণ্ডত বহনক্ষম বিনিয়োগ, সক্ষম যোগান শৃংখল আৰু খাদ্যৰ অপচয় হ্রাস কৰিলে ভাৰতে পৰিপুষ্টিৰ ক্ষেত্রত সফলতা লাভ কৰিব পাৰে। লক্ষণীয়ভাৱে ভাৰতে বর্তমান পুষ্টিহীনতা আৰু মেদবহুলতা দুয়োটা সমস্যাৰ সৈতে যুঁজি আছে। দেশৰ ৩২.৯ শতাংশ শিশু বর্তমান পুষ্টিহীনতাৰ কবলত পৰিছে। একে সময়তে ৩.৭ শতাংশ শিশুৱে মেদবহুলতাত ভুগিছে। ২০১২ চনৰ পৰা বয়স্ক লোকৰ মেদবহুলতা প্রায় দুগুণ বৃদ্ধি কৰিছে। আনহাতে, প্রতিবেদনখনৰ মতে, তিনি বছৰৰ বাবে একেৰাহে বিশ্বৰ ক্ষুধা নিবাৰণৰ সংখ্যা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিশ্বৰ ৬৪৫ মিলিয়ন লোকহে যোৱা বছৰ দুর্ভিক্ষৰ কবলত পৰিছিল। উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ