--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২০ বছৰত খাদ্যৰ পৰা বঞ্চিত হৈ থকা লোকৰ সংখ্যা দেশত ৪২ শতাংশ হ্রাস পাইছে। এই খবৰে ভাৰতৰ খাদ্য সুৰক্ষা আৰু কল্যাণমূলক কার্যসূচীৰ সফলতাক প্রতিফলিত কৰিছে।

ডিজিটেল ডেস্ক: ক্ষুধাৰ বিৰুদ্ধে যুঁজি ভাৰতে লক্ষণীয়ভাৱে সফলতা লাভ কৰিছে যদিও দেশৰ কোটি কোটি নাগৰিকে এতিয়াও স্বাস্থ্যকাৰক খাদ্য গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। বিশ্বৰ খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক ২০২৬ বৰ্ষৰ শেহতীয়া প্রতিবেদনত প্রকাশ পাইছে যে যোৱা দুটা দশকত দেশৰ জনতাৰ ভোক নিবাৰণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে।


ৰাষ্ট্ৰসংঘৰ পাঁচটা সংস্থাই প্রস্তুত কৰা প্ৰতিবেদনখনত একে সময়তে সতর্ক কৰি দিয়া হৈছে যে ভাৰতত খাদ্যৰ বৰ্ধিত দামে বৃহৎ সংখ্যক জনতাক পুষ্টিকৰ খাদ্য ক্রয় কৰাৰ পৰা বঞ্চিত কৰিছে। প্রতিবেদনখনত দুটা বিপৰীত দিশ ভাৰতৰ ক্ষেত্ৰত উন্মোচিত হৈছে। ভোক নিবাৰণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে। 


যোৱা ২০ বছৰত খাদ্যৰ পৰা বঞ্চিত হৈ থকা লোকৰ সংখ্যা দেশত ৪২ শতাংশ হ্রাস পাইছে। এই খবৰে ভাৰতৰ খাদ্য সুৰক্ষা আৰু কল্যাণমূলক কার্যসূচীৰ সফলতাক প্রতিফলিত কৰিছে। কিন্তু দেশৰ ৫২ কোটি জনতাই (৫২০ মিলিয়ন) নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য ক্রয় কৰাত ব্যর্থ হৈছে। পুষ্টিকৰ খাদ্যৰ অত্যধিক দামৰ বাবে দেশত পুষ্টিকৰ খাদ্য গ্রহণ কৰা লোকৰ হাৰ ২৯ শতাংশ হ্রাস পাইছে। প্রতিবেদখনত উল্লেখ কৰা হৈছে যে যোৱা ছটা বছৰত ভাৰতত স্বাস্থ্যকৰ খাদ্যৰ দাম দুই-তৃতীয়াংশতকৈও অধিক বৃদ্ধি পাইছে।


প্রতিবেদনখনৰ মতে ভাৰতৰ লোকসকলে পেট ভৰাই খাবলৈ পাইছে ঠিকেই, কিন্তু পুষ্টিসমৃদ্ধ খাদ্য, যেনে- ফল-মূল, শাক-পাচিল, দাইল আৰু প্রটিনজাতীয় খাদ্য পর্যাপ্ত পৰিমাণে খাবলৈ পোৱা নাই। ৰাষ্ট্ৰসংঘৰ এই প্রতিবেদনত ভাৰতৰ লোকসকলে যে ভবিষ্যতে আৰু পুষ্টিহীনতাত ভুগিব, সেই আশংকা অধিক ঘনীভূত হৈ পৰিছে। উল্লেখযোগ্য যে খুচুৰা মুদ্রাস্ফীতি হোৱাৰ বাবে দেশৰ পৰিয়ালৰ ঘৰুৱা বাজেটত গুৰুতৰ প্ৰভাৱ পৰিছে। ইয়াৰ বাবে ভাৰতীয় উপভোক্তাই সম্ভীয়া খাদ্য সামগ্রী ক্রয়ত গুৰুত্ব দিবলগীয়া হৈছে। 


বিশেষজ্ঞসকলৰ মতে কৃষি খণ্ডত বহনক্ষম বিনিয়োগ, সক্ষম যোগান শৃংখল আৰু খাদ্যৰ অপচয় হ্রাস কৰিলে ভাৰতে পৰিপুষ্টিৰ ক্ষেত্রত সফলতা লাভ কৰিব পাৰে। লক্ষণীয়ভাৱে ভাৰতে বর্তমান পুষ্টিহীনতা আৰু মেদবহুলতা দুয়োটা সমস্যাৰ সৈতে যুঁজি আছে। দেশৰ ৩২.৯ শতাংশ শিশু বর্তমান পুষ্টিহীনতাৰ কবলত পৰিছে। একে সময়তে ৩.৭ শতাংশ শিশুৱে মেদবহুলতাত ভুগিছে। ২০১২ চনৰ পৰা বয়স্ক লোকৰ মেদবহুলতা প্রায় দুগুণ বৃদ্ধি কৰিছে। আনহাতে, প্রতিবেদনখনৰ মতে, তিনি বছৰৰ বাবে একেৰাহে বিশ্বৰ ক্ষুধা নিবাৰণৰ সংখ্যা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিশ্বৰ ৬৪৫ মিলিয়ন লোকহে যোৱা বছৰ দুর্ভিক্ষৰ কবলত পৰিছিল। উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু