--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ আগত আছে মার্কিন যুক্তৰাষ্ট্ৰ, চীন, জার্মানি, জাপান আৰু ইউনাইটেড কিংডম।

ডিজিটেল ডেস্ক : ভাৰতীয় অৰ্থনীতিৰ স্থান অৱনমিত হৈছে। বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত এতিয়া ভাৰতৰ স্থান ষষ্ঠলৈ অৱনমিত হৈছে। ভাৰতৰ আগত আছে মার্কিন যুক্তৰাষ্ট্ৰ, চীন, জার্মানি, জাপান আৰু ইউনাইটেড কিংডম। 


কালি সংসদত চৰকাৰে দাখিল কৰা তথ্যৰ পৰা এই কথা জনা হৈছে। ৰাজ্য সভাত কালি চৰকাৰে জনোৱা মতে আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) এপ্রিলত প্রকাশ পোৱা 'ৱৰ্ল্ড ইক'নমিক আউটলুক' প্রতিবেদনৰ মতে ভাৰতৰ নমিনেল মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৩.৯২ লাখ কোটি মার্কিন ডলাৰ (৩৭৩.৭৫ লাখ কোটি টকা)। ইয়াৰ ফলত ভাৰতৰ স্থান বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ দেশবোৰৰ তালিকাত ষষ্ঠলৈ অৱনমিত হয়। 


বিত্ত দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্য সভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে। তেওঁ সদনক জনায় যে আই এম এফৰ ৰেংকিং শেহতীয়া মার্কিন ডলাৰৰ বিনিময় মূল্যক ভিত্তি কৰি জি ডি পি নিৰ্ধাৰণ কৰা হয়। সেয়েহে আপেক্ষিক ৰেংকিং বিভিন্ন কাৰণত সলনি হ'ব পাৰে। চৌধৰীয়ে কয় যে চৰকাৰে ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে এক ব্যাপক কৌশল গ্রহণ কৰিছে। তেওঁ সদনক জনায় যে এই কৌশল কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি, 'প্রডাকশ্যন-লিংকড ইনছেন্টিভ স্কীম'ৰ দৰে পদক্ষেপ আৰু 'কোৱালিটি কন্ট্রল' শিথিল কৰি উৎপাদন বৃদ্ধিত উৎসাহ যোগোৱা, মজলীয়া, ক্ষুদ্র, অতি ক্ষুদ্র উদ্যোগক (এম এছ এম ই) শক্তিশালী কৰা, বিশ্বপৰ্যায়ৰ আন্তঃগাঁথনিৰ বিস্তাৰ কৰা, পি এম গতিশক্তি আৰু 'নেশ্যনেল লজিষ্টিক পলিচি'ৰ জৰিয়তে লজিষ্টিক্‌ছ উন্নত কৰা আৰু উদ্ভাৱন, ডিজিটেলীকৰণ তথা গৱেষণা বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে। 


মন্ত্রীজনে কয় যে চৰকাৰে অহৰহ চৰকাৰী 'কেপেক্স', উদাৰ বিদেশী প্রত্যক্ষ বিনিয়োগ নীতি, প্রত্যক্ষ কৰা আৰু জি এছ টিৰ সংস্কাৰৰ জৰিয়তে এক দক্ষ আৰু সৰল কৰ প্ৰণালী আৰু 'ইজ অব ডুয়িং বিজনেছ'ত অহৰহ সংস্কাৰৰ মাধ্যমেৰে বিনিয়োগ বৃদ্ধি কৰি আহিছে। ইয়াৰ উপৰি বিবেচনাপূর্ণ 'ফিছকেল মেনেজমেন্ট আৰু মূল্য সুস্থিৰতাৰ জৰিয়তে মেক্র'-ইক'নমি সুস্থিৰ কৰি ৰাখি মুক্ত বাণিজ্য চুক্তি আৰু ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব/সহযোগিতা চুক্তিৰ নেটৱৰ্ক বিস্তাৰ কৰি বাহ্যিক প্রতিযোগিতা তথা বাণিজ্যিক স্থিতিস্থাপকতা শক্তিশালী কৰিছে। মন্ত্ৰীজনে লগতে প্রকাশ কৰে যে 'নেশ্যনেল ছিকিউৰিটিজ ডিপ'ডিটৰী লিমিটেড'ৰ তথ্য মতে, জানুৱাৰীৰ পৰা ৫ আগষ্টলৈকে বিদেশী পর্টফলিঅ' বিনিয়োগকাৰীৰ দ্বাৰা মুঠ বিক্রী ২৯.৮ লাখ টকা আছিল। তেওঁ আন এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ মুঠ 'নন পার্ফমিং এছেটছ' (জি এন পি এ) বিগত তিনিটা বিত্তীয় বর্ষত হ্রাস পাইছে আৰু ২০২৪ চনৰ ৩১ মাৰ্চত ৩,৩৯,৫৪১ কোটি টকাৰ পৰা যোৱা ৩১ মার্চত ২,৪৫,৬৩৪ কোটি টকালৈ হ্রাস পাইছে। 


আনহাতে সংসদত চৰকাৰে জনোৱা মতে, খাৰুৱা তেলৰ দাম বৃদ্ধি, মধ্য প্রাচ্যৰ যুদ্ধৰ ফলত সাৰৰ আমদানিত সৃষ্টি হোৱা জটিলতাৰ ফলত দাম বৃদ্ধি পোৱা সত্ত্বেও দেশৰ 'কাৰেণ্ট একাউন্ট ডেফিচিট' (চি এ ডি) জুন মাহত বিগত পাঁচ মাহৰ ভিতৰত সর্বাধিক ৩০০০ কোটি ডলাৰৰ অধিক হয়। চৰকাৰে সংসদত জনোৱা মতে জুন মাহত চি এ ডি ৩০৪০ কোটি ডলাৰ হয়গৈ। কিন্তু জুন মাহৰ ঘাটিক লৈ সমগ্ৰ বছৰটোৰ হিচাপ কৰাটো ভুল হ'ব। চৰকাৰৰ মতে জুন মাহৰ চি এ ডি বছৰৰ গড় হিচাপত সামান্য বেছি।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ