--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাম মন্দিৰৰ কাৰ্য পৰিচালনা কৰা শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসৰ ধনৰ লেনদেনৰ বিষয়ত ক্রম্পট্ৰলাৰ আৰু অডিটৰ জেনেৰেল (কেগ)-ৰ হিচাপ পৰীক্ষা বিচাৰিছে।

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ - দান-বৰঙনি চুৰিৰ গোচৰৰ ন্যায়ালয়ৰ নিৰীক্ষণত এছ আই টিৰ (এছ আই টি) তদন্ত বিচাৰি কৰা এলানি আৱেদনৰ শুনানি ১৭ আগষ্টত গ্ৰহণ কৰা হ'ব। সোমবাৰে উচ্চতম ন্যায়ালয়ে এই কথা জনায়। ভাৰতৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনৰ পীঠক এজন অধিবক্তাই জনায় যে উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থাকিবলগীয়া ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা এক অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰসংঘলৈ গৈছে। সেয়ে পীঠে এই বিষয়ৰ শুনানি ১৭ আগষ্টলৈ পিছুৱাই দিয়ে। 


উল্লেখযোগ্য যে এই বিষয়ত উচ্চতম ন্যায়ালয়ত তিনিখন আৱেদন দাখিল কৰা হৈছিল। উক্ত তিনিজন আৱেদনকাৰীৰ অন্যতম নৰেন্দ্ৰ কুমাৰ গোস্বামীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ বিষয়ত কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চি বি আই) তদন্তৰ বাবে অনুৰোধ জনাইছে।


তদুপৰি, ৰাম মন্দিৰৰ কাৰ্য পৰিচালনা কৰা শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসৰ ধনৰ লেনদেনৰ বিষয়ত ক্রম্পট্ৰলাৰ আৰু অডিটৰ জেনেৰেল (কেগ)-ৰ হিচাপ পৰীক্ষা বিচাৰিছে। একে ব্যৱস্থা বিচাৰি অজয় কুমাৰ ৰায় আৰু দীনেশ কুমাৰ যাদৱেও উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। 


আনহাতে আৰ জে ডিৰ সাংসদ সুধাকৰ সিঙে দাখিল কৰা তৃতীয়খন আৱেদনত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আইৰ তদন্ত বিচৰাৰ উপৰি মন্দিৰ ন্যাসৰ সমস্ত লেনদেনৰ ফৰেনছিক অডিট (ফৰেনছিক হিচাপ পৰীক্ষা) বিচৰা হৈছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস