--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰশাসন আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইখিনিক উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।

ডিজিটেল ডেস্ক: যোৰহাটত সংঘটিত হৈছে এক কৰুণ ঘটনা। যোৰহাট নগৰৰ ডিচিবি পথৰ কাষৰ গছসমূহত আশ্ৰয় লৈ থকা জাক জাক শামুকভঙা চৰাইৰ জীৱনলৈ নামি আহিল কাল অমানিশা। 


দেওবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত সৰ্বমুঠ ৬২টা শামুকভঙা চৰাইৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰোপৰি আন ৬৮টা চৰাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আন দিনাৰ দৰেই পথৰ কাষৰ গছকেইজোপাত আশ্ৰয় লৈ আছিল চৰাইকেইটাই।


বৰ্তমান মৃত আৰু জীৱিত চৰাইসমূহ যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে। প্ৰশাসন আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইখিনিক উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ যোৰহাট চহৰত শোকৰ ছাঁ পেলাইছে।


ঘটনাটোৱে প্ৰকৃতিপ্ৰেমী তথা পক্ষীবিদসকলক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। বন বিভাগ তথা স্থানীয় লোকসকলৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইসমূহক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী