--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাছবিধৰ ঠেং কেইখন পাখি সদৃশ আৰু ই জপিয়াইও যাব পাৰে আৰু এই প্ৰজাতিটো অতি খঙাল বুলিও জানিবলৈ দিয়ে বনবিভাগৰ লোকে।

ডিজিটেল ডেস্ক: ৰঙামাটিৰ গুলুংটেমেৰাত উদ্ধাৰ হৈছে এক বিৰল প্ৰজাতিৰ বিয়াগোম কাছ। দেওবাৰে নিশা ৮.৩০ বজাত এঘৰ মানুহৰ ঢেঁকী জালত এই বিৰল প্ৰজাতিৰ কাছটো উদ্ধাৰ হয়।  


আগতে কাহানিও নেদেখা এনে বিৰল প্ৰজাতিৰ কাছবিধ দেখি স্থানীয় ৰাইজ হতবাক হৈ পৰে। 


দেখিবলৈ আন প্ৰজাতিৰ কাছতকৈ অলপ বেলেগ ধৰণৰ এইবিধ কাছ। সচৰাচৰ সকলোৱে কাছ দেখিছে যদিও এনেকুৱা আঁক বাঁক থকা কাছ সেই অঞ্চলত দেখিবলৈ পোৱা নাই।


ওচৰ চুবুৰীয়াৰ লগত আলোচনা মৰ্মে মানুহঘৰে লৰালৰিকৈ নুমলীগড় বন প্ৰহৰী বিষয়া কাৰ্যালয়ত খবৰ দিয়াত তেওঁলোকে উপস্থিত হৈ সাক্ষী হিচাপে লিখা এখন দিয়ে আৰু কাছটোক লৈ যায়।


বন বিভাগৰ মতে এই কাছবিধৰ নাম বেং বগিয়া আৰু ই এক বিৰল প্ৰজাতিৰ কাছ। সেয়ে সচৰাচৰ এইবিধ কাছ কমকৈ দেখিবলৈ পোৱা যায়। কাছবিধৰ ঠেং কেইখন পাখি সদৃশ আৰু ই জপিয়াইও যাব পাৰে আৰু এই প্ৰজাতিটো অতি খঙাল বুলিও জানিবলৈ দিয়ে বনবিভাগৰ লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান