--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাক কেন্দ্ৰ কৰি বিহুবৰ থানাত Case No
  • 10/26, ধাৰা 103(1)/3(5) BNS-ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।

ডিজিটেল ডেস্ক: শিৱসাগৰৰ বিহুবৰত মানসজ্যোতি চেতিয়াৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ সত্য উদ্ঘাটনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে।


ঘটনাক কেন্দ্ৰ কৰি বিহুবৰ থানাত Case No. 10/26, ধাৰা 103(1)/3(5) BNS-ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।


শিৱসাগৰৰ SSP পাপৰি চেতিয়া, APS-ৰ নেতৃত্বত আৰম্ভ হৈছে সমগ্ৰ ঘটনাৰ গভীৰ তদন্ত। SSPগৰাকীয়ে নিজে ঘটনাস্থলীত উপস্থিত থাকি তদন্তৰ তদাৰক কৰিছে।


কে জে শইকীয়া, IPS, IG (ER) ইতিমধ্যে বিহুবৰৰ অভিমুখে ৰাওনা হৈছে। আনহাতে, ড° ৰবীন কুমাৰ, IPS, DIG, অসম আৰক্ষী হেডকোৱাৰ্টাৰ আৰু এটা ফৰেনছিক দল গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা হৈছে।


মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে।


উল্লেখ্য যে বানপীড়িত ৰাইজৰ সেৱাত অহৰহ নিয়োজিত হৈ থকা বীৰ লাচিত সেনাৰ নিষ্ঠাৱান কৰ্মী মানসজ্যোতি চেতিয়াৰ নশ্বৰ দেহ মঙলবাৰে নিশা শিমলুগুৰিত উপস্থিত হয়। দেওবাৰে নিশা এক ৰহস্যজনক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে যুৱকজনে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই বুলি মন্তব্য কাৰে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই মানসজ্যোতিক ‘জাতীয় শ্বহীদ’ ঘোষণা কৰাৰ লগতে এয়া এক পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।


দেওবাৰে নিশা প্ৰায় ১০ বজাত প্ৰজাবস্তিত পথৰ কাষত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল সংগ্ৰামী যুৱক মানসজ্যোতি চেতিয়াক। মঙলবাৰে পুৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে অকাল বিয়োগ ঘটে মানসৰ। কিন্তু মানসৰ আকস্মিক মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। শনিবাৰে বিহুবৰৰ এটা গৃহহীন পৰিয়ালক সহায় কৰিবলৈ গৈ স্থানীয় আবিদুৰ ৰহমান নামৰ লোকজনৰ পৰিয়ালৰ সৈতে বাক-বিতণ্ডা হৈছিল মানসজ্যোতিৰ। কিন্তু তাৰ এদিন পাছতেই দেওবাৰে নিশা ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হয় মানসজ্যোতি চেতিয়া৷ 


এয়া এক দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি ৰাইজে উচিত তদন্তৰ দাবী কৰে। অৱশেষত এই বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষীপ্ৰ তদন্ত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী