--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাক কেন্দ্ৰ কৰি বিহুবৰ থানাত Case No
  • 10/26, ধাৰা 103(1)/3(5) BNS-ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।

ডিজিটেল ডেস্ক: শিৱসাগৰৰ বিহুবৰত মানসজ্যোতি চেতিয়াৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ সত্য উদ্ঘাটনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে।


ঘটনাক কেন্দ্ৰ কৰি বিহুবৰ থানাত Case No. 10/26, ধাৰা 103(1)/3(5) BNS-ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।


শিৱসাগৰৰ SSP পাপৰি চেতিয়া, APS-ৰ নেতৃত্বত আৰম্ভ হৈছে সমগ্ৰ ঘটনাৰ গভীৰ তদন্ত। SSPগৰাকীয়ে নিজে ঘটনাস্থলীত উপস্থিত থাকি তদন্তৰ তদাৰক কৰিছে।


কে জে শইকীয়া, IPS, IG (ER) ইতিমধ্যে বিহুবৰৰ অভিমুখে ৰাওনা হৈছে। আনহাতে, ড° ৰবীন কুমাৰ, IPS, DIG, অসম আৰক্ষী হেডকোৱাৰ্টাৰ আৰু এটা ফৰেনছিক দল গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা হৈছে।


মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে।


উল্লেখ্য যে বানপীড়িত ৰাইজৰ সেৱাত অহৰহ নিয়োজিত হৈ থকা বীৰ লাচিত সেনাৰ নিষ্ঠাৱান কৰ্মী মানসজ্যোতি চেতিয়াৰ নশ্বৰ দেহ মঙলবাৰে নিশা শিমলুগুৰিত উপস্থিত হয়। দেওবাৰে নিশা এক ৰহস্যজনক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে যুৱকজনে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই বুলি মন্তব্য কাৰে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই মানসজ্যোতিক ‘জাতীয় শ্বহীদ’ ঘোষণা কৰাৰ লগতে এয়া এক পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।


দেওবাৰে নিশা প্ৰায় ১০ বজাত প্ৰজাবস্তিত পথৰ কাষত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল সংগ্ৰামী যুৱক মানসজ্যোতি চেতিয়াক। মঙলবাৰে পুৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে অকাল বিয়োগ ঘটে মানসৰ। কিন্তু মানসৰ আকস্মিক মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। শনিবাৰে বিহুবৰৰ এটা গৃহহীন পৰিয়ালক সহায় কৰিবলৈ গৈ স্থানীয় আবিদুৰ ৰহমান নামৰ লোকজনৰ পৰিয়ালৰ সৈতে বাক-বিতণ্ডা হৈছিল মানসজ্যোতিৰ। কিন্তু তাৰ এদিন পাছতেই দেওবাৰে নিশা ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হয় মানসজ্যোতি চেতিয়া৷ 


এয়া এক দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি ৰাইজে উচিত তদন্তৰ দাবী কৰে। অৱশেষত এই বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষীপ্ৰ তদন্ত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান