--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমনীয়াসকলৰ সৈতে নদীত গা ধুবলৈ গৈছিল বিনতি ওৰাং। গা ধুই থকাৰ সময়তে হঠাৎ পানীৰ সোঁতত সন্ধানহীন হৈ পৰে কিশোৰীগৰাকী। লগত থকা সমনীয়াসকলে চিঞৰ-বাখৰ কৰে আৰু ঘটনাটোক লৈ তেওঁলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক: নাহৰকটীয়াৰ ১নং বালিজানত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ। মৃত কিশোৰীগৰাকী বিনতি ওৰাং বুলি জানিব পৰা গৈছে।


জানিব পৰা মতে, সমনীয়াসকলৰ সৈতে নদীত গা ধুবলৈ গৈছিল বিনতি ওৰাং। গা ধুই থকাৰ সময়তে হঠাৎ পানীৰ সোঁতত সন্ধানহীন হৈ পৰে কিশোৰীগৰাকী। লগত থকা সমনীয়াসকলে চিঞৰ-বাখৰ কৰে আৰু ঘটনাটোক লৈ তেওঁলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।


পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। নদীৰ পানীত দীৰ্ঘ সময় ধৰি অভিযান চলোৱাৰ অন্তত SDRF বাহিনীয়ে কিশোৰীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে। 


মাত্ৰ ১২ বছৰ বয়সতে বিনতি ওৰাঙৰ এই কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। কিশোৰীগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত শোকৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত