ডিজিটেল ডেস্ক: নাহৰকটীয়াৰ ১নং বালিজানত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ। মৃত কিশোৰীগৰাকী বিনতি ওৰাং বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সমনীয়াসকলৰ সৈতে নদীত গা ধুবলৈ গৈছিল বিনতি ওৰাং। গা ধুই থকাৰ সময়তে হঠাৎ পানীৰ সোঁতত সন্ধানহীন হৈ পৰে কিশোৰীগৰাকী। লগত থকা সমনীয়াসকলে চিঞৰ-বাখৰ কৰে আৰু ঘটনাটোক লৈ তেওঁলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। নদীৰ পানীত দীৰ্ঘ সময় ধৰি অভিযান চলোৱাৰ অন্তত SDRF বাহিনীয়ে কিশোৰীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে।
মাত্ৰ ১২ বছৰ বয়সতে বিনতি ওৰাঙৰ এই কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। কিশোৰীগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত শোকৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।