ডিজিটেল ডেস্ক: সপোন দেখিবলৈ ডাঙৰ মঞ্চৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ সৃষ্টিশীল মন আৰু অদম্য ইচ্ছাশক্তিৰ। ওদালগুৰি জিলাৰ এখন পিছপৰা গাঁও গেলাবিলৰ পৰা বিশ্বৰ বুকুত নিজৰ নাম উজলাই তুলিলে এগৰাকী ১৭ বছৰীয়া কিশোৰে৷ গুৰুজনাৰ অপূৰ্ব সৃষ্টি পৰম্পৰাগত অসমীয়া মুখা শিল্পক আধাৰ কৰি অতি ক্ষুদ্ৰ আকাৰৰ মুখা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িলে ওৰাঙৰ নিকটবৰ্ত্তী গেলাবিলৰ কণজিৎ মেধিয়ে।
এইখন কোনো সাধাৰণ মুখা নহয়। মাত্ৰ প্ৰায় ১.৪ চেণ্টিমিটাৰ জোখৰ, প্ৰায় ৪ গ্ৰাম ওজনৰ এখন ক্ষুদ্ৰ মুখা। দুই হাতত মাটি, গোবৰ, বাঁহ, কাপোৰ আৰু ৰঙৰ সমাহাৰ ঘটাই অসমীয়া পৰম্পৰাৰ গৰুড় পক্ষীৰ মুখাক ক্ষুদ্ৰ ৰূপত জীৱন্ত কৰি তুলিছে ওদালগুৰি জিলাৰ ওৰাঙৰ গেলাবিলৰ ১৭ বছৰীয়া কণজিৎ মেধিয়ে। অতি পৰম্পৰাগত পদ্ধতিৰে নিৰ্মাণ কৰা এই ক্ষুদ্ৰ মুখাখনে ভংগ কৰিছে পূৰ্বৰ বিশ্ব অভিলেখ। পূৰ্বে ১.৬ চেণ্টিমিটাৰ আকাৰৰ মুখা শিল্পই লাভ কৰিছিল বিশ্ব অভিলেখৰ স্বীকৃতি। কিন্তু কণজিতৰ ১.৩ × ১.৩ ৰ পৰা প্ৰায় ১.৪ চেণ্টিমিটাৰ আকাৰৰ ক্ষুদ্ৰ মুখাখনে সেই অভিলেখক অতিক্ৰম কৰে।
১১ আগষ্ট, ২০২৬ ৰ দিনটো কণজিতৰ জীৱনৰ বাবে হৈ পৰিল এক স্মৰণীয় দিন। Book of World Recordsত বিশ্বৰ সবাতোকৈ সৰু ঐতিহ্যপূৰ্ণ অসমীয়া মুখা শিল্প হিচাপে স্বীকৃতি লাভ কৰিলে তেওঁৰ সৃষ্টিয়ে। অফিচিয়েল ৱেবছাইটত তেওঁৰ নাম তালিকাভুক্তিৰ স্বীকৃতিয়ে এতিয়া কণজিৎৰ সপোনক দিলে নতুন পৰিচয়। কণজিৎৰ এই সাফল্যৰ আঁৰত আছে বহুদিনৰ সাধনা। বহুদিনৰ পৰাই গোবৰ, কুমাৰ মাটি, বাঁহ আৰু কাপোৰেৰে বিভিন্ন শিল্পকৰ্ম সৃষ্টি কৰি আহিছে কণজিৎয়ে। শিক্ষাৰ সমান্তৰালকৈ শিল্পৰ প্ৰতি থকা গভীৰ আগ্ৰহে তেওঁক লৈ গৈছে এক নতুন উচ্চতালৈ।
কেৱল বিশ্ব অভিলেখেই নহয়। কণজিতৰ নিৰ্মিত বিভিন্ন মুখাই ইতিমধ্যে আকৰ্ষণ কৰিছে শিল্পপ্ৰেমীৰ দৃষ্টি। দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও গৰুড় পক্ষী, শ্ৰীকৃষ্ণ আৰু হনুমানৰ মুখা বিচাৰি লাভ কৰিছে অনুৰোধ। আনহাতে, শিক্ষাৰ ক্ষেত্ৰতো কণজিতৰ কৃতিত্ব কম নহয়। ওদালগুৰি জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা সদ্য ঘোষিত চিবিএছই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কণজিৎ বৰ্তমান অসম চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ ভাস্কৰ্য বিভাগৰ ছাত্ৰ।
এখন সৰু গাঁৱৰ পৰা সৰু সৰু সৃষ্টিৰে আৰম্ভ কৰা যাত্ৰা আজি বিশ্ব অভিলেখলৈ। মাত্ৰ ১৭ বছৰ বয়সতে নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ব অভিলেখত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা কণজিৎ মেধিয়ে যেন প্ৰমাণ কৰিলে প্ৰতিভাৰ বাবে স্থান-কাল কোনো বাধা নহয়। প্ৰয়োজন মাথোঁ একাগ্ৰতা, সাধনা আৰু নিজৰ সৃষ্টিৰ প্ৰতি অটুট বিশ্বাস।
গেলাবিলৰ মাটিৰ পৰা বিশ্ব অভিলেখলৈ। কণজিৎ মেধিৰ এই যাত্ৰা এতিয়া কেৱল তেওঁৰ পৰিয়ালৰ গৌৰৱ নহয় এয়া ওদালগুৰিৰ গৌৰৱ, এয়া অসমৰ গৌৰৱ। এখন ক্ষুদ্ৰ মুখাই মুকলি কৰিলে এজন কিশোৰ শিল্পীৰ বিশাল সপোনৰ দুৱাৰ।