ডিজিটেল ডেস্ক: দিনদুপৰতে নগাঁও চহৰত দুই চিলনীচোৰৰ সন্ত্ৰাস। দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই পিতা-পুত্ৰী পতিত হয় দুৰ্ঘটনাত।
জীয়ৰীৰ বিবাহৰ বাবে এক লাখ টকা উলিয়াই আনিছিল নগাঁওস্থিত PNB শাখাৰ পৰা। পিতৃ-পুত্ৰীক অনুসৰণ কৰি অহা দুই চিলনী চোৰে নতুন বজাৰত থপিয়াই নিব বিচাৰিছিল টকা ভৰ্তি বেগটো।
টনা-আজোৰাৰ ফলত ৰাজপথত মটৰচাইকেল সহ চুঁচৰি যায় পিতা-পুত্ৰী। দৈব্যক্ৰমে ৰক্ষা পৰে টকা ভৰ্তি বেগটো।
দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত পুৰণিগুদামৰ ভৰাগুৰিৰ পিতৃ দিলীপ কুমাৰ গায়ন আৰু জীয়ৰী নীলাক্ষি গায়ন। ঘটনাস্থলীত ইটাচালি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।