ডিজিটেল ডেস্ক: নেপাল-তিব্বতত হিমবাহ ভাগি সৃষ্টি হোৱা মহা প্রলয়ে হিমালয়ত হিমবাহে সৃষ্টি কৰা ভাবুকিৰ প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এতিয়া হিমালয় পর্বতমালাৰ ভাৰতীয় অঞ্চলত থকা ১৮৮টা গুৰুত্বপূৰ্ণ হিমবাহ হৃদত 'আর্লি ৱার্নিং ছিষ্টেম' স্থাপন কৰাৰ প্ৰস্তুতি ক্ষিপ্ৰ কৰি তুলিছে।
এই হ্রদসমূহ হিমবাহৰ বৰফ গলি সৃষ্টি হৈছে। এই হ্রদসমূহ ভাগিলে নিমিষতে মহাপ্রলয়ৰ সৃষ্টি কৰিব আৰু কেইমুহূৰ্তমানৰ ভিতৰতে গাঁও, পথ, দলং আৰু জলবিদ্যুৎ প্রকল্পসমূহ উটুৱাই নিব।
কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশৰ হিমালয় অঞ্চলত প্রায় ২৮,০৪৩টা হিমবাহ হ্রদ আছে। ইয়াৰে ১৮৮টা অতিশয় আশংকাজনক বুলি চিনাক্ত কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ক দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু হিমালয়ত চলোৱা অধ্যয়নৰ মতে, আটাইতকৈ বেছি ভাবুকিৰ সৃষ্টি কৰিছে ছিকিম আৰু অৰুণাচল প্ৰদেশৰ ১২৯টা হ্রদে। ইয়াৰ লগতে লাডাখ-কাশ্মীৰৰ ২৬টা, হিমাচলৰ ২০টা আৰু উত্তৰাখণ্ডৰ ১৩টা হ্রদ বিপজ্জনক হৈ পৰিছে। এই হিমবাহ হ্রদসমূহ হঠাতে ভাগিলে প্রায় তিনি কোটি লোক প্ৰভাৱিত হ'ব।
চৰকাৰী তথ্য মতে, হিমালয়ৰ ভাৰতীয় অঞ্চলত ১৯৯০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত হিমবাহৰ সংখ্যা ৫৩% বৃদ্ধি পাইছে আৰু এই হ্রদসমূহৰ আয়তন প্রায় ৫১% বৃদ্ধি পাইছে। এই হ্রদসমূহৰ আকাৰ বৃদ্ধি পোৱাৰ ফলত নামনিৰ অঞ্চলসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আর্লি বার্নি ছিষ্টেমৰ ব্যৱস্থা কৰাৰ বাবে প্রস্তুতি ক্ষিপ্ৰ কৰি তুলিছে। ভাৰতৰ হাতত থকা মাল্টি-ডিজেষ্টাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমে জন-ধনৰ বিনাশ বহুখিনি প্ৰতিৰোধ কৰিব পাৰিব আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰষুণকে ধৰি বতৰ সম্পৰ্কীয় আগলি বতৰা দিব পাৰিব।
ইফালে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ফ্রেমৱৰ্ক কনভেশ্যনৰ সচিব ছাইমন ষ্টিলে এই বুলি সতৰ্ক কৰি দিয়ে যে জলবায়ু পৰিৱৰ্তনৰ ফলত হিন্দুকুশ হিমালয় অঞ্চল অতি বিপজ্জনক হৈ পৰিছে। তেওঁ কয় যে বিজ্ঞানী আৰু স্থানীয় সম্প্রদায়সমূহে দীর্ঘদিন ধৰি সতৰ্ক কৰি আহিছে যে হিন্দুকুশ হিমালয় অঞ্চল জয়বায়ু পৰিৱৰ্তনৰ ফলত যথেষ্ট শংকাকুল হৈ পৰিছে।