--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাৰ খবৰ পোৱাৰ পিছত কামিনীৰ মাতৃগৃহৰ পৰিয়ালৰ লোক নয়ডালৈ আহে। তেওঁলোকে আৰক্ষীৰ আগত জোঁৱাইয়েকে কন্যাক যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

ডিজিটেল ডেস্ক: বিয়াৰ মাহ-হালধিৰ গোন্ধ নৌযাওতেই এগৰাকী নৱবিবাহিতাই ললে চৰম সিদ্ধান্ত। বিয়াৰ এমাহ সম্পূৰ্ণ হবলৈ পোৱাৰ আগতেই তেওঁ নিজৰ জীৱন শেষ কৰিলে। নয়ডাৰ ছেক্টৰ-১০৮স্থিত ডিভাইন মিড’জ ছ’চাইটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ ১৬ মহলাৰ পৰা জঁপিয়াই আত্মহনন কৰে নৱবিবাহিতাগৰাকীয়ে। 


মৃত মহিলাগৰাকী ২৪ বছৰীয়া কামিনী কুমাৰী। যোৱা ১১ জুলাইত তেওঁৰ বিবাহ হৈছিল। ৯ আগষ্ট দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত কামিনীয়ে ছ’চাইটিৰ লিলি টাৱাৰৰ ১৬ মহলাৰ পৰা জঁপিয়াই পৰে মৃত্যুক সাবটি লয়। 


প্ৰচণ্ড শব্দ শুনি ওচৰ-পাজৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ লোকো তাত উপস্থিত হয় আৰু গুৰুতৰ অৱস্থাত কামিনীক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কামিনীৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃগৃহৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, কামিনীক যৌতুকৰ বাবে নিৰ্যাতন চলোৱা হৈছিল আৰু সেই কাৰণেই তেওঁৰ মৃত্যু হয়। মাতৃগৃহৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


কামিনীৰ ১১ জুলাইত মন্থন ধীমানৰ সৈতে বিবাহ হৈছিল। কামিনী স্বামীৰ সৈতে নয়ডাৰ ছেক্টৰ-১০৮স্থিত ডিভাইন মিড’জ ছ’চাইটিৰ ১৬০২ নম্বৰ ভাড়াঘৰত বাস কৰিছিল। মন্থনে এটা ব্যক্তিগত কোম্পানীত ভিডিঅ’ এডিটৰ হিচাপে কাম কৰে।


ঘটনাৰ খবৰ পোৱাৰ পিছত কামিনীৰ মাতৃগৃহৰ পৰিয়ালৰ লোক নয়ডালৈ আহে। তেওঁলোকে আৰক্ষীৰ আগত জোঁৱাইয়েকে কন্যাক যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। 


আৰক্ষীৰ জেৰাত স্বামী মন্থনে জনাইছে যে কামিনী কিছুদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল আৰু তেওঁৰ চিকিৎসাও চলি আছিল। কামিনীয়ে পূৰ্বে এটা বি পি অ’ত চাকৰি কৰিছিল যদিও কিছুদিন পূৰ্বে চাকৰিটো এৰি দিছিল। মন্থনে কয় যে ডিপ্ৰেছনৰ বলি হৈয়ে কামিনীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। 


অৱশ্যে কামিনীৰ মাতৃগৃহৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে যৌতুকৰ বাবে নিৰ্যাতন চলোৱা আৰু যৌতুকজনিত হত্যাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে এতিয়া দুয়োপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাস্থলীৰ পৰা কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ