--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাৰ খবৰ পোৱাৰ পিছত কামিনীৰ মাতৃগৃহৰ পৰিয়ালৰ লোক নয়ডালৈ আহে। তেওঁলোকে আৰক্ষীৰ আগত জোঁৱাইয়েকে কন্যাক যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

ডিজিটেল ডেস্ক: বিয়াৰ মাহ-হালধিৰ গোন্ধ নৌযাওতেই এগৰাকী নৱবিবাহিতাই ললে চৰম সিদ্ধান্ত। বিয়াৰ এমাহ সম্পূৰ্ণ হবলৈ পোৱাৰ আগতেই তেওঁ নিজৰ জীৱন শেষ কৰিলে। নয়ডাৰ ছেক্টৰ-১০৮স্থিত ডিভাইন মিড’জ ছ’চাইটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ ১৬ মহলাৰ পৰা জঁপিয়াই আত্মহনন কৰে নৱবিবাহিতাগৰাকীয়ে। 


মৃত মহিলাগৰাকী ২৪ বছৰীয়া কামিনী কুমাৰী। যোৱা ১১ জুলাইত তেওঁৰ বিবাহ হৈছিল। ৯ আগষ্ট দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত কামিনীয়ে ছ’চাইটিৰ লিলি টাৱাৰৰ ১৬ মহলাৰ পৰা জঁপিয়াই পৰে মৃত্যুক সাবটি লয়। 


প্ৰচণ্ড শব্দ শুনি ওচৰ-পাজৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ লোকো তাত উপস্থিত হয় আৰু গুৰুতৰ অৱস্থাত কামিনীক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কামিনীৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃগৃহৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, কামিনীক যৌতুকৰ বাবে নিৰ্যাতন চলোৱা হৈছিল আৰু সেই কাৰণেই তেওঁৰ মৃত্যু হয়। মাতৃগৃহৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


কামিনীৰ ১১ জুলাইত মন্থন ধীমানৰ সৈতে বিবাহ হৈছিল। কামিনী স্বামীৰ সৈতে নয়ডাৰ ছেক্টৰ-১০৮স্থিত ডিভাইন মিড’জ ছ’চাইটিৰ ১৬০২ নম্বৰ ভাড়াঘৰত বাস কৰিছিল। মন্থনে এটা ব্যক্তিগত কোম্পানীত ভিডিঅ’ এডিটৰ হিচাপে কাম কৰে।


ঘটনাৰ খবৰ পোৱাৰ পিছত কামিনীৰ মাতৃগৃহৰ পৰিয়ালৰ লোক নয়ডালৈ আহে। তেওঁলোকে আৰক্ষীৰ আগত জোঁৱাইয়েকে কন্যাক যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। 


আৰক্ষীৰ জেৰাত স্বামী মন্থনে জনাইছে যে কামিনী কিছুদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল আৰু তেওঁৰ চিকিৎসাও চলি আছিল। কামিনীয়ে পূৰ্বে এটা বি পি অ’ত চাকৰি কৰিছিল যদিও কিছুদিন পূৰ্বে চাকৰিটো এৰি দিছিল। মন্থনে কয় যে ডিপ্ৰেছনৰ বলি হৈয়ে কামিনীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। 


অৱশ্যে কামিনীৰ মাতৃগৃহৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে যৌতুকৰ বাবে নিৰ্যাতন চলোৱা আৰু যৌতুকজনিত হত্যাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে এতিয়া দুয়োপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাস্থলীৰ পৰা কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী