--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ কে এমৰ নেতাসকলে কয় যে সহস্রাধিক স্থানত 'জে'ল ভৰো', 'ৰে'ল ৰোকো' আৰু 'ৰ'ড ৰোকো'ৰে আন্দোলন আৰম্ভ হ'ব আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব।

ডিজিটেল ডেস্ক: সংযুক্ত কিষাণ মর্চাই (এছ কে এম) সংগঠনটোৰ সাতটা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ সোমবাৰে আন্দোলনৰ এলানি কাৰ্যসূচী ঘোষণা কৰে। এই ঘোষণা মতে, ১০ আগষ্টত ৰাষ্ট্ৰজুৰি আন্দোলন আৰম্ভ হ'ব। এছ কে এমৰ নেতাসকলে কয় যে সহস্রাধিক স্থানত 'জে'ল ভৰো', 'ৰে'ল ৰোকো' আৰু 'ৰ'ড ৰোকো'ৰে আন্দোলন আৰম্ভ হ'ব আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব।


নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি এছ কে এমৰ নেতাসকলে কয় যে দিল্লীত ২৮ জুলাইত প্রায় ১,২০০ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত নিখিল ভাৰতীয় সন্মিলনত (অল ইণ্ডিয়া কনভেনশ্যন) আন্দোলনৰ কাৰ্যসূচী চূড়ান্ত কৰা হয়। 


আনহাতে, ২৯ জুলাইত অনুষ্ঠিত কৃষক-শ্রমিকৰ ৰাষ্ট্ৰীয় সন্মিলনত ট্রেড ইউনিয়ন আৰু কৃষক সংস্থা-সংগঠনৰ প্ৰায় ৫,০০০ নেতা উপস্থিত আছিল। এছ কে এমৰ ৰাষ্ট্ৰীয় সমন্বয় সমিতিৰ সদ্যস অভিক সাহাই কয় যে কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পাছত দিয়া লিখিত প্রতিশ্রুতিক সন্মান জনোৱাত মান্তি কৰাবলৈ কৃষক সংগঠনটোৱে যোৱা পাঁচ বছৰ চেষ্টা কৰিলে, কিন্তু কোনো ফল নধৰিল। 


সাহাই কয়, 'পাঁচ বছৰ পাৰ হ'ল। আমি চেষ্টা নকৰাকৈ থকা নাছিলোঁ। আমি বিৰোধী দলপতিৰ (ৰাহুল গান্ধী) ওচৰলৈও গৈছিলোঁ, কিন্তু একোৱেই ফল নাপালোঁ। আনকি সংসদত এটা আলোচনাও নহ'ল। দেশে এতিয়া দেখিলে যে যেতিয়া প্রয়োজন হয়, সংসদ ৰাজপথলৈ আহে। আমি তেওঁলোকক ৰাজপথত ক'ম।' তেওঁ কয় যে ১০ আগষ্টৰ প্ৰতিবাদৰ বাবে ১,০০০তকৈ অধিক স্থান চিনাক্ত কৰা হৈছে। আনহাতে, ১৭ আগষ্টত এছ কে এমৰ প্ৰতিনিধিয়ে সাংসদসকল, বিধায়কসকল, মুখ্যমন্ত্রীসকল আৰু বিৰোধী দলপতিসকলক লগ ধৰি তেওঁলোকৰ দাবী চনদ প্রদান কৰিব। 


ইয়াৰ পাছত ২৬ নৱেম্বৰত কৃষকৰ শোভাযাত্ৰা আৰু কেইবাদিনীয়া গণপ্রতিবাদৰ আগতে ৰাজ্যসমূহ সন্মিলন, গণ পদযাত্রা, যান-বাহন সমদল, ট্ৰেক্টৰ সমদল, ৰাজহুৱা সভা, মহা পঞ্চায়ত আৰু ৰাজ্যিক সমাবেশ অনুষ্ঠিত হ'ব। সাহাই কয় যে ২৬ নৱেম্বৰত আৰম্ভ হ'বলগীয়া প্রতিবাদী কার্যসূচী দেশৰ ৰাজধানী দিল্লী আৰু দেশৰ প্ৰায় ১০০ ঠাইত হ'ব। ৭টা মূল দাবী পূৰণৰ প্ৰতিশ্ৰুতি নোপোৱালৈ প্ৰতিবাদ চলি থাকিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক