--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ কে এমৰ নেতাসকলে কয় যে সহস্রাধিক স্থানত 'জে'ল ভৰো', 'ৰে'ল ৰোকো' আৰু 'ৰ'ড ৰোকো'ৰে আন্দোলন আৰম্ভ হ'ব আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব।

ডিজিটেল ডেস্ক: সংযুক্ত কিষাণ মর্চাই (এছ কে এম) সংগঠনটোৰ সাতটা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ সোমবাৰে আন্দোলনৰ এলানি কাৰ্যসূচী ঘোষণা কৰে। এই ঘোষণা মতে, ১০ আগষ্টত ৰাষ্ট্ৰজুৰি আন্দোলন আৰম্ভ হ'ব। এছ কে এমৰ নেতাসকলে কয় যে সহস্রাধিক স্থানত 'জে'ল ভৰো', 'ৰে'ল ৰোকো' আৰু 'ৰ'ড ৰোকো'ৰে আন্দোলন আৰম্ভ হ'ব আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব।


নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি এছ কে এমৰ নেতাসকলে কয় যে দিল্লীত ২৮ জুলাইত প্রায় ১,২০০ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত নিখিল ভাৰতীয় সন্মিলনত (অল ইণ্ডিয়া কনভেনশ্যন) আন্দোলনৰ কাৰ্যসূচী চূড়ান্ত কৰা হয়। 


আনহাতে, ২৯ জুলাইত অনুষ্ঠিত কৃষক-শ্রমিকৰ ৰাষ্ট্ৰীয় সন্মিলনত ট্রেড ইউনিয়ন আৰু কৃষক সংস্থা-সংগঠনৰ প্ৰায় ৫,০০০ নেতা উপস্থিত আছিল। এছ কে এমৰ ৰাষ্ট্ৰীয় সমন্বয় সমিতিৰ সদ্যস অভিক সাহাই কয় যে কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পাছত দিয়া লিখিত প্রতিশ্রুতিক সন্মান জনোৱাত মান্তি কৰাবলৈ কৃষক সংগঠনটোৱে যোৱা পাঁচ বছৰ চেষ্টা কৰিলে, কিন্তু কোনো ফল নধৰিল। 


সাহাই কয়, 'পাঁচ বছৰ পাৰ হ'ল। আমি চেষ্টা নকৰাকৈ থকা নাছিলোঁ। আমি বিৰোধী দলপতিৰ (ৰাহুল গান্ধী) ওচৰলৈও গৈছিলোঁ, কিন্তু একোৱেই ফল নাপালোঁ। আনকি সংসদত এটা আলোচনাও নহ'ল। দেশে এতিয়া দেখিলে যে যেতিয়া প্রয়োজন হয়, সংসদ ৰাজপথলৈ আহে। আমি তেওঁলোকক ৰাজপথত ক'ম।' তেওঁ কয় যে ১০ আগষ্টৰ প্ৰতিবাদৰ বাবে ১,০০০তকৈ অধিক স্থান চিনাক্ত কৰা হৈছে। আনহাতে, ১৭ আগষ্টত এছ কে এমৰ প্ৰতিনিধিয়ে সাংসদসকল, বিধায়কসকল, মুখ্যমন্ত্রীসকল আৰু বিৰোধী দলপতিসকলক লগ ধৰি তেওঁলোকৰ দাবী চনদ প্রদান কৰিব। 


ইয়াৰ পাছত ২৬ নৱেম্বৰত কৃষকৰ শোভাযাত্ৰা আৰু কেইবাদিনীয়া গণপ্রতিবাদৰ আগতে ৰাজ্যসমূহ সন্মিলন, গণ পদযাত্রা, যান-বাহন সমদল, ট্ৰেক্টৰ সমদল, ৰাজহুৱা সভা, মহা পঞ্চায়ত আৰু ৰাজ্যিক সমাবেশ অনুষ্ঠিত হ'ব। সাহাই কয় যে ২৬ নৱেম্বৰত আৰম্ভ হ'বলগীয়া প্রতিবাদী কার্যসূচী দেশৰ ৰাজধানী দিল্লী আৰু দেশৰ প্ৰায় ১০০ ঠাইত হ'ব। ৭টা মূল দাবী পূৰণৰ প্ৰতিশ্ৰুতি নোপোৱালৈ প্ৰতিবাদ চলি থাকিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস