--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডালিমী গোহাঁইৰ নামত আছিল প্ৰায় ডেৰ কঠা মাটি আৰু নিজৰ এটি আৱাসগৃহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু বছৰ পূৰ্বে তেওঁ অনুপ দাস নামৰ এজন লোকক নিজৰ ঘৰৰ এটা কোঠা ভাড়া দিছিল।

ডিজিটেল ডেস্ক: নুমলীগড়ৰ এগৰাকী বিশেষভাৱে সক্ষম বৃদ্ধাৰ কৰুণ কাহিনী। প্ৰাণৰ ভয়ত নিজৰ ঘৰ, মাটি থাকিও আনৰ ঘৰত আশ্ৰয় লব লগা হৈছে অসহায় বৃদ্ধাগৰাকীয়ে। নুমলীগড়ৰ ১ নং পংকা গ্ৰাণ্টৰ ডালিমী গোহাঁই নামৰ মহিলাগৰাকীয়ে এতিয়া অঘৰীৰ দৰে কটাব লগা হৈছে জীৱন।


প্ৰাপ্ত তথ্য অনুসৰি, ডালিমী গোহাঁইৰ নামত আছিল প্ৰায় ডেৰ কঠা মাটি আৰু নিজৰ এটি আৱাসগৃহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু বছৰ পূৰ্বে তেওঁ অনুপ দাস নামৰ এজন লোকক নিজৰ ঘৰৰ এটা কোঠা ভাড়া দিছিল। অভিযোগ উঠিছে যে, ভাড়াতীয়াৰ ৰূপত সোমোৱা অনুপ দাসে ক্ৰমে বৃদ্ধাগৰাকীৰ সমগ্ৰ ঘৰ আৰু মাটি বে-দখল কৰাৰ কু-অভিসন্ধি চলায়।


পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰে যে, ভাড়াতীয়া অনুপ দাসে বৃদ্ধাগৰাকীক নিশা ডিঙি চেপি আৰু মুখত সোপা দি প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অমানৱীয় অত্যাচাৰ আৰু প্ৰাণৰ সংশয়ৰ মাজেৰে নিৰাপত্তাহীনতাত ভুগি বৃদ্ধাগৰাকীয়ে ইতিমধ্যে নুমলীগড় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।


বৰ্তমান প্ৰাণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ ঘৰ এৰি প্ৰায় এমাহ ধৰি অন্যৰ আশ্ৰয়ত দিন কটাইছে এইগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। এগৰাকী বিশেষভাৱে সক্ষম তথা অসহায় মহিলাৰ ওপৰত চলা এনে নিষ্ঠুৰ অত্যাচাৰৰ ঘটনাক লৈ এতিয়া সমগ্ৰ নুমলীগড় অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী