--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডালিমী গোহাঁইৰ নামত আছিল প্ৰায় ডেৰ কঠা মাটি আৰু নিজৰ এটি আৱাসগৃহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু বছৰ পূৰ্বে তেওঁ অনুপ দাস নামৰ এজন লোকক নিজৰ ঘৰৰ এটা কোঠা ভাড়া দিছিল।

ডিজিটেল ডেস্ক: নুমলীগড়ৰ এগৰাকী বিশেষভাৱে সক্ষম বৃদ্ধাৰ কৰুণ কাহিনী। প্ৰাণৰ ভয়ত নিজৰ ঘৰ, মাটি থাকিও আনৰ ঘৰত আশ্ৰয় লব লগা হৈছে অসহায় বৃদ্ধাগৰাকীয়ে। নুমলীগড়ৰ ১ নং পংকা গ্ৰাণ্টৰ ডালিমী গোহাঁই নামৰ মহিলাগৰাকীয়ে এতিয়া অঘৰীৰ দৰে কটাব লগা হৈছে জীৱন।


প্ৰাপ্ত তথ্য অনুসৰি, ডালিমী গোহাঁইৰ নামত আছিল প্ৰায় ডেৰ কঠা মাটি আৰু নিজৰ এটি আৱাসগৃহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু বছৰ পূৰ্বে তেওঁ অনুপ দাস নামৰ এজন লোকক নিজৰ ঘৰৰ এটা কোঠা ভাড়া দিছিল। অভিযোগ উঠিছে যে, ভাড়াতীয়াৰ ৰূপত সোমোৱা অনুপ দাসে ক্ৰমে বৃদ্ধাগৰাকীৰ সমগ্ৰ ঘৰ আৰু মাটি বে-দখল কৰাৰ কু-অভিসন্ধি চলায়।


পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰে যে, ভাড়াতীয়া অনুপ দাসে বৃদ্ধাগৰাকীক নিশা ডিঙি চেপি আৰু মুখত সোপা দি প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অমানৱীয় অত্যাচাৰ আৰু প্ৰাণৰ সংশয়ৰ মাজেৰে নিৰাপত্তাহীনতাত ভুগি বৃদ্ধাগৰাকীয়ে ইতিমধ্যে নুমলীগড় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।


বৰ্তমান প্ৰাণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ ঘৰ এৰি প্ৰায় এমাহ ধৰি অন্যৰ আশ্ৰয়ত দিন কটাইছে এইগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। এগৰাকী বিশেষভাৱে সক্ষম তথা অসহায় মহিলাৰ ওপৰত চলা এনে নিষ্ঠুৰ অত্যাচাৰৰ ঘটনাক লৈ এতিয়া সমগ্ৰ নুমলীগড় অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান