--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিলাপথাৰ নিবাসী ২৫ বছৰীয়া কমল নাৰ্জাৰী নামৰ যুৱকজন কিছুদিন পূৰ্বে কৰ্মসংস্থাপনৰ আশাত অৰুণাচল প্ৰদেশৰ ভালুকপুঙলৈ আহিছিল।

ডিজিটেল ডেস্ক: বালিপৰাত সন্ধানহীন পুত্ৰক বিচাৰি এগৰাকী মাতৃৰ কৰুণ বিননি। হাতত পুত্ৰৰ ফটো লৈ আজি বালিপৰাৰ বাছ আস্থান, হোটেল আৰু ৰে’ল ষ্টেচনৰ প্ৰতিটো কোণত দেখা গ’ল দুৰ্ভগীয়া মাতৃগৰাকীক। মাতৃৰ চকুলো আৰু আৰ্তনাদে এক মৰ্মস্পৰ্শী পৰিৱেশৰ সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলটোত।


চিলাপথাৰ নিবাসী ২৫ বছৰীয়া কমল নাৰ্জাৰী নামৰ যুৱকজন কিছুদিন পূৰ্বে কৰ্মসংস্থাপনৰ আশাত অৰুণাচল প্ৰদেশৰ ভালুকপুঙলৈ আহিছিল। কিছু দিন তাত থকাৰ পিছত তেওঁ ঘৰলৈ উভতিব বুলি যাত্ৰা আৰম্ভ কৰিছিল।


পৰিয়ালৰ লোকে জনোৱা মতে, যোৱা ১৩ আগষ্টৰ সন্ধ্যা বালিপৰাত উপস্থিত হৈ কমলে মাতৃলৈ ফোন কৰি তেওঁ ঘৰ অভিমুখে যাত্ৰা কৰাৰ খবৰ দিছিল। কিন্তু সেই সময়ৰে পৰাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে যুৱকজন। তাৰপিছৰে পৰাই তেওঁৰ মোবাইল ফোনটোও একেবাৰে বন্ধ হৈ আছে।


পুত্ৰৰ সৈতে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোকে ইতিমধ্যে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ অনুসন্ধানৰ লগতে মাতৃৰ মমতাক বুকুত সাৱটি আজি মহিলাগৰাকীয়ে বালিপৰাৰ বাটে বাটে পুত্ৰক বিচাৰি হাহাকাৰ কৰি ফুৰা দৃশ্যই প্ৰতিজন মানুহৰ হৃদয় কঁপাই তুলিছে।


যদি কোনো সদাশয় ব্যক্তিয়ে কমল নাৰ্জাৰীৰ বিষয়ে কোনো খবৰ পায়, তেন্তে তৎক্ষণাৎ কাষৰীয়া আৰক্ষী থানাত বা পৰিয়ালক অৱগত কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী