ডিজিটেল ডেস্ক: বালিপৰাত সন্ধানহীন পুত্ৰক বিচাৰি এগৰাকী মাতৃৰ কৰুণ বিননি। হাতত পুত্ৰৰ ফটো লৈ আজি বালিপৰাৰ বাছ আস্থান, হোটেল আৰু ৰে’ল ষ্টেচনৰ প্ৰতিটো কোণত দেখা গ’ল দুৰ্ভগীয়া মাতৃগৰাকীক। মাতৃৰ চকুলো আৰু আৰ্তনাদে এক মৰ্মস্পৰ্শী পৰিৱেশৰ সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলটোত।
চিলাপথাৰ নিবাসী ২৫ বছৰীয়া কমল নাৰ্জাৰী নামৰ যুৱকজন কিছুদিন পূৰ্বে কৰ্মসংস্থাপনৰ আশাত অৰুণাচল প্ৰদেশৰ ভালুকপুঙলৈ আহিছিল। কিছু দিন তাত থকাৰ পিছত তেওঁ ঘৰলৈ উভতিব বুলি যাত্ৰা আৰম্ভ কৰিছিল।
পৰিয়ালৰ লোকে জনোৱা মতে, যোৱা ১৩ আগষ্টৰ সন্ধ্যা বালিপৰাত উপস্থিত হৈ কমলে মাতৃলৈ ফোন কৰি তেওঁ ঘৰ অভিমুখে যাত্ৰা কৰাৰ খবৰ দিছিল। কিন্তু সেই সময়ৰে পৰাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে যুৱকজন। তাৰপিছৰে পৰাই তেওঁৰ মোবাইল ফোনটোও একেবাৰে বন্ধ হৈ আছে।
পুত্ৰৰ সৈতে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোকে ইতিমধ্যে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ অনুসন্ধানৰ লগতে মাতৃৰ মমতাক বুকুত সাৱটি আজি মহিলাগৰাকীয়ে বালিপৰাৰ বাটে বাটে পুত্ৰক বিচাৰি হাহাকাৰ কৰি ফুৰা দৃশ্যই প্ৰতিজন মানুহৰ হৃদয় কঁপাই তুলিছে।
যদি কোনো সদাশয় ব্যক্তিয়ে কমল নাৰ্জাৰীৰ বিষয়ে কোনো খবৰ পায়, তেন্তে তৎক্ষণাৎ কাষৰীয়া আৰক্ষী থানাত বা পৰিয়ালক অৱগত কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।