--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা বিষয়টোক লৈ সততে প্রশ্ন উত্থাপন হৈ আহিছে। কিয়নো এনেদৰে লোৱা ঋণৰ ফলত ৰাজ্যবাসীৰ ওপৰত প্রতিমাহে ঋণৰ বোজা বৃদ্ধি পাবলৈ ধৰিছে।

ডিজিটেল ডেস্ক: উন্নয়নৰ নামত পুনৰ ঋণ ল’বলৈ ওলাইছে অসম চৰকাৰে। প্রতি মাহে ঋণ লৈ ৰাজ্য চলাই থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অহা ১৮ আগষ্টত ল’ব ১০০০ কোটি টকাৰ ঋণ। ইতিমধ্যে এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ৰিজার্ভ বেংকৰ ওচৰত প্রয়োজনীয় প্রস্তাৱ দাখিল কৰিছে। 


উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা বিষয়টোক লৈ সততে প্রশ্ন উত্থাপন হৈ আহিছে। কিয়নো এনেদৰে লোৱা ঋণৰ ফলত ৰাজ্যবাসীৰ ওপৰত প্রতিমাহে ঋণৰ বোজা বৃদ্ধি পাবলৈ ধৰিছে। সুদৰ নামতো প্রতি বছৰে ওলাই গৈছে বৃহৎ পৰিমাণৰ ধন। আনহাতে, বিৰোধীয়ে অভিযোগ তুলিছে যে চৰকাৰে ঋণ লোৱা ধন উৎপাদনশীলতা কামত ব্যৱহাৰ কৰা নাই। তাৰ বিপৰীতে ভোটৰ বিনিময়ত ৰাজ্যত হিতাধিকাৰীৰ সৃষ্টি কৰিছে। ঋণ লৈ চৰকাৰ চলাই থকাৰ পাছতো নিতৌ ন ন আঁচনি ঘোষণা কৰি গৈছে ৰাজ্য চৰকাৰে। 


অৰুণোদয় আঁচনি, শিক্ষার্থীৰ বাবে চাইকেল, স্কুটা, নগদ ধন, যুৱকসকলৰ বাবে ধন আদিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে চৰকাৰখনে। এই আঁচনিৰ নামত প্রতি মাহে কোটি কোটি টকা ব্যয় হৈছে। উল্লেখ কৰা প্রয়োজন যে ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ প্রতিবেদনত অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্রত সকীয়নি প্রদান কৰিছিল। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত এই ঋণৰ পৰিমাণ ইতিমধ্যে দুই লাখ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ দিশে গতি কৰিছে। 


তথ্য অনুসৰি ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত প্রতি বছৰে ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন সুদৰ নামতে ওলাই গৈ আছে। বিগত বিত্তীয় বর্ষত সুদৰ নামতে ব্যয় হৈছে ৯.৪৬৭.৭৫ কোটি টকা। এনে পৰিস্থিতিত চৰকাৰখনে অসমৰ দৰে এখন ৰাজ্যই প্রতি মাহে ঋণ লৈ ঘিউ খোৱা নীতি গ্রহণ কৰিছে বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত