--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা বিষয়টোক লৈ সততে প্রশ্ন উত্থাপন হৈ আহিছে। কিয়নো এনেদৰে লোৱা ঋণৰ ফলত ৰাজ্যবাসীৰ ওপৰত প্রতিমাহে ঋণৰ বোজা বৃদ্ধি পাবলৈ ধৰিছে।

ডিজিটেল ডেস্ক: উন্নয়নৰ নামত পুনৰ ঋণ ল’বলৈ ওলাইছে অসম চৰকাৰে। প্রতি মাহে ঋণ লৈ ৰাজ্য চলাই থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অহা ১৮ আগষ্টত ল’ব ১০০০ কোটি টকাৰ ঋণ। ইতিমধ্যে এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ৰিজার্ভ বেংকৰ ওচৰত প্রয়োজনীয় প্রস্তাৱ দাখিল কৰিছে। 


উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা বিষয়টোক লৈ সততে প্রশ্ন উত্থাপন হৈ আহিছে। কিয়নো এনেদৰে লোৱা ঋণৰ ফলত ৰাজ্যবাসীৰ ওপৰত প্রতিমাহে ঋণৰ বোজা বৃদ্ধি পাবলৈ ধৰিছে। সুদৰ নামতো প্রতি বছৰে ওলাই গৈছে বৃহৎ পৰিমাণৰ ধন। আনহাতে, বিৰোধীয়ে অভিযোগ তুলিছে যে চৰকাৰে ঋণ লোৱা ধন উৎপাদনশীলতা কামত ব্যৱহাৰ কৰা নাই। তাৰ বিপৰীতে ভোটৰ বিনিময়ত ৰাজ্যত হিতাধিকাৰীৰ সৃষ্টি কৰিছে। ঋণ লৈ চৰকাৰ চলাই থকাৰ পাছতো নিতৌ ন ন আঁচনি ঘোষণা কৰি গৈছে ৰাজ্য চৰকাৰে। 


অৰুণোদয় আঁচনি, শিক্ষার্থীৰ বাবে চাইকেল, স্কুটা, নগদ ধন, যুৱকসকলৰ বাবে ধন আদিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে চৰকাৰখনে। এই আঁচনিৰ নামত প্রতি মাহে কোটি কোটি টকা ব্যয় হৈছে। উল্লেখ কৰা প্রয়োজন যে ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ প্রতিবেদনত অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্রত সকীয়নি প্রদান কৰিছিল। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত এই ঋণৰ পৰিমাণ ইতিমধ্যে দুই লাখ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ দিশে গতি কৰিছে। 


তথ্য অনুসৰি ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত প্রতি বছৰে ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন সুদৰ নামতে ওলাই গৈ আছে। বিগত বিত্তীয় বর্ষত সুদৰ নামতে ব্যয় হৈছে ৯.৪৬৭.৭৫ কোটি টকা। এনে পৰিস্থিতিত চৰকাৰখনে অসমৰ দৰে এখন ৰাজ্যই প্রতি মাহে ঋণ লৈ ঘিউ খোৱা নীতি গ্রহণ কৰিছে বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ