--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পানী মটৰৰ বৈদ্যুতিক সংযোগত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ ততাতৈয়াকৈ আগবাঢ়ি আহে পত্নী মঞ্জু ৰাভা।

ডিজিটেল ডেস্ক: স্বাধীনতা দিৱসৰ দিনাই চামগুৰিত সংঘটিত হৈছে এক অতি শোকাৱহ আৰু মৰ্মান্তিক ঘটনা৷ নিজ ঘৰতে বিদ্যুৎস্পৃষ্ট হৈ এহাল পতি-পত্নীয়ে কৰুণ মৃত্যুক সাবটি লয়। ঘটনাৰ স্থান চামগুৰিৰ আমলখি অঞ্চল।


জানিব পৰা মতে, ঘৰৰ পানী মটৰৰ চুইচ বন্ধ কৰিবলৈ যোৱাৰ সময়তে প্ৰথমে গণেশ ৰাভা বিদ্যুৎস্পৃষ্ট হয়। পানী মটৰৰ বৈদ্যুতিক সংযোগত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ ততাতৈয়াকৈ আগবাঢ়ি আহে পত্নী মঞ্জু ৰাভা।


কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বামীক উদ্ধাৰ কৰিবলৈ যাওঁতেই মঞ্জু ৰাভাও বিদ্যুৎস্পৃষ্ট হয়। ফলত দুয়োগৰাকী স্বামী-স্ত্ৰী ঘটনাস্থলীতে থিতাতে নিহত হয়। ঘটনাটোৱে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।


স্বাধীনতা দিৱসৰ আনন্দ-উৎসৱৰ মাজতে সংঘটিত এই হৃদয়বিদাৰক ঘটনাই অঞ্চলবাসীক মৰ্মাহত কৰি তুলিছে। একেলগে এহাল স্বামী-স্ত্ৰীৰ আকস্মিক মৃত্যুৰ খবৰে আত্মীয়-স্বজন আৰু পৰিচিতসকলৰ মাজতো শোকৰ সৃষ্টি কৰিছে।


ঘটনাটোৰ পাছতে আমলখি অঞ্চলত শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় লোকসকলে এই শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে মৃত দুয়োগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত