--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পানী মটৰৰ বৈদ্যুতিক সংযোগত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ ততাতৈয়াকৈ আগবাঢ়ি আহে পত্নী মঞ্জু ৰাভা।

ডিজিটেল ডেস্ক: স্বাধীনতা দিৱসৰ দিনাই চামগুৰিত সংঘটিত হৈছে এক অতি শোকাৱহ আৰু মৰ্মান্তিক ঘটনা৷ নিজ ঘৰতে বিদ্যুৎস্পৃষ্ট হৈ এহাল পতি-পত্নীয়ে কৰুণ মৃত্যুক সাবটি লয়। ঘটনাৰ স্থান চামগুৰিৰ আমলখি অঞ্চল।


জানিব পৰা মতে, ঘৰৰ পানী মটৰৰ চুইচ বন্ধ কৰিবলৈ যোৱাৰ সময়তে প্ৰথমে গণেশ ৰাভা বিদ্যুৎস্পৃষ্ট হয়। পানী মটৰৰ বৈদ্যুতিক সংযোগত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ ততাতৈয়াকৈ আগবাঢ়ি আহে পত্নী মঞ্জু ৰাভা।


কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বামীক উদ্ধাৰ কৰিবলৈ যাওঁতেই মঞ্জু ৰাভাও বিদ্যুৎস্পৃষ্ট হয়। ফলত দুয়োগৰাকী স্বামী-স্ত্ৰী ঘটনাস্থলীতে থিতাতে নিহত হয়। ঘটনাটোৱে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।


স্বাধীনতা দিৱসৰ আনন্দ-উৎসৱৰ মাজতে সংঘটিত এই হৃদয়বিদাৰক ঘটনাই অঞ্চলবাসীক মৰ্মাহত কৰি তুলিছে। একেলগে এহাল স্বামী-স্ত্ৰীৰ আকস্মিক মৃত্যুৰ খবৰে আত্মীয়-স্বজন আৰু পৰিচিতসকলৰ মাজতো শোকৰ সৃষ্টি কৰিছে।


ঘটনাটোৰ পাছতে আমলখি অঞ্চলত শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় লোকসকলে এই শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে মৃত দুয়োগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ