ডিজিটেল ডেস্ক: ওদালগুৰিৰ ওৰাং চাহ বাগিছাত অঘটন। বজ্ৰ পৰি মৃত্যু এগৰাকী মহিলা শ্রমিকৰ। গুৰুতৰভাৱে আহত আন দুগৰাকী মহিলা শ্রমিক।
মৃত মহিলাগৰাকী ঢেকীয়াজুলিৰ আমতল বঙালী গাঁৱৰ সুনীতা তিৰ্কী(২৯) বুলি জানিব পৰা গৈছে। আনহাতে আহত দুগৰাকী হৈছে শোণিতপুৰৰ আমতল বালিগাঁৱৰ অৰুণা ঘাটোৱাৰ (২৪) আৰু ৰূপালী তুৰি (৩০)।
বাগিছাত চাহপাত তুলি থকা অৱস্থাতে বজ্ৰপাতত এই অঘটন সংঘটিত হয়। ঘটনাৰ পিছতে আহত দুয়োগৰাকীকে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ১০৮ সেৱাৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।