--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বানপানী লাহে লাহে কমিছে। কিন্তু পানী কমি যোৱাৰ লগে লগে উজনি অসমৰ কৃষকৰ সন্মুখত এতিয়া উন্মোচিত হৈছে আন এক ভয়াৱহ ছবি। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বিস্তীর্ণ কৃষিভূমি বানপানীত বুৰ যোৱাৰ ফলত বহু কৃষকৰ সপোন চাৰখাৰ হৈছে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ কৃষি খণ্ডৰ বাবে অশনি সংকেত। কৃষিপ্রধান ৰাজ্য অসমত প্ৰতি বছৰে হ্রাস পাইছে কৃষিভূমিৰ পৰিমাণ। বিগত ৯ বছৰত অসমত হ্রাস পোৱা কৃষিভূমিৰ পৰিমাণ হ'ল ৪২,৭১৫ হেক্টৰ। যিসময়ত উজনিৰ চাৰিখন জিলাত বানে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ ব্যাপক ক্ষতি কৰিছে সেই সময়তে ৰাজ্যখনত ক্ৰমাত কৃষিভূমি হ্রাস পোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।


উল্লেখযোগ্য যে বানপানী লাহে লাহে কমিছে। কিন্তু পানী কমি যোৱাৰ লগে লগে উজনি অসমৰ কৃষকৰ সন্মুখত এতিয়া উন্মোচিত হৈছে আন এক ভয়াৱহ ছবি। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বিস্তীর্ণ কৃষিভূমি বানপানীত বুৰ যোৱাৰ ফলত বহু কৃষকৰ সপোন চাৰখাৰ হৈছে। বহু পথাৰত পানী শুকাইছে যদিও বহু পথাৰত এতিয়াও যথেষ্ট পৰিমাণৰ পানী আছে। ইফালে পানী শুকোৱা বহু পথাৰত বোকাৰ ডাঠ প্রলেপ পৰিছে। এনে পৰিস্থিতিত বোকা আঁতৰাই উক্ত খেতিপথাৰত পুনৰ কৃষিকার্য কৰাটো সম্ভৱ নহয়। 


ইফালে শালি ধানৰ খেতি কৰাৰ সময়ো পাৰ হ'বৰ হলহি। এনে পৰিস্থিতিত উজনিৰ কৃষকৰ সপোন চিৰ দিনলৈ মৰহি যোৱাৰ সম্ভাৱনাই দেখা দিছে। উজনিত এনে সমস্যাৰ মাজতে খোদ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, বান, খহনীয়া, উদ্যোগীকৰণ, পথ নিৰ্মাণ আদিৰ বাবে ৰাজ্যত ক্ৰমাত কৃষিভূমিৰ পৰিমাণ হ্রাস পাইছে। অর্থনীতি আৰু পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি, ২০১৫-১৬ চনত অসমৰ মুঠ কৃষিভূমি আছিল ২৮,০১,৪৭২ হেক্টৰ। কিন্তু ২০১৬-১৭ চনত এই ভূমিৰ পৰিমাণ হয়গৈ ২৭,৭৩,৮৫৫ হেক্টৰ। অৰ্থাৎ এটা বছৰত অসমৰ কৃষিভূমিৰ পৰিমাণ হ্রাস পায় ২৭,৬১৭ হেক্টৰ। ইয়াৰ পাছত প্ৰতি বছৰে কৃষিভূমি কম বেছি পৰিমাণে হ্রাস পাই ২০২৪-২৫ বৰ্ষত অসমৰ কৃষিভূমিৰ পৰিমাণ হয়গৈ ২৭,৫৮,৭৫৮ হেক্টৰ। অৰ্থাৎ অসমত বিগত ২০১৫-১৬ চনৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৯টা বছৰত মুঠ কৃষিভূমিৰ পৰিমাণ ৪২,৭১৫ হেক্টৰলৈ হ্রাস পায়। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্যখনত যি কৃষিভূমি আছে সেই ভূমিৰ মাত্র সামান্য অংশতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। 


তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ ৫,০২,৮৫৩ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। একেদৰে অসমত এবাৰ আৰু দুবাৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ যথাক্রমে ১৪,২৯,৭৮০ হেক্টৰ আৰু ১৩,২৮,৯৭৭ হেক্টৰ। যাৰ ফলত খেতি কৰিবলৈ ওলাই আহি সমস্যাত পৰিছে ৰাজ্যৰ কৃষকসকল। মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে প্ৰতি বছৰে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰাৰ নামত কোটি কোটি টকা ব্যয় কৰে। কিন্তু এনেদৰে ধন ব্যয় কৰাৰ পাছতো যদি প্ৰতি বছৰে কৃষিভূমিৰ পৰিমাণ হ্রাস পাই তেনেহ'লে ৰাজ্যত অনাগত দিনত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ