ডিজিটেল ডেস্ক: এয়া কোনো চমৎকাৰতকৈ কম নহয়। মাত্ৰ ২ কোটি টকা বাজেটত নিৰ্মিত ছবি ‘হনুমান অংশ’ই বক্স অফিচত ইতিহাস সৃষ্টি কৰিছে। নিম কৰৌলী বাবাৰ জীৱন আৰু মহিমাৰ ওপৰত আধাৰিত এই ছবিখনৰ উপাৰ্জন দেখি বিশ্ব আচৰিত হৈ পৰিছে। কম বাজেটৰ এই ছবিখনে সাপ্তাহিক ছুটিত ধুমুহাৰ দৰে সংগ্ৰহ কৰি বক্স অফিচত ২৫০ কোটি টকা উপাৰ্জনৰ সীমা অতিক্ৰম কৰিছে। দৰ্শকৰ মাজত ছবিখনক লৈ প্ৰচণ্ড উন্মাদনা দেখা গৈছে।
‘হনুমান অংশ’ৰ দেওবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক তথ্য পোহৰলৈ আহিছে। দেওবাৰে ছবিখনে মুঠ ২২.৫০ কোটি টকা নেট সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে ভাৰতত ছবিখনৰ এতিয়ালৈকে মুঠ সংগ্ৰহ ২৫৩.৫৫ কোটি টকা হৈছেহি, আনহাতে মুঠ নেট সংগ্ৰহ ২১৪.৬৩ কোটি টকালৈ পাইছেগৈ।
বিদেশতো ছবিখনে ধাৰাবাহিকভাৱে উপাৰ্জন কৰি আছে। বিদেশত ছবিখনে ৩৮ দিনত ৫.০০ কোটি টকা উপাৰ্জন কৰিছে, যাৰ ফলত ইয়াৰ মুঠ অভাৰচিজ সংগ্ৰহ এতিয়ালৈকে ১৪.৫০ কোটি টকা পাইছেহি। ইয়াৰ লগে লগে ছবিখনৰ বিশ্বজোৰা সংগ্ৰহ ২৬৮.০৫ কোটি টকা হৈছেগৈ।
২ কোটি টকাৰ ছবিখনে ২৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এইটো প্ৰমাণ কৰি দিছে যে যদি ছবি আৰু কাহিনীত দম থাকে, তেন্তে কম বাজেটৰ ছবিয়ো সফলতাৰ শিখৰত উপনীত হ’ব পাৰে। ডাঙৰ ষ্টাৰকাষ্ট নোহোৱাকৈয়েও ছবিখনে সমগ্ৰ বিশ্বতে ইমান সমাদৰ লাভ কৰিছে, তাকে দেখি সকলো অবাক হৈ পৰিছে। নিম কৰৌলী বাবাৰ ওপৰত নিৰ্মিত ছবিখনৰ সৰলতা, কাহিনী আৰু ভজনে অনুৰাগীসকলৰ মন জিনিছে। ছবিখনৰ উপাৰ্জন কোনো চমৎকাৰতকৈ কম নহয় বুলি চৰ্চা আৰম্ভ হৈছে। এয়া যেন ছবিখনৰ ওপৰত প্ৰভু হনুমান আৰু নিম কৰৌলী বাবাৰে আশীৰ্বাদ।