ডিজিটেল ডেস্ক: মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্ৰশাসন, আমেৰিকা গৃহভূমি সুৰক্ষা বিভাগে দেশখনৰ প্ৰব্ৰজন নীতিৰ বিষয়ত এটা গুৰুত্বপূর্ণ শেহতীয়া পদক্ষেপ লৈছে। দেশখনত এইচ-১ ভিছাধাৰী বিদেশী কৰ্মচাৰীসকললৈ নতুনকৈ আঘাত হানিছে।
আমেৰিকাই প্ৰব্ৰজনকাৰীসকলৰ কৰ্মসংস্থাপনৰ অনুমতি-পত্ৰ নবীকৰণৰ আৱেদন প্রক্রিয়াধীন হৈ থকা অৱস্থাত স্বয়ংক্রিয়ভাৱে প্ৰদান কৰা ৫৪০ দিনৰ চাকৰিৰ সম্প্ৰসাৰণৰ নিয়মটো স্থায়ীভাৱে সমাপ্ত কৰিছে। এই নতুন নিয়মে আমেৰিকাত থকা বহুসংখ্যক বিদেশী কৰ্মচাৰী, বিশেষকৈ ভাৰতীয় পেছাদাৰী আৰু এইচ-১ বি ভিছাধাৰীসকলৰ পত্নী বা স্বামীসকলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব।
ব্লুমবার্গে প্রকাশ কৰা বাতৰি অনুসৰি, নবীকৰণৰ আৱেদন প্রক্রিয়া পর্যালোচনাধীন হৈ থকাৰ সময়তে এইচ-১ বি ভিছাধাৰীসকলক স্বয়ংক্রিয়ভাৱে প্রদান কৰা ৫৪০ দিনৰ কৰ্মসংস্থাপনৰ নিয়মটো আমেৰিকাই স্থায়ীভাৱে বাতিল কৰিছে।
উল্লেখযোগ্য যে এই নিয়মটো পূৰ্বৰ জ'বাইডেনৰ কৰ্তৃপক্ষই প্ৰৱৰ্তন কৰিছিল আমেৰিকাত কৰ্মৰত বিদেশী কৰ্মচাৰীৰ বাবে। এতিয়া এই নিয়মৰ ফলত বিশেষকৈ ভাৰতীয় পেছাদাৰীসকল প্ৰভাৱিত হ'ব।
উৎস: দৈনিক জনমভূমি