ডিজিটেল ডেস্ক: 'ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ' (ডব্লিউ ডব্লিউ এফ)ৰ শেহতীয়া 'লিভিং প্লেনেট ৰিপ'ৰ্ট ২০২৬' অনুসৰি, ১৯৭০ চনৰ পৰা ২০২২ চনলৈকে ৫২ বছৰৰ সময়ছোৱাত বিশ্বজুৰি পৰ্যবেক্ষণ কৰা বন্যপ্ৰাণীৰ সংখ্যা গড় হিচাপত ৭৩ শতাংশ হ্রাস পাইছে।
প্রতিবেদনখনৰ মতে, বন্যপ্ৰাণীৰ আটাইতকৈ হানি হৈছে মিঠা পানীৰ পৰিৱেশতন্ত্রত। মিঠা পানীৰ পৰিৱেশতন্ত্রত বন্যপ্রাণী ৮৫ শতাংশ হ্রাস পাইছে। ইয়াৰ পাছতে স্থলভাগত ৬৯ শতাংশ আৰু সামুদ্রিক পৰিৱেশতন্ত্ৰত ৫৯ শতাংশ বন্যপ্রাণীৰ সংখ্যা হ্রাস পাইছে।
প্রতিবেদনখনৰ মতে, বিশ্বজুৰি জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বাসস্থান ধ্বংস আৰু আক্ৰমণকাৰী প্ৰজাতিৰ বাবে বন্যপ্রাণীৰ সংখ্যা হ্রাস পাইছে। বিশ্বজুৰি বন্যপ্ৰাণীৰ ক্ষেত্ৰত সংকট দেখা দিলেও ভাৰতে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই উদ্বেগজনক পৰিস্থিতিৰ মাজতো ভাৰতে বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি দেখুৱাইছে। ভাৰতে বাঘ, এশিঙীয়া গঁড় আৰু গংগা-ব্ৰহ্মপুত্ৰ নদীৰ ডলফিনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰাত সফলতা অর্জন কৰিছে।
ইয়াৰ মাজতে বিশেষজ্ঞসকলে সকীয়াই দিছে যে ভাৰতৰ ৯টা স্তন্যপায়ী প্রজাতি বর্তমান 'চৰম বিপন্ন' তালিকাত আছে। উৎস: দৈনিক জনমভূমি