শিল্প মানে কেৱল ছবি অঁকা নহয়, সাহিত্য মানে অকল কবিতা লিখা নহয়...১
সমুদ্ৰ কাজল শইকীয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...
সাক্ষাৎগ্ৰহণ: মাধুৰ্য্য ফুকন
প্ৰথমে স্বাগতম জনাইছোঁ প্ৰাগ ডিজিটেলৰ আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠানলৈ।
আজি আমি এনে এগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈছোঁহি যিগৰাকী ব্যক্তি সাম্প্ৰতিক সময়ৰ শিল্প সাহিত্য তথা সাংস্কৃতিক জগতৰ এক অদ্বিতীয় ব্যক্তি। তেওঁ একাধাৰে কবি, সাংস্কৃতিক সমালোচক, গীতিকাৰ, উপন্যাসিক, চিত্ৰশিল্পী, চিত্ৰ নিৰ্মাতা। তেওঁৰ কৰ্ম তথা সাধনাৰ ক্ষেত্ৰখন বহল পৰিসৰৰ... তেওঁ হৈছে শ্ৰদ্ধাৰ সমুদ্ৰ কাজল শইকীয়া।
পলম নকৰি পোনে পোনে অনুষ্ঠানৰ মাজলৈ আহোঁ
প্ৰ: প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম শিল্পৰ জগতখনলৈ বা সাহিত্যৰ জগতখনলৈ আপোনাৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল?
উ: বিশেষ নতুন কথা আচলতে একো নাই, অসমৰ ভালেখিনি মানুহৰ যাত্ৰা একেদৰেই আৰম্ভ হয়। কাৰণ আমি সৰুৰে পৰাই সাংস্কৃতিক পৰিৱেশ এটা পাইছোঁ আৰু মোৰ সেই পৰিৱেশটো ঘৰতেই পাইছিলোঁ। আমাৰ দেউতাই নাটক লিখিছিল। ভাওনা-নাটক এইখিনি ঘৰতেই পাইছোঁ। গতিকে কবিতা বা বাকীখিনি পিছতহে।চিত্ৰশিল্পৰ মাজলৈ মই ঘটনাক্ৰমেহে সোমালো, আৰম্ভণি হৈছিল নাটকৰ জৰিয়তে। পঞ্চমমানত থাকোঁতেই একাংকিকা নাটক লিখিছিলোঁ আৰু তেতিয়া এনেকুৱা এটা উচ্ছ্বাস আছিল যে সমনীয়াখিনিক লৈ নাটকৰ দল লৈ প্ৰতিযোগিতাবোৰলৈ যাওঁ আৰু নাটকটো হৈছে অল ইনক্লুচিভ(all inclusive), সকলো বস্তুৱেই তাত আছে।লিখাৰ পৰা আৰম্ভ কৰি যেতিয়া পৰিচালনালৈকে যাওঁ আৰু যিহেতু ই এটা খুব কালক্টিভ ফ'ৰম (collective form) গতিকে নাটকৰ সৈতে জড়িত মানুহে শিল্পৰ বাকী দিশবিলাকৰ লগত জড়িত হৈয়ে যায়। আৰু মোৰ কেনেবাকৈ সেই অৰিয়েনটেচনটো (orientation) আছিল যে মই নাটক বা লিখা বা অভিনয়টোতে সীমাবদ্ধ নাছিলোঁ সেইটোৱে মোক পিছলৈ বহুখিনি সহায় কৰিলে।
প্ৰ: আপুনি যিহেতু বিশ্ব ভাৰতীত অধ্যয়ন কৰি আহিছে আপোনাৰ বিশ্ব ভাৰতীৰ যাত্ৰাৰ বিষয়ে ক'ব নেকি?
উ: বিশ্ব ভাৰতীলৈ যোৱাটো মোৰ কাৰণে এটা ঘটনা আছিল।আচলতে শান্তিনিকেতন মানে কি বা বিশ্ব ভাৰতী মানে কি তালৈ যোৱাৰ পাছতহে বুজি পাইছোঁ। ভাৰতৰ পশ্চিমবংগত অৱস্থিত এই বিশ্ববিদ্যালয়খন ১৯২১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। তাত গৈ মোৰ ডাঙৰ লাভ হ'ল, আৰম্ভণিতে কৈ আহিছোঁ যে বিশেষ এটা ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ প্ৰয়াসটো নাছিলে, একে সময়তে ইটোও ভাল লাগে, সিটোও ভাল লাগে খুব কনফিউজড (confused) এটা অৱস্থাত আছিলোঁ। যিটোৱেই কৰিবলৈ যাওঁ সেইটোৱেই ভাল লাগে। গতিকে শান্তি নিকেতনত সেই পৰিৱেশটো খুব ধুনীয়া, সকলো বস্তুৰে সমিলমিল পৰিৱেশ আৰু ৰবীন্দ্ৰনাথে সেইটোৱেই বিচাৰিছিল। শিল্পৰ মাজেদি wholesome experience এটা কেনেকৈ হ'ব পাৰে। শিল্প মানে কেৱল ছবি অঁকা নহয়, কবিতা মানে অকল কবিতা এটা লিখা নহয়। তাৰ লগতে ওচৰৰ যিখিনি চান্থাল আৰু চাওঁতালি মানুহ আছে, সেই গাঁওবোৰতো ফুৰিবলৈ যাওঁ আৰু তাতো বাৰটা মাহত তেৰটা উৎসৱ ধৰণৰ। শান্তিনিকেতনত ৰবীন্দ্ৰনাথে নিজাকৈ উৎসৱ কিছুমান তৈয়াৰ কৰিছিল। ইয়াৰ ভিতৰত অন্যতম আছিল বৃক্ষৰোপণ আৰু হলকৰ্ষণ, যিবিলাক প্ৰকৃতিৰ লগত সংপৃক্ত। ৰবীন্দ্ৰনাথৰ প্ৰায় দুহাজাৰ গানৰ এহাজৰ গানেই ডাৱৰ-বৰষুণ এইখিনিক লৈ।গতিকে জনজীৱনৰ লগত সংপৃক্ত এই উৎসৱ বিলাকৰ মাজেদি আমি শিকিছোঁ।তাত শ্ৰেণীকোঠা নায়েই। গছৰ তলতেই পাঠদান হৈছিল।তাত কোনো বাধ্যবাধকতা নাই।
ৰবীন্দ্ৰনাথৰ মতে আবদ্ধ কোঠাত শিক্ষা হ'ব নোৱাৰে। তেওঁ গোটেই জীৱন স্কুলত নপঢ়িলেই। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিয়ে যেতিয়া স্কুলৰ কথা বা শিক্ষাৰ কথা ভাবিব তেওঁ নিশ্চিয়কৈ বিকল্প পথ বিচাৰিব। তেওঁ ভাবিলে যে শিক্ষা যদি হ'ব লাগে জীৱনৰ লগত, সমাজৰ লগত জড়িত, প্ৰকৃতিৰ লগত জড়িত কিবা এটা হ'ব লাগে। সেইটোৱে মোক বেলেগ ধৰণে সমৃদ্ধ কৰিলে।অন্য বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা আৰু শান্তি নিকেতনৰ পৰা ডিগ্ৰী লাভ কৰা মাজত পাৰ্থক্য আছে। এটো এটা জীৱন, এটা ফিল'চফি।
পৰৱৰ্তী খণ্ড...
Leave A Comment