শিল্প মানে কেৱল ছবি অঁকা নহয়, সাহিত্য মানে অকল কবিতা লিখা নহয়...২
সমুদ্ৰ কাজল শইকীয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...
সাক্ষাৎগ্ৰহণ: মাধুৰ্য্য ফুকন
প্ৰ: সাম্প্ৰতিক সময়ত কবিতা কোনটো স্তৰত আছে বুলি আপুনি ক'ব খোজে? কবিতাই প্ৰগতিশীলতাৰ উপাদানসমূহক সামৰি লৈ আগবাঢ়িব পাৰিছে নে বা আজিৰ কবিসকলে প্ৰগতিশীল উপাদান কবিতালৈ অনাত সফল হৈছে বুলি ভাবেনে?
উ: এই সময়ত কবিতাক লৈ মই খুবেই আশাবাদী। কাৰণ কবিতাক লৈ আমি বহু যুগ ধৰি বহু অভিযোগ কৰিলোঁ। যে অসমীয়া কবিতাই অমুকটো কৰিব পৰা নাই তমুকটো কৰিব পৰা নাই। আচলতে নতুন প্ৰজন্মৰ কেইজনমান লেখক আছে তেওঁলোক আগবাঢ়ি আহিছে আৰু ছ'চিয়েল মিডিয়াত আৰম্ভণিতে মানুহে অলপ ভয়েৰে চাইছিলে। নতুন প্ৰযুক্তি এটা আহিলে ভয় এটা থাকে মানুহৰ। কিন্তু মই সেইটো খুব ইতিবাচক হিচাপে চাওঁ। ইণ্টাৰনেটৰ প্ৰসাৰৰ ফলত ইউনিক'ডত লিখিবলৈ আৰম্ভ কৰি যি চৰ্চাৰ গতি বঢ়ালে আৰু দ্ৰুতগতিত মানুহৰ কাষ চপাটো সম্ভৱ পৰিল। ইয়াৰ আগৰৰ সময়ছোৱাত এই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আছিল।সমস্যা বহুত আছিল। যি কৰ্তৃপক্ষ আছিল তথা সম্পাদনা কক্ষত আছে, যিসকলে গোটেই পৰিৱেশটো ধৰি ৰাখে। তেওঁলোকৰ যোগাযোগৰ মাধ্যমখিনি খুব স্পষ্ট নাছিল। কিন্তু এতিয়া আমি কালৈকো বাট চাব নালাগে। অৱশ্যে এটা ভয় আছিলে সম্পাদক নাথাকিলে কি হ'ব? কিন্তু কথাটো সেইটো নহয়, আচলতে পাঠক নিজেই সম্পাদক। পাঠকৰ এটা মনস্তত্ত্ব আছে তেওঁলোকে জানে কোনটো ভাল, কোনটো বেয়া। ইয়াৰ ফলত এখন মুকলি মঞ্চ(liberal space) সৃষ্টি হ'ল। বহুখিনি মানুহ ওলাই আহিল, বহু পৰীক্ষা-নিৰীক্ষাও চলিছে বিভিন্ন ধৰণৰ। যিটো আমি ভবা নাছিলোঁ অসমীয়া কবিতাই এইটো কৰিব পাৰিব। এটাই কথা যে আমি অভিযোগটো বেছিকৈ কৰোঁ। আৰু সমালোচনাটো বেলেগ বস্তু, সমালোচনা দৰকাৰী।অভিযোগে একো সহায় নকৰে সমালোচনাইহে সহায় কৰে।সমালোচনাৰ আঁতধৰিয়েই উত্তৰণটো সম্ভৱ। সমালোচনা নহ'লে নহ'ব, সমালোচনা লাগিবই। কাৰণ সমালোচনাও এটা চৰ্চা। এতিয়া আমাৰ সমালোচনা মানে এটা খুব ভুল ধাৰণা আছে, সমালোচনা মানে কাৰোবাক নিন্দা কৰা বা বেয়াটো খুচৰা বুলি ভাবে।
সমালোচনা মানে কি? সমআলোচনা তাত ভাল-বেয়া দুটাই থাকিব। এটা শব্দ আছে practice আৰু এটা শব্দ আছে praxis। ই হৈছে practice of theory। সমালোচনা এটা কৰিছোঁ, সমালোচনাটোৱে মোৰ প্ৰেক্টিছ। এইটো নহয় যে কবিতা লিখিব নাজানে, সেয়ে সমালোচনাত ধৰিছে। সমালোচনা নিজেও এক চৰ্চা। কবিতাটো যিমান জৰুৰী সমালোচনা সিমানেই জৰুৰী। কাৰণ সমালোচকজনে কবিতাটো যিদৰে বিশ্লেষণ কৰে। তাৰ গুহাৰ্থ উলিয়াবৰ কাৰণে যিমানখিনি কচৰৎ কৰে সেইটো কোনোপধ্যেই নুই কৰিব নোৱাৰি। গতিকে অভিযোগতে নাথাকি যদি সমালোচনা দিশটোত অধিক গুৰুত্ব দিয়ে তেন্তে নিশ্চিতভাৱে ভাল হ'ব।
এটা ভাল কথা হৈছে যে এইবাৰ কবিতাৰ সংকলনে সাহিত্য অকাডেমি লাভ কৰিছে। কিন্তু ইয়ৰ পূৰ্বে যিকেইখন গ্ৰন্থই অকাডেমি লাভ কৰিছিল প্ৰায়খিনি গল্প-উপন্যাস আদি সৃষ্টিশীল দিশটোৱে স্বীকৃতি লাভ কৰি আহিছে। প্ৰবন্ধ সংকলনে দীৰ্ঘ সময় ধৰি এই স্বীকৃতি লাভ কৰা নাই।
গ্ৰন্থমেলাতো প্ৰবন্ধৰ কিতাপ বিক্ৰীও নাই, প্ৰকাশো নাই, খুব কমসংখ্যক প্ৰকাশ হৈছে আৰু যিকেইখন প্ৰকাশ হৈছে সেইকেইখনো curated অৰ্থাৎ পদ্ধতিগত নহয়। বিভিন্ন সময়ত লিখা প্ৰবন্ধসমূহ গোটাই প্ৰকাশক পোৱাত প্ৰকাশ কৰি উলিয়াইছে। তাত যে এটা চিন্তন লাগে, পদ্ধতি লাগে সেইটো পাবলৈ নাই। সেয়ে বাৰম্বাৰ কৈ আহিছোঁ যে কাম বহুত হৈছে চাবলৈ শিকা নাই। আচলতে পূৰ্বসূৰীৰ মানুহখিনিয়ে আমাক অলপমান হাতটো ধৰাই নিদিলে সেয়ে আমি অলপ উৱাদিহ নোপোৱাৰ দৰে হৈছোঁ। বিভিন্ন দিশত কিন্তু কাম নোহোৱা অভিযোগটো গ্ৰহণযোগ্য নহয়।
পৰৱৰ্তী খণ্ড...
Leave A Comment