শিল্প মানে কেৱল ছবি অঁকা নহয়, সাহিত্য মানে অকল কবিতা লিখা নহয়...৩
সমুদ্ৰ কাজল শইকীয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...
সাক্ষাৎগ্ৰহণ: মাধুৰ্য্য ফুকন
প্ৰ: সমালোচনাৰ কথা ওলাওঁতেই আৰু এটা কথা মনলৈ আহিছে অসমীয়া সাহিত্যত সাহিত্যৰ ক্ষেত্ৰত সমালোচনাৰ দিশটো বহুত পিছপৰি আছে নেকি? বিশেষকৈ কাব্যৰ সমালোচনাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে? আপুনি কি ভাবে?
উ: হয়, পিছপৰি আছে আৰু দুটা কথা কাম নোহোৱা নহয় আৰু একেটা কথাই যে আমি অভিযোগ কৰি থাকোঁতেই গ’ল। কিন্তু সমালোচনাৰ এক পদ্ধতিগত দিশ আছে। সমালোচনা মানে কবিতা এটা চাবজেক্টিভ হ’ব পাৰে। তাতো এটা পদ্ধতি থাকে। কিন্তু সমালোচনাৰ ক্ষেত্ৰত পদ্ধতিটো আৰু জৰুৰী। মোৰ বেয়া লাগিছে কাৰণে বেয়া বা মোৰ ভাল লাগিছে কাৰণে ভাল সেইটো নহয়। তাৰ কিছুমান দিশ আছে আমি এই বিষয়ে বিভিন্নজনৰ লগত কথা পাতিছো। নতুন চামৰ লগত বিভিন্ন ধৰণৰ কৰ্মশালাৰ যোগেদি আলোচনা কৰিছোঁ। সমালোচনাৰ কিছুমান এষ্টাব্লিচ পদ্ধতি আছে। যেনে-মাৰ্ক্সিছ ফিলচফি, ফেমিনিষ্ট দিচকৰ্চ, পষ্টমডাৰ্নইজিম, ফৰ্মেলিজিম আদি। গতিকে পদ্ধতিগতভাৱে সমালোচনা সিমান হোৱা নাই। যিখিনি হৈ আছে সেইখিনি বিষয়গত, সকলোৱে ব্যক্তিগতভাৱে কৰি আছে। সকলোৱে এটা বিশেষ মতবাদ বা মতাদৰ্শৰ সৈতে সংপৃক্ত হৈ যদি কাম নকৰে, সি এটা মোভমেণ্টৰ সৃষ্টি নকৰে। যেতিয়া মোভমেণ্টৰ নকৰে তাক আমি ইতিহাসত লিখিব নোৱাৰিম। ৫০ৰ দশকত নতুন কবিতা বুলি এটা সম্পাদনা উলিয়াইছিলে মহেন্দ্ৰ বৰাই। তেখেতে সেই নতুন কবিতাৰ সময়তে আচলতে এতিয়া আমি যিখিনি কবিক জানো তেওঁলোক তেতিয়াই এষ্টাব্লিচ কৰাইছিলে। তাৰ পাছতে তেনেকুৱা লেখত ল'বলগীয়া লেণ্ডমাৰ্ক এতিয়ালৈকে নাই। ৫০ বছৰতকৈ বেছি হ'লগৈ কিন্তু এতিয়ালৈকে তেনে কোনো লেণ্ডমাৰ্ক নাই।সেই কিতাপখনৰ পাতনিটো বহুত জৰুৰী অসমীয়া কবিতাৰ ক্ষেত্ৰত দৰকাৰী। তেনেকুৱা এটা লেণ্ডমাৰ্ক কাম নাই, যিটোৰ ওপৰত ভিত্তি কৰি আমি এটা যুগ বিভাজন কৰিব পাৰো।এতিয়াও আমি অসমীয়া কবিতাৰ যুগ বিভাজন কৰো যে ৰামধেনু যুগ বুলি কওঁ, জোনাকী যুগ কওঁ ।
আৰু এতিয়া নতুন কবি বুলি ক'লে যিমানখিনি আলোচনাত দেখো সনন্ত, সমীৰতে শেষ হয়।জীৱন নৰহক নতুন কবি বুলি এতিয়াও আলোচনা কৰি আছে আৰু কেইদিনমান আছে দেখোন ঢুকাবই। মোৰে বয়স ৪০ বছৰ পাৰ হ’ল ধৰা এতিয়া মোক ইৰ্মাজিং কবি বুলিয়ে ক'ব। এতিয়া যিসকলে কলেজত পঢ়ি আছে সেইসকলক কেতিয়া স্বীকৃতি দিম।
জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম নাটক যেতিয়া লিখিছিল তেওঁৰ বয়স আছিল তেৰ বছৰ গতিকে আজিৰ তাৰিখত সেই বয়সত কোনোবাই লিখিলে দলিয়াই পেলাব। আজিৰ দিনত স্বীকৃতি পাবলৈ নূন্যতম ৫০ পাৰ হ’ব লাগিব তেতিয়াহে নতুন কবি হিচাপে খ্যা তি পাব। গতিকে আমি যিমানেই কৈ আছো যে কাম হৈছে, আজিকালি স্বীকৃতি পাবলৈ সহজ, আজিকালি ৰিলৰ জামানাত, তুমি ভিডিঅ' এটা বনাই চৰ্কোলেট কৰি দিলা অভাৰনাইট তুমি পপুলাৰ হৈ গ’লা সেইটো কথা নহয়, এতিয়া কথাটো ওলোটা হৈছে। প্ৰকৃত যিটো স্বীকৃতি সেইটো পাবলৈ বেছি কঠিন হৈ গৈছে।
গতিকে সেইটো আমি কনচিয়াছলি ভাবিব লাগে আৰু সেই কাৰণে সমালোচনাটো জৰুৰী। গদ্য্ৰ চৰ্চা ভালকৈ কৰাটো খুব জৰুৰী। আনকি কবিসকলেও লাগে কাৰণ যাৰ গদ্যইৰ বোধশক্তি থকাটো ভাল। যাৰ সেই বোধশক্তি আছে তেওঁলোকে কবিতাও ভাল লিখে। মোৰ প্ৰিয় লেখকসকলৰ ভিতৰত যদি চাওঁ গানৰ ক্ষেত্ৰত বা কবিতাৰ ক্ষেত্ৰত গুলজাৰ তেওঁক ভাললগাৰ কাৰণটো হ'ল যে কবিতাৰ মাজতো গদ্য ধৰ্মিতা আছে। ভূপেন হাজৰিকা এই গানবোৰ আচলতে গদ্যআ। তেওঁ কথাবোৰ যিদৰে কয়, ক'ত গ’ল কি কৰিলে ডায়েৰি নিচিনা, গদ্যআ, সেইবোৰ প্ৰবন্ধৰ দৰে।মহাবাহু ব্ৰহ্মপুত্ৰত তেওঁ পঞ্চতীৰ, টেগ বাহাদুৰ কথা কৈছে, বাৰভূঞা আহিলে সেইখিনি কথা কৈছে। সেইখিনিটো ৰিছাৰ্চ পেপাৰ, সেইখন যদি তেওঁ পেপাৰ হিচাপ ইউনিভাৰ্চিটিত দিয়ে তেতিয়া সেইখন গৱেষণা পত্ৰ হিচাপে গ্ৰাহ্য হ’ব।
প্ৰ: আজিৰ দিনত বোধহয় আটাইতকৈ বেছি কাব্য গ্ৰন্থই প্ৰকাশ হোৱা পৰিলক্ষিত হয়।আৰু ইয়াৰে অধিকাংশই প্ৰেম, ব্যক্তিগত হা-হুমুনিয়াহেৰে ভৰা ৰোমান্টিকতাৰ দলিল বুলি ক'লেও বঢ়াই কোৱা নহ’ব। কিজানি, সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিস্থিতি প্ৰেম, ব্যক্তিগত হা-হুমুনিয়াহেৰে ভৰা কবিতাই যুগৰ সাম্প্ৰতিক ধাৰাটোক প্ৰতিনিধিত্ব কৰিব পাৰে বুলি ভাবেনে? একে প্ৰসংগতে কবিতাৰ এই দায়িত্ব থাকে নে নাথাকে? যদি নাথাকে তেন্তে কবিতাৰ উদ্দেশ্য কি বুলি ভাবে?
উ: কবিতা আটাইতকৈ কঠিন শিল্প কাৰণ, প্ৰবন্ধ এটাতো গাঁথনি থাকিব। তথাপি কোনোবা এটা পেৰেগাফ অপ্ৰাসংগিক যদিও তাৰ যিটো গুৰুত্ব বা প্ৰাসংগিকতাটো হেৰাই নাযায়। লেখাটো বেয়া হ’লেও তুমি যিটো ক’ব বিচাৰিছা তাৰ মুল্য টো থকিবই। কিন্তু কবিতাৰ ক্ষেত্ৰত কি হয়, তুমি এটা বাক্যাও বেছিকৈ লিখিব নোৱাৰা। কবিতাৰ গঠনটো আটিল হ’বই লাগিব। কাৰণ কবিতাৰ কথাটোৱে হৈছে মনৰ ভাবত বিভিন্ন কথা আছে, কিন্তু তুমি কিমান আটিল কৰি লিখিব পাৰিছা, কম কথাত কিমান বেছি কথা লিখিব পাৰিছা। কিন্তু ঘটনাক্ৰমে কি ঘটিল বেছিভাগ লেখকে ভাবে কবিতাটো সহজতে হয়, সময় কম লাগে। সেই ধাৰণাতে যে দুটা বাক্যৰটো কবিতা এটা হ’ব পাৰে। সেয়ে অসমীয়া কবিতা সংখ্যাত বহুত আছে।
অসমীয়া কবিতাত ছন্দ নালাগে বুলি থকা ধাৰণাটো ভুল। বাঙালী কবিতাত এতিয়াও ছন্দ আছে, হিন্দীতো আছে গোটেই বিশ্বতে এতিয়াও ছন্দ আছে, অসমীয়াৰ বাহিৰে! যদি ছন্দ মিলাই কিবা এটা লিখা সেইটো সৰু ল'ৰা বাবে লিখা বুলি ভাবিব। হয়, সেইটো ধেমেলীয়া হ’ব লাগিব, নহয় ব্যংগাত্মক হ’ব লাগিব। কাৰণ বহু মানুহে অন্ত্যমিলকে ছন্দ বুলি ভাবে। ছন্দ বুলি ক’লে তাত শব্দাংশৰ কথা আহিব। শব্দ গণনা(word counting) হ’ব। আচলতে কবিতা হৈছে অংক (mathematics)। সেইটো কাৰণে প্ৰথমতে কৈছো সকলো দিশ চাব পৰা পৰিৱেশ এটা লাগিছিল। কবিতা এটা নিৰ্মাণ কৰা বস্তু নিৰ্মাণ কৰিবলৈ স্থিতি লাগিব। তোমাৰ এটা পলিটিকেল চিন্তাধাৰাও থাকিব লাগিব। কিহৰ আধাৰত সেই বস্তুটো বৰ্তি আছে সেই আধাৰটো লাগিব। যদি মোৰ সেই আধাৰেই নাই, তেতিয়া কবিতাৰ মানটো অৱনমিত হ’বই।
ধৰি লৈছো যে কবি বা শিল্পীৰ সামাজিক দায়বদ্ধতা? ইমান গুৰুত্বপূৰ্ণ আলোচনা এইটো কিন্তু আমি চালে-বেৰে কোবাই সেইটো আলোচনা কৰোঁতে কৰোঁতে এতিয়া তিতা-কেঁহা যেন লগা হৈছে। এতিয়া কথাটো হ’ল যে এজন চবজিৱালাৰ সামাজিক দায়বদ্ধতা নাই নেকি? এজন ৰিক্সাচালকৰ নাই নেকি? ডাক্তৰৰ নাই নেকি? কেৱল শিল্পীৰ কথাকে কিয় পাতি আছো। গতিকে আমি যিহেতু মানুহ, সামাজিক জীৱ, গতিকে মানুহক সেইটো লাগিব শিল্পৰ ক্ষেত্ৰটো সেইটোৱে হ’ব। শিল্পত যিহেতু মানুহৰ ভাবৰ কথা কয় বা সি ভাষাটোক লৈ খেলে গতিকে তাৰ দায়িত্বটো অলপ বেছি স্পষ্টকৈ দেখা যায়। কথাটো এনেকুৱা যে এইটো প্ৰশ্ন নহয়েই। কবি এজন মানুহ, মানুহ এটা সমাজিক জীৱ, গতিকে তেওঁ যি কাম কৰে তাত সমাজৰ অনুসংগটো থাকিবই। ইয়াত দুটা কথা আহিব পাৰে যে তুমি কনচিয়াছ নে আনকনচিয়াছ। তুমি আনকনচিয়াছ বুলি নিজেহে ভাবিচা চাবকনচিয়াছত কি আছে! কথাটো তেনে ধৰণৰ...।
প্ৰ: আপুনি কলা কলাৰ বাবে নে মানুহৰ বাবে বুলি বিশ্বাস কৰে? যদি কলা কলাৰ বাবে বুলি বিশ্বাস কৰে তেন্তে শিল্পী সাহিত্যিক সামাজিকভাৱে দায়বদ্ধ নহয় বুলি ভাবে নেকি? একে প্ৰসংগতে যদি কলা মানুহৰ বাবে তেন্তে মানুহৰ বাবে সামাজিক উদ্দেশ্যত নিৰ্মিত সকলো শিল্পতে কলা থাকেনে? মানুহৰ বাবে বুলি কলাহীন সৃষ্টিকো উচ্চ পৰ্যায়ৰ কাম হিচাপে গণ্য কৰা হয় নেকি?
উ: মই তোমাক ওলোতাই প্ৰশ্ন এটা কৰো, ধৰি লৈছো কলা মানুহৰ বাবে নহয়, কলা কলাৰ বাবে। কলাটো কি বস্তু? শিল্প ছবি এখনেই হওঁক বা কবিতাই হওঁক মই কবিতা লিখা সময়ত ভাবিম যে কোনোবাই পঢ়ক আৰু সেইটোক spectator বুলি কয় অৰ্থাৎ যিজন পাঠক। মই কবিতা লিখিলো প্ৰকাশ নাই কৰা মোৰ কৰিবলৈ মন নাই। লিখাৰ পাছত মই নিজেওটো এজন পাঠক। মই এজন মানুহ, মই নিজৰ কাৰণে লিখিলেও মই এজন মানুহৰ কাৰণে লিখিছো আৰু যদি পাঠকৰ বাবে লিখিছো তেতিয়া কথাষাৰ আৰু জলজল-পটপট। মানুহ লাগিবই গতিকে কলাৰ বাবে কলা বুলি কোনো বস্তু নাই। ইয়াক আমি মানুহে উলিয়াইছো কলা বুলিছো বা বেলেগ বুলিছো সেইবোৰ হৈছে মানুহে উলিওৱা ভাষাৰ খেল। কিন্তু সি এভৰিৰে থিয়দি থাকিব নোৱাৰে এফালে কলা থাকিলে আনটো ভৰিত মানুহ থকিবই লাগিব। মানে এঠেঙীয়া বগলীৰ দৰে থিয়হৈ থাকিব নোৱাৰে, দুটা ঠেং দুফালে থাকিবই লাগিব।
প্ৰ:আপুনি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এই সম্পৰ্কত অলপমান আলোকপাত কৰিব নেকি ?
উ: আচলতে মই এখন এনিমেচন চিনেমাৰ কাম কৰি আছো। এতিয়া তৃতীয়টো সংস্কৰণৰ (থাৰ্ড চিকুৱেল)ৰ কাম চলি আছে। এলেন আৰু ক্ৰিষ্টিনা নামৰ দুটা চৰিত্ৰ সেই দুটা চৰিত্ৰৰ মাজৰ সম্পৰ্কক লৈ চিনেমাখন। গোটেইখনেই হৈছে চাইন্স ফিকচন(science fiction)। মানুহৰ যিবিলাক সম্পৰ্ক তথা নিৰ্জীৱ বস্তুৰ লগত জীৱিত মানুহ এজনৰ মাজত সম্পৰ্কটো কেনেকুৱা হ’ব পাৰে আৰু তাৰ ভৱিষ্যতটো কি? গতিকে ফিউচাৰ টেকন’লজি মানৱীয় সম্পৰ্কখিনিৰ সৈতে কেনেকৈ প্ৰভাৱিত হ’ব। মানৱীয় সম্পৰ্ক আৰু ভৱিষ্যিৎ প্ৰযুক্তিৰ লগত এটা পৰীক্ষামূলক কাম।
প্ৰ: শেহতীয়াকৈ সামাজিক মাধ্যমত অপুনি ’অসমত কবীৰ চৰ্চা’ শীৰ্ষক এক অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে এই সন্দৰ্ভত আলোকপাত কৰিব নেকি?
উ:- মধ্য যুগত বিভিন্ন চিন্তা-চৰ্চাৰ উন্মেষ চলিছিলে আৰু সেই চিন্তা-চৰ্চাখিনি এই কাৰণেই গুৰুত্বপূৰ্ণ যে ৰজাঘৰীয়া বা আপাৰক্লাছ মানুহখিনিৰ পৰা তেওঁলোকে চিন্তা বস্তুটো জনসাধাৰণৰ মাজলৈ লৈ গৈছিলে। এটা কথা আছে নহয় 'ন’লেজ ইজ পাৱাৰ’ , যদি চিন্তাটোক তুমি বিলাই দিব পাৰিছা তেতিয়া হ’লে তুমি শক্তি বিলাব পাৰিছা। সেইক্ষেত্ৰত কবীৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কবীৰ চৰ্চা কৰিছে। মাৰাঠী সংগীতত বেলেগ ধৰণেৰে কৰিছে, ৰাজস্থানী, গুজৰাটীত বেলেগ ধৰণেৰে কৰিছে। পাকিস্তানত বেলেগ ধৰণেৰে কৰিছে, পঞ্জাবত বেলেগ ধৰণেৰে কৰিছে। কিছুমানত ছুফি ষ্টাইলত গাইছে, কোনোবাই হিন্দুস্তানী ক্লাচিকেলত গাইছে আৰু ফ’ক ষ্টাইলতো বিভিন্ন ধৰণেৰে গাইছে। সেয়াই নহয়, ভাৰতত যিমান ৰক বেণ্ড আছে তাৰে অগ্নী বুলি এটা বেণ্ড তেওঁলোকে কবীৰৰ গান গাই জনপ্ৰিয় হৈছে। আৰু এটা ইণ্ডিয়ান বেণ্ড আছে ইণ্ডিয়ান অচেনচ তেঁওলোকেও কবীৰৰ গান গাই। কথাটো হ'ল আজিৰ পৰা ৬০০ বছৰৰ আগৰ এজন ব্যক্তি আমাৰ এতিয়া শংকৰদেৱৰ নাম ল’বলৈ ভাবিবলগীয়া হয়। আকৌ অভিযোগ কৰিহে কওঁ জানে নে নাজানে! কিন্তু কবীৰ খুব জনপ্ৰিয়। গতিকে সময় কথাটো নহয়, কথাটো হ’ল তাৰ চিন্তাটো। আৰু কবীৰে যেনেকৈ কৈছে, হয়তো সেই একেখিনি কথা শংকৰদেৱেও কৈছে, কথাটো। কবীৰে কেনেকৈ কৈছে, যাৰ ফলত ইমাখিনি মানুহে আঁকোৱালি লৈছে।কাৰণত তাত এটা ৰিভলিউচনেৰি বস্তু আছে, কথাটো এনেকুৱা 'পত্থৰ পূজে হৰি মিলে, মেঁ পুজু পাহাৰ' তাৰ মানে শিল এটা পূজিলে যদি ভগৱানক পায়, তেন্তে মই পাহাৰটোক পূজা কৰিম। সেইটো এটা যদিও মানুহৰ কিছুমান ধাৰ্মিক ধাৰণা আছে। যেনে-ৰাম কবীৰ বুলি এটা ধাৰণা আছে। তেওঁলোকে কবীৰক হিন্দু কৰিব খুজিছিলে। এটা শ্ৰেণী আছে যিবোৰে কবীৰক মুছলিম কৰিব খোজে, কবীৰে ইয়াৰ বিৰুদ্ধে তেতিয়াই যুঁজ কৰি গৈছে। তেওঁ ধৰ্মৰ মাজত থকা বস্তু এটা নহয়, বৰঞ্চ ব্যাক্তিৰ যিটো চিন্তাৰ ক্ষমতা তাক কেনেকৈ উন্মেষ কৰিব পাৰি সেইটোক লৈ তেওঁ গুৰুত্ব প্ৰদান কৰিছে। তাৰ পাছত দেখিলো যে অসমত কিয় নাই? সেইটোৱে আচলতে বহুত কথাই উদঙাই দিয়ে। অসমত চিন্তাৰ পৰিৱেশটো আগৰ পৰাই নাছিল। যদিও শংকৰদেৱৰ কথা কৈ থাকো শংকৰদেৱ কিন্তু নামটোতে শেষ হৈ থাকে। আচলতে শংকৰদেৱে কৰিছিল কি, সেই কথা কোনেও নাপাতে বা আমি পাতিব নিবিচাৰো। শংকৰদেৱ আছিলে বুলি গদগদ হৈ বহি থাকোঁ।কিন্তু কবীৰৰ ক্ষেত্ৰত দেখিছো ৰাজস্থান, এম পিত কবীৰ যাত্ৰা বুলি এক যাত্ৰা তালৈ লাখৰ ঘৰত মানুহ আহে। সেই লাখৰ ঘৰত যে মানুহ আহে তাৰ ভিতৰত সেই সাধাৰণ শ্ৰেণীৰ মানুহ কোনোবাই দুবেলা-দুমুঠি খাবলৈ পাইছে, কোনোবাই নাই পোৱা, তেনেকুৱা মানুহো আহি কবীৰৰ কথা শুনে। আৰু সেইটো একমাত্ৰ কবীৰৰ চৰ্চাটোৰ বাবে আহে। কোনো জাতীয় আৱেগ লৈ নহয়। আমি এতিয়া শংকৰদেৱৰ নাম লওঁ জাতিৰ আৱেগৰ বাবে তেওঁৰ ফিলচফিটোলৈ কোনো নাযায়।
প্ৰ: নৱবৰ্ষত আপোনাৰ কিবা নতুন পৰিকল্পনা বা শেহতীয়া কৰ্মৰাজিৰ বিষয়ে জনাব নেকি? আজিৰ লিখক-পাঠকৰ বাবে কি বাৰ্তা দিব?
উ: বহুতখিনি কামেই হাতত আছে। এটা হৈছে-গানক লৈ, মাজে মাজে চৰ্চা কৰো আৰু মোৰ গানবোৰ হৈছে ফাংচনেল গান অৰ্থাৎ নাটকৰ বাবে কৰা হৈছে বা কেতিয়াবা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে গান কৰিবলগীয়া হৈছে। মই অফিচিয়েলি বা প্ৰফেচনেলি সংগীতৰ মানুহ নহয়। কিন্তু বিভিন্ন প্ৰয়োজনতহে কামখিনি কৰা হয়। নতুন গান কিছুমান আছে আৰু পুৰণা কিছুমান আছে সেই কামখিনিক লৈহে নতুনকৈ অলপ ভবা হৈছে আৰু তাৰো এটা কাৰণ আছে।
শেহতীয়াকে অসমীয়া কবিতাৰ ক্ষেত্ৰখন ভাল হৈছে।বহুতখিনি গল্পকাৰ ওলালে, উপন্যাংস ওলাইছে সাহিত্য ক্ষেত্ৰত ভাল হৈছে। নাটকৰ ক্ষেত্ৰটো খুব ধুনীয়া এক্সপেৰিমেণ্ট হৈছে। মঞ্চৰ পৰা আঁতৰি বেলেগ বেলেগ পৰিৱেশত নাটক হৈছে। লকডাউনৰ পাছত যোৱা দুটা বছৰ অসমীয়া চিনেমাৰ লেণ্ডমাৰ্ক হিচাপে পৰিগণিত হৈছে। সেইটো খুব ডাঙৰ কথা। এইটো লৈ এটা প্ৰবন্ধ লিখিম।
যিটো দিশত আমি একেবাৰে বেয়া সেইটো হৈছে অসমীয়া গান। অসমীয়া গান একেবাৰে বৰবাদ আৰু কোনেও নুশুনে। প্ৰত্যেক সপ্তাহে সপ্তাহে অসমীয়া গান প্ৰডিউচ কৰি আছে আৰু তেওঁলোকে কৈ আছে জনসাধাৰণে বিচাৰে কাৰণে তেনেকুৱা গান মুকলি কৰা হৈছে কিন্তু জনসাধাৰণে নিবিচাৰে তেওঁলোকে খুৱাই আছে খাই আছে।
তোমাৰ যিটো আশংকা আছিলে কবিতাত কিবা বেয়া হৈছে নেকি বা সমাজৰ পৰা বিচ্যুত হৈছে নেকি সেইটো আচলতে অভিযোগ গানৰ প্ৰতি হ’ব লাগে। অসমীয় গানতহে ফুল তৰা পখিলাৰ বাদে একো নাই। কেতিয়াবা কোনোবাই যদি সামাজিক কিবা এটা কৰিবলৈ ওলাইছে সেই এচথেটিকটো ইমানেই নিম্নমানৰ যে কেৱল মানুহৰ কথা ক’লেইটো নহ’ব। সেই কাৰণেই কবীৰ দৰকাৰ।
কবীৰ চৰ্চাটো উদ্দেশ্যপ্রণোদিত, কবীৰ চৰ্চাৰ নামত যিকেইটা দোহা প্ৰত্যেক সপ্তাহে মানুহৰ মাজলৈ মুকলি কৰি দিছোঁ, মানুহে ভাবক যে গানৰ মাজেদি কথা ক’ব পাৰি। আটাইতকৈ লাজৰ কথা এইখন দেশতেই ভূপেন হাজৰিকাৰ দৰে লোকৰ জন্ম হৈছিল। যিজন মানুহৰ সমকক্ষ গোটেই পৃথিৱীতেই নাই। গোটেই জীৱন গানৰ মাজেৰে তেওঁ কথকেই ক’লে। অথচ এতিয়া মানুহে গানৰ মাজেদি কথা ক’বলৈ মানুহে পাহৰিয়ে থাকিলে। সেই কাৰণেই চিন্তন এটা লাগে। গান এটা গাইছো আমি কাৰ বাবে গাইছো এই সময়ত তাৰ প্ৰাসংগিকতা কি সেইখিনি যদি এবাৰ থমকি লৈ নাভাবে। কেৱল চৰ্চাৰ কাৰণে চৰ্চা সি ক’লৈকো নিব নোৱাৰে সেইটো প্ৰথম কথা আৰু চৰ্চাৰ কৰাণে চৰ্চাই আগলৈ নিব নোৱাৰে, দক্ষতা বুলিও কথা এটা আছে। তোমালোকৰটো দক্ষতাও নাই, অসমীয়া গায়িকাসকলৰ মাত তেৰতেৰীয়া আৰু পুৰুষ কণ্ঠবিলাক গোটেইবিলাক জুবিনৰ অনুৰাগী সকলোৰে একেটাই মাত। কোনো আত্মনিষ্ঠা (subjectivity)বুলি বস্তু এটা নাই । নিজৰ পৰিচয়টোক লৈ ভবাই নাই তেনেদৰেটো কাম নহ’ব। সেয়ে গানৰ ওপৰত কাম কৰাৰ কথা ভাবিছো। গান প্ৰডিউচ কৰা বা একে নিশাতে গীতিকাৰ-সুৰকাৰ হৈ গ’লো, সেইটো মোৰ উদ্দেশ্য নহয়, মোৰ উদ্দেশ্য হৈছে গানক লৈ। যিহেতু গান আটাইতকৈ বেছি মানুহৰ মাজলৈ যায়।
একেসময়তে চিনেমা ভাল হৈছে। গান ভাল হোৱা নাই, লিখা-মেলা ভাল হৈছে, কিন্তু গান ভাল হোৱা নাই। সেইটো কেনেকৈ সম্ভৱ। ইয়াৰ অৰ্থ হৈছে যে ক’ৰবাত সামগ্ৰিকতাত সমস্যা আছে। তেনেদৰেই এখন সমাজ যদি সকলো দিশৰ পৰা টনকিয়াল হ’বলৈ হয় বা সমাজ এখন পাবলৈ হয় সমানে আগবাঢ়ি যাব লাগিব নহ’লে পংগু সমাজ এখনহে পাম।
শেষত সমাজলৈ এটাই অনুৰোধ কাম হৈছে-এবাৰ চকু মেলি চাওঁক। অভিযোগৰ সুৰটো এৰিব লাগে। অভিযোগ কৰি দিয়াৰ লগে লগে কথাটো ঋণাত্মক ফালে গুচি যায়।ঋণাত্মকভাৱে আৰম্ভ কৰিলে ঋণাত্মকে হৈ থাকে কথাখিনি। তাৰ ফলত কিবা ভাল হৈয়ো আছে যদি সেয়া চকুত নপৰে। সমালোচনা বেলেগ কথা যদি গোটেই সুৰটোৱে বা আধাৰটোৱে যদি অভিযোগ হয় তাৰ কোনো গতি নাই।
Leave A Comment