ডিজিটেল ডেস্ক : শেহতীয়া ১০ বছৰৰ ভিতৰত ভাৰতে ইয়াৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) দুগুণ কৰিবলৈ সক্ষম হৈছে। ২০১৫ চনত ভাৰতৰ জি ডি পি ২.১ ত্রিলিয়ন ডলাৰৰ পৰা ১০৫ শতাংশ বৃদ্ধি হৈ ২০২৫ বর্ষত ৪.৩ ত্রিলিয়ন ডলাৰ হৈছে।
আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) শেহতীয়াকৈ প্রকাশ কৰা তথ্যত এই কথা প্রকাশ পাইছে। আই এম এফৰ তথ্য অনুসৰি, আমেৰিকাৰ, চীন, জার্মানি আৰু জাপানৰ পাছত বিশ্বৰ বৃহৎ জি ডি পি থকা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত।
অতি সোনকালে জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ জি ডি পিৰ দেশ হিচাপে হোৱাৰ পথত অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে এই একেটা সময়ৰ ভিতৰতে আমেৰিকা আৰু চীনৰ জি ডি পি ক্রমে ৬৬ শতাংশ আৰু ৪৪ শতাংশ বিকাশ হৈছে। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম জি ডি পিৰ দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকা ৩০.৩ ত্ৰিলিয়ন ডালৰেৰে শীৰ্ষত থকাৰ বিপৰীতে চীনৰ জি ডি পি ১৯.৫ ত্রিলিয়ন ডলাৰ, জার্মানিৰ ৪.৯ ত্ৰিলিয়ন ডলাৰ আৰু জাপানৰ ৪.৪ ত্ৰিলিয়ন ডলাৰ জি ডি পি।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment