আঞ্চলিক
ডিজিটেল ডেস্ক: নতুন বৰ্ষৰ শুভক্ষণত আমি আপোনালোকৰ সমুখলৈ এনে এগৰাকী ব্যক্তিৰ বিষয়ে লৈ আহিছোঁ, যাৰ জীৱন পৰিক্ৰমা হৈ উঠিছে বহুজনৰ প্ৰেৰণাৰ বাট৷ সংগ্ৰাম আৰু ত্যাগৰ মাজেৰে বাট বুলা এই জীৱনে সম্প্ৰতি ৰোপণ কৰিছে পোহৰৰ বীজ৷ সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে সফলতাৰ ইতিহাস লিখা ব্যক্তিগৰাকীয়েই অসমৰ সমাজ-সাংস্কৃতিক জীৱনক কৰিছে সমৃদ্ধ, কৰিছে উজ্জীৱিত৷ অসমীয়া চিনেমাক নতুন গতিৰে উজ্জীৱিত কৰা এগৰাকী সফল উদ্যোগীৰ কথাৰে আমাৰ এই বিশেষ আলোকপাত-
ড° সঞ্জীৱ নাৰায়ণ৷ অসমবাসীৰ এটি চিনাকি নাম৷ পেছাত এগৰাকী উদ্যোগী তথা ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড° নাৰায়ণে এ.এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত অসমীয়া চিনেমাজগতলৈ কঢ়িয়াই আনিছে কেইবাটাও উল্লেখযোগ্য সন্মান৷ এ.এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ চিএমডি ড° সঞ্জীৱ নাৰায়ণে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতো অসমীয়া চিনেমাৰ বাবে নিজৰ সময় আৰু দক্ষতা উৎসৰ্গা কৰি আহিছে৷ তেখেতৰ এই উৎসৰ্গিত দৃষ্টিভংগীয়ে ঋদ্ধ কৰিছে অসমীয়া চিনেমাৰ বিৱৰ্তনৰ যাত্ৰাক৷
চিনেমাৰ বিষয়ে থকা তেওঁৰ জ্ঞান আৰু শ্ৰদ্ধাৰে তেওঁ এনে ছবি নিৰ্মাণ কৰিছে, যিয়ে অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকক আকৰ্ষিত কৰিছে৷ তেওঁৰ প্ৰযোজনাৰে নিৰ্মিত কেইবাখনো অসমীয়া চিনেমা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত আৰু প্ৰশংসিত হৈছে৷ অসমীয়া চিনেমাৰ মাইলৰ খুঁটিস্বৰূপ ব্ৰজেন বৰুৱা পৰিচালিত ‘ডক্টৰ বেজবৰুৱা’ৰ ছিকুৱেল ‘ডক্টৰ বেজবৰুৱা ২’ নিৰ্মাণৰ সিদ্ধান্ত ড° সঞ্জীৱ নাৰায়ণৰ এটি দূৰদৰ্শী সিদ্ধান্ত হিচাপে ইতিমধ্যে বিবেচিত হৈছে৷ সাংবাদিক ৰাজদ্বীপৰ কাহিনী আৰু যশস্বী অভিনেতা নিপন গোস্বামীৰ দ্বাৰা পৰিচালিত ‘ডক্টৰ বেজবৰুৱা ২’য়ে এতিয়া মুক্তিৰ ক্ষণ গণিছে৷ য’ত অভিনয় কৰিছে নিপন গোস্বামী, আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ গোস্বামী, কিংকিনি গোস্বামীকে ধৰি বহুজনে৷
শেহতীয়াকৈ, আন এখন যুগজয়ী অসমীয়া চিনেমা ‘চামেলি মেমচা’ব’ৰ ছিকুৱেল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড° সঞ্জীৱ নাৰায়ণে৷ ড° নাৰায়ণে সত্তৰ দশকত অসমীয়া চিনেমাক নতুন গতি দিয়া ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী, আব্দুল মজিদৰ দৰে মহান সংস্কৃতিপ্ৰাণসকলৰ উত্তৰাধিকাৰীসকলক তেনে চিনেমাৰ পুন:নিৰ্মাণৰ জৰিয়তে জীয়াই ৰাখিবলৈ কঠোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আব্দুল মজিদৰ ৯০সংখ্যক জন্ম জয়ন্তী উপলক্ষে গত বৰ্ষৰ ১৬ নৱেম্বৰত এ.এম. টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত ‘চামেলি মেমচা’ব’ৰ ছিকুৱেল অংশৰ পোষ্টাৰ মুকলি কৰা হয়। ইতিমধ্যে, কেইবাটাও বঁটা আৰু সন্মানেৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ড° সঞ্জীৱ নাৰায়ণে৷ ড° সঞ্জীৱ নাৰায়ণক তেওঁৰ চলচ্চিত্ৰ “ৱাটাৰ বেৰিয়েল”ৰ বাবে ২০২১ চনৰ পৰিৱেশ সংৰক্ষণৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে৷ সদ্যসমাপ্ত বছৰটোতো এ.এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত নাৰায়ণে চলচ্চিত্ৰৰ বাবে সন্মান লাভ কৰিছে।
এ.এম. টেলিভিছনৰ দ্বাৰা প্ৰযোজিত দুখন পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ এই বছৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছে৷ ইতিমধ্যে, ‘তুমি মালালা’ আৰু ‘দ্য কনচিকুৱেঞ্চ’য়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে। চিনেমা নিৰ্মাতা ৰূপক গগৈৰ দ্বাৰা পৰিচালিত আৰু ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে প্ৰযোজনা কৰা কলাত্মক চিনেমা ‘তুমি মালালা’ই এই বছৰ পাঁচখন আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত বঁটা লাভ কৰিছে৷ সাতটা মনোনয়নৰ ভিতৰত চলচ্চিত্ৰখনে বিভিন্ন প্লেটফৰ্মত পাঁচটা বঁটা লাভ কৰিছিল। ছবিখন এনআৰচিৰ দ্বাৰা অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰা হৈছে৷ বঁটাবিজয়ী এই চিনেমাখনে মহিলাৰ শিক্ষাৰ অধিকাৰ, আকাংক্ষা, লক্ষ্য আৰু জীৱন সংগ্ৰামৰ বাবে দুজন কিশোৰৰ সপোনক আলোকপাত কৰিছে।
মহোৎসৱত ড° সঞ্জীৱ নাৰায়ণ প্ৰযোজিত ‘দ্য কনচিকুৱেঞ্চ’ নামৰ আন এখন চিনেমাই কেইবাটাও বঁটা লাভ কৰিছিল। ‘দ্য কনচিকুৱেঞ্চ’য়ে পোৰ্ট ব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২১ আৰু ইণ্ডো ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২১ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰ পূৰ্বে ড° সঞ্জীৱ নাৰায়ণে প্ৰযোজনা কৰিছে আন কেইবাখনো কলাসন্মত তথা বাণিজ্যধৰ্মী অসমীয়া চিনেমা৷ কলাসন্মত ছবি ‘দুৱাৰ’, ‘চিঞৰ’, ‘দূৰদৰ্শন এটি যন্ত্ৰ’, ‘সীমা- দ্য আনট’ল্ড ষ্টৰী’ৰো প্ৰযোজনা কৰিছিল ড° নাৰায়ণে৷
এগৰাকী সফল উদ্যোগী হৈয়ো অসমীয়া চিনেমাৰ প্ৰেমত পৰা ড° সঞ্জীৱ নাৰায়ণৰ অসমীয়া চিনেমাৰ প্ৰতি থকা প্ৰেমে এতিয়া বহুতকে অনুপ্ৰাণিত কৰিছে৷ যি সময়ত ধনাঢ্য বহুজনে আত্মকেন্দ্ৰিক জীৱন যাপনেৰে সমাজৰ পৰা ক্ৰমশঃ আত্ম-বিচ্ছিন্ন হৈ গৈ আছে, যাৰ কোনো কিতাপ, গান, চিনেমাৰ প্ৰতি দায়বদ্ধতা নাই৷ তেনে সময়তে অসমীয়া চিনেমা, অসমৰ সমাজ জীৱনৰ প্ৰতি অনবদ্য বৰঙণি আগবঢ়াই যোৱা ড° সঞ্জীৱ নাৰায়ণ অসমৰ নতুন প্ৰজন্মৰ বাবে দৃষ্টান্ত আৰু অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব৷
Leave A Comment